--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ চনটো ভাৰতীয় ক্ৰিকেট কিম্বদন্তি ৰবিচন্দ্ৰন অশ্বিনৰ বাবে অতি বিশেষ৷ ২০২৩ চনত ৰবিচন্দ্ৰন অশ্বিনে টেষ্ট ফৰ্মেটত এতিয়ালৈকে সৰ্বাধিক উইকেট লোৱাৰ ক্ষেত্ৰত ৪০টা উইকেটৰে প্ৰথম স্থানত আছে। আনহাতে এই তালিকাত অষ্ট্ৰেলিয়াৰ স্পিনাৰ নাথান লায়ন দ্বিতীয় স্থানত আছে।২০২৩ চনত ভাৰতীয় স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ যুটিয়ে চলিত বৰ্ষত এতিয়ালৈকে টেষ্ট ক্ৰিকেটত আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়াইছে। বছৰটোত এতিয়ালৈকে সৰ্বাধিক উইকেট লোৱাৰ ক্ষেত্ৰত দুয়োগৰাকী বলাৰ শীৰ্ষ ৫ ৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে।


ৰবিচন্দ্ৰন অশ্বিনে এইবাৰ টেষ্টত বলৰ সৈতে এক সুন্দৰ প্ৰদৰ্শন দেখিবলৈ পাইছে। অশ্বিনে ৬খন মেচত মুঠ ৪০টা উইকেট দখল কৰে। এই সময়ছোৱাত তেওঁ ৪ বাৰ এটা ইনিংছত ৫ টা উইকেট দখল কৰাৰ বিপৰীতে এবাৰ মেচত ১০ টা উইকেট দখল কৰিছে।


ইপিনে ২০২৩ চনত অষ্ট্ৰেলিয়াৰ প্ৰবীণ স্পিনাৰ নাথান লায়নে টেষ্ট ফৰ্মেটত সৰ্বাধিক উইকেট লোৱাৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে। অষ্ট্ৰেলিয়াৰ অফ স্পিনাৰগৰাকীয়ে চলিত বৰ্ষত এতিয়ালৈকে গড়ে ২৪.৬৩ ৰান সংগ্ৰহ কৰি ৮খন মেচত মুঠ ৩৮টা উইকেট দখল কৰিছে। এই সময়ছোৱাত লায়নে ২ বাৰ ৫ উইকেট আৰু ১ বাৰ মেচত ১০ উইকেট দখল কৰাৰ কৃতিত্বও কৰিছে।


২০২৩ চনটোক ইংলেণ্ড দলৰ প্ৰবীণ বেগী বলাৰ ষ্টুয়াৰ্ট ব্ৰডৰ বাবে অতি বিশেষ বুলি ক’ব পাৰি, যেতিয়া তেওঁ ৬০০ উইকেট সম্পূৰ্ণ কৰিছিল।ব্ৰডে চলিত বৰ্ষত এতিয়ালৈকে ৭খন মেচত গড়ে ২৬.১২ ৰানৰ বিনিময়ত ৩৪টা উইকেট দখল কৰিছে। ইয়াৰ মাজতো তেওঁ এবাৰ এটা ইনিংছত ৫টা উইকেট দখল কৰিছে।২০২৩ চনত ৰবীন্দ্ৰ জাদেজাই টেষ্ট ফৰ্মেটত বল আৰু বেট দুয়োটাৰে আচৰিত প্ৰদৰ্শন দেখিবলৈ পাইছে। ১৯.৩৯ গড়ে ৭খন মেচত ৩৩টা উইকেট দখল কৰিছে জাডেজাই। এই সময়ছোৱাত জাদেজাই ২ ইনিংছত ৫টা উইকেট আৰু ১খন মেচত ১০টা উইকেট দখল কৰিছে।ইপিনে শ্ৰীলংকাৰ বাওঁহতীয়া স্পিন বলাৰ প্ৰভাত জয়সূৰ্যই চলিত বৰ্ষত এতিয়ালৈকে টেষ্ট ফৰ্মেটত ২৮টা উইকেট দখল কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু