--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুষ্কৃতিকাৰীৰ গুলীত আহত হৈছে উত্তৰ প্ৰদেশৰ দলিত নেতা তথা ভীম সেনাৰ মুৰব্বী চন্দ্ৰশেখৰ আজাদ ওৰফে ৰাৱন। বুধবাৰে বিয়লি ছাহাৰানপুৰত তেওঁৰ কনভয়ৰ ওপৰত গুলীচালনা কৰা হয়। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, চন্দ্ৰশেখৰক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে দুৰ্বৃত্তৰ একাংশই এখন বগা গাড়ীত আহিছিল। চন্দ্ৰশেখৰৰ গাড়ীত মুঠ চাৰিটা গুলীচালনা কৰে। এটা গুলী তেওঁৰ পিঠিত খুন্দা মাৰিলে। অৱশ্যে আৰক্ষীৰ সূত্ৰৰ মতে, আঘাত গুৰুতৰ নহয়। ছাহাৰানপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিপিন টোডাই কয় যে, অপৰাধীৰ সন্ধান অব্যাহত আছে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।

 উল্লেখ্য যে চন্দ্ৰশেখৰৰ দ্বাৰা গঠিত সামাজিক সংগঠন ভীম আৰ্মীয়ে যোৱা কেইবছৰমানৰ পৰা বিভিন্ন ৰাজ্যত দলিত আৰু পিছপৰা লোকৰ অধিকাৰৰ যুঁজত অংশ লৈছে। উত্তৰ ভাৰতত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনতো চন্দ্ৰশেখৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শ্বাহীনবাগ ৰেলীত যোগদান কৰি জেললৈ যায়। 

২০২০ চনৰ মাৰ্চ মাহত তেওঁ গঠন কৰিছিল ৰাজনৈতিক দল ‘আজাদ সমাজ পাৰ্টী’। যোৱা বছৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত গোৰখপুৰ (চিটি) সমষ্টিত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে চন্দ্ৰশেখৰ পৰাজিত হৈছিল। অনুগামীসকলৰ আগত তেওঁ নিজকে ‘ৰাৱন’ বুলি চিনাকি কৰাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস