--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী আৰক্ষীয়ে বিজেপিৰ সাংসদ তথা অল ইণ্ডিয়া ৰেছলিং ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে ৫০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে৷ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে মল্লযুঁজাৰুসকলক সাক্ষাৎ কৰি ১৫ জুনৰ ভিতৰত ব্রিজভূষণৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হ’ব বুলি আশ্বাস দিছিল৷ সেইদৰে, ১৫ জুনত দিল্লী আৰক্ষীয়ে নিজৰ কাম সম্পূৰ্ণ কৰিলে।

ব্ৰিজভূষণৰ বিৰুদ্ধে POCSO আইনৰ অধীনতো অভিযোগ উত্থাপন কৰা হৈছিল। কিন্তু দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে পাটিয়ালা হাউছ ক’ৰ্টক অৱগত কৰে যে ‘কোনো সমৰ্থনযোগ্য প্ৰমাণ পোৱা হোৱা নাই। POCSO সম্পৰ্কীয় তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত আমি ধাৰা ১৭৩ Cr PC ৰ অধীনত আৰক্ষীৰ প্ৰতিবেদন দাখিল কৰিলোঁ। য’ত অভিযোগৰ ভিত্তিত গোচৰটো বাতিল কৰিবলৈ অনুৰোধ কৰা হৈছে, ভুক্তভোগী আৰু তেওঁৰ পিতৃৰ বক্তব্যৰ ভিত্তিতে সেয়া কৰা হৈছে।


দিল্লী আৰক্ষীৰ বিবৃতিত লগতে কোৱা হৈছে যে মল্লযুঁজাৰুসকলে পঞ্জীয়ন কৰা এফআইআৰত তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত আমি অভিযুক্ত ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪, ৩৫৪এ, ৩৫৪ ধাৰাত অপৰাধৰ অভিযোগনামা দাখিল কৰিছো। অভিযুক্ত বিনোদ তোমৰৰ বিৰুদ্ধে ১০৯/৩৫৪, ৩৫৪এ/৫০৬ ধাৰাত অভিযোগনামা দাখিল কৰা হৈছে।

ব্ৰিজভূষণৰ অভিযোগৰ তদন্তৰ বাবে দিল্লী আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ কেইবাটাও স্থান ভ্ৰমণ কৰিছে। আনকি মল্লযুঁজ ফেডাৰেচনত ব্রিজভূষণৰ অধীনত কাম কৰা সকলৰ সৈতেও কথা পাতিছে আৰক্ষীয়ে৷ তদন্তকাৰীয়ে ব্ৰিজভূষণৰ পৰিয়ালৰ সদস্যৰ সৈতেও কথা পাতিছে।

বিশেষ তদন্তকাৰী দলটোৱে ১৮০ৰো অধিক লোকক সোধা-পোছা কৰাৰ লগতে গোণ্ডাস্থিত ব্ৰিজভূষণৰ বাসগৃহতো পৰিদৰ্শন কৰে। ব্ৰিজভূষণৰ পৰিয়াল, আত্মীয়, সহকৰ্মী আৰু সহযোগীসকলৰ বক্তব্যও লিপিবদ্ধ কৰা হয়। তদন্তকাৰীয়ে মল্লযুঁজ ফেডাৰেচনৰ কেইবাজনো বৰ্তমান আৰু প্ৰাক্তন কৰ্মচাৰীৰ বক্তব্যও লিপিবদ্ধ কৰে। আনহাতে, বহিঃৰাজ্যৰ কেইবাটাও মল্লযুঁজ ফেডাৰেচনৰ ভিডিঅ’ ফুটেজো প্ৰেৰণ কৰিছে আৰক্ষীয়ে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক