--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ চনটো ভাৰতীয় ক্ৰিকেট কিম্বদন্তি ৰবিচন্দ্ৰন অশ্বিনৰ বাবে অতি বিশেষ৷ ২০২৩ চনত ৰবিচন্দ্ৰন অশ্বিনে টেষ্ট ফৰ্মেটত এতিয়ালৈকে সৰ্বাধিক উইকেট লোৱাৰ ক্ষেত্ৰত ৪০টা উইকেটৰে প্ৰথম স্থানত আছে। আনহাতে এই তালিকাত অষ্ট্ৰেলিয়াৰ স্পিনাৰ নাথান লায়ন দ্বিতীয় স্থানত আছে।২০২৩ চনত ভাৰতীয় স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ যুটিয়ে চলিত বৰ্ষত এতিয়ালৈকে টেষ্ট ক্ৰিকেটত আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়াইছে। বছৰটোত এতিয়ালৈকে সৰ্বাধিক উইকেট লোৱাৰ ক্ষেত্ৰত দুয়োগৰাকী বলাৰ শীৰ্ষ ৫ ৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে।


ৰবিচন্দ্ৰন অশ্বিনে এইবাৰ টেষ্টত বলৰ সৈতে এক সুন্দৰ প্ৰদৰ্শন দেখিবলৈ পাইছে। অশ্বিনে ৬খন মেচত মুঠ ৪০টা উইকেট দখল কৰে। এই সময়ছোৱাত তেওঁ ৪ বাৰ এটা ইনিংছত ৫ টা উইকেট দখল কৰাৰ বিপৰীতে এবাৰ মেচত ১০ টা উইকেট দখল কৰিছে।


ইপিনে ২০২৩ চনত অষ্ট্ৰেলিয়াৰ প্ৰবীণ স্পিনাৰ নাথান লায়নে টেষ্ট ফৰ্মেটত সৰ্বাধিক উইকেট লোৱাৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে। অষ্ট্ৰেলিয়াৰ অফ স্পিনাৰগৰাকীয়ে চলিত বৰ্ষত এতিয়ালৈকে গড়ে ২৪.৬৩ ৰান সংগ্ৰহ কৰি ৮খন মেচত মুঠ ৩৮টা উইকেট দখল কৰিছে। এই সময়ছোৱাত লায়নে ২ বাৰ ৫ উইকেট আৰু ১ বাৰ মেচত ১০ উইকেট দখল কৰাৰ কৃতিত্বও কৰিছে।


২০২৩ চনটোক ইংলেণ্ড দলৰ প্ৰবীণ বেগী বলাৰ ষ্টুয়াৰ্ট ব্ৰডৰ বাবে অতি বিশেষ বুলি ক’ব পাৰি, যেতিয়া তেওঁ ৬০০ উইকেট সম্পূৰ্ণ কৰিছিল।ব্ৰডে চলিত বৰ্ষত এতিয়ালৈকে ৭খন মেচত গড়ে ২৬.১২ ৰানৰ বিনিময়ত ৩৪টা উইকেট দখল কৰিছে। ইয়াৰ মাজতো তেওঁ এবাৰ এটা ইনিংছত ৫টা উইকেট দখল কৰিছে।২০২৩ চনত ৰবীন্দ্ৰ জাদেজাই টেষ্ট ফৰ্মেটত বল আৰু বেট দুয়োটাৰে আচৰিত প্ৰদৰ্শন দেখিবলৈ পাইছে। ১৯.৩৯ গড়ে ৭খন মেচত ৩৩টা উইকেট দখল কৰিছে জাডেজাই। এই সময়ছোৱাত জাদেজাই ২ ইনিংছত ৫টা উইকেট আৰু ১খন মেচত ১০টা উইকেট দখল কৰিছে।ইপিনে শ্ৰীলংকাৰ বাওঁহতীয়া স্পিন বলাৰ প্ৰভাত জয়সূৰ্যই চলিত বৰ্ষত এতিয়ালৈকে টেষ্ট ফৰ্মেটত ২৮টা উইকেট দখল কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে