--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়খন টেষ্ট মেচত টিম ইণ্ডিয়াৰ উইকেট কীপাৰ বেটছমেন ঈশান কিষানে দূৰ্দান্ত অৰ্ধশতক অৰ্জন কৰে। দ্বিতীয়খন টেষ্টৰ দ্বিতীয় ইনিংছত বিৰাট কোহলীৰ ঠাইত ৪ নম্বৰ স্থানত বেটিং কৰাৰ সুযোগ লাভ কৰিয়েই তেওঁ টেষ্ট ক্ৰিকেট কেৰিয়াৰৰ প্ৰথম অৰ্ধশতক কৰে। মাত্ৰ ৩৩টা বলত ঈশানে নিজৰ অৰ্ধ শতক সম্পূৰ্ণ কৰে।

তেওঁ ইনিংছটোত এহাতেৰে এনে এক ছয় মাৰিছিল, যিটো দেখি অনুৰাগীয়ে ঋষভ পন্তক যমনত পেলাইছিল। ইয়াৰ পিছতে মেচৰ পিছত ঈশানে পন্তক ধন্যবাদ জনায়। জানো আহক ঈশানে কিয় এই কথা কৈছিল?

টেষ্ট কেৰিয়াৰৰ প্ৰথমটো অৰ্ধশতক কৰাৰ পাছত ঈশান কিষানে টিম ইণ্ডিয়াৰ উইকেটৰক্ষক বেটছমেন ঋষভ পন্তক ধন্যবাদ জনায়। ঈশানে ক’লে- ''ৱেষ্ট ইণ্ডিজলৈ অহাৰ আগতে মই বাংগালুৰুৰ নেশ্যনেল ক্ৰিকেট একাডেমীত আছিলো আৰু ঋষভ পন্তো তাত আছিল। বেটিঙৰ বিষয়ে কিছু টিপছ দি বেটটো কোনটো পজিচনত ৰাখিব লাগে সেই কথাও কৈছিল। ১৯ বছৰ অনুৰ্ধৰ পৰা আমি একেলগে ক্ৰিকেট খেলি আহিছো। তেওঁ মোৰ বেটিং ভালদৰে জানে আৰু তেওঁ মোক দিয়া পৰামৰ্শৰ বাবে মই কৃতজ্ঞ হ’ম।''

ঈশানে কয়- ''বিৰাট কোহলীয়ে তেওঁক এই নম্বৰত বেটিং কৰিবলৈ সমৰ্থন কৰিছিল। মোৰ এই অৰ্ধশতিকা বিৰাট ভাইৰ অবিহনে অসম্ভৱ। গোটেই দলটোৱে মোক সমৰ্থন কৰি মোক খেলি যাবলৈ ক’লে। বিৰাট ভাইয়েই মোক এই নম্বৰত পঠিয়াবলৈ পৰামৰ্শ দিছিল আৰু সেয়া আমাৰ বাবে এটা ভাল সিদ্ধান্ত হৈ উঠিছিল।’’

উল্লেখ্য যে টেষ্টত ভাৰতৰ হৈ সৰ্বাধিক দ্ৰুত অৰ্ধশতক অৰ্জন কৰা উইকেটকীপাৰৰ ক্ষেত্ৰত ঈশান কিষানে দ্বিতীয় নম্বৰত উপনীত হৈছে। এই তালিকাৰ শীৰ্ষত আছে ঋষভ পন্তৰ নাম, যিয়ে ২৮টা বলত পঞ্চাশটা সম্পূৰ্ণ কৰিছে। ইয়াৰ পিছত ঈশান কিষানে ৩৩টা বলত এই কৃতিত্ব অৰ্জন কৰে। একে সময়তে মহেন্দ্ৰ সিং ধোনিয়ে ৩৪ বলত এই কৃতিত্ব অৰ্জন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে