--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুষ্কৃতিকাৰীৰ গুলীত আহত হৈছে উত্তৰ প্ৰদেশৰ দলিত নেতা তথা ভীম সেনাৰ মুৰব্বী চন্দ্ৰশেখৰ আজাদ ওৰফে ৰাৱন। বুধবাৰে বিয়লি ছাহাৰানপুৰত তেওঁৰ কনভয়ৰ ওপৰত গুলীচালনা কৰা হয়। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, চন্দ্ৰশেখৰক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে দুৰ্বৃত্তৰ একাংশই এখন বগা গাড়ীত আহিছিল। চন্দ্ৰশেখৰৰ গাড়ীত মুঠ চাৰিটা গুলীচালনা কৰে। এটা গুলী তেওঁৰ পিঠিত খুন্দা মাৰিলে। অৱশ্যে আৰক্ষীৰ সূত্ৰৰ মতে, আঘাত গুৰুতৰ নহয়। ছাহাৰানপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিপিন টোডাই কয় যে, অপৰাধীৰ সন্ধান অব্যাহত আছে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।

 উল্লেখ্য যে চন্দ্ৰশেখৰৰ দ্বাৰা গঠিত সামাজিক সংগঠন ভীম আৰ্মীয়ে যোৱা কেইবছৰমানৰ পৰা বিভিন্ন ৰাজ্যত দলিত আৰু পিছপৰা লোকৰ অধিকাৰৰ যুঁজত অংশ লৈছে। উত্তৰ ভাৰতত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনতো চন্দ্ৰশেখৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শ্বাহীনবাগ ৰেলীত যোগদান কৰি জেললৈ যায়। 

২০২০ চনৰ মাৰ্চ মাহত তেওঁ গঠন কৰিছিল ৰাজনৈতিক দল ‘আজাদ সমাজ পাৰ্টী’। যোৱা বছৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত গোৰখপুৰ (চিটি) সমষ্টিত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে চন্দ্ৰশেখৰ পৰাজিত হৈছিল। অনুগামীসকলৰ আগত তেওঁ নিজকে ‘ৰাৱন’ বুলি চিনাকি কৰাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি