--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়খন টেষ্ট মেচত টিম ইণ্ডিয়াৰ উইকেট কীপাৰ বেটছমেন ঈশান কিষানে দূৰ্দান্ত অৰ্ধশতক অৰ্জন কৰে। দ্বিতীয়খন টেষ্টৰ দ্বিতীয় ইনিংছত বিৰাট কোহলীৰ ঠাইত ৪ নম্বৰ স্থানত বেটিং কৰাৰ সুযোগ লাভ কৰিয়েই তেওঁ টেষ্ট ক্ৰিকেট কেৰিয়াৰৰ প্ৰথম অৰ্ধশতক কৰে। মাত্ৰ ৩৩টা বলত ঈশানে নিজৰ অৰ্ধ শতক সম্পূৰ্ণ কৰে।

তেওঁ ইনিংছটোত এহাতেৰে এনে এক ছয় মাৰিছিল, যিটো দেখি অনুৰাগীয়ে ঋষভ পন্তক যমনত পেলাইছিল। ইয়াৰ পিছতে মেচৰ পিছত ঈশানে পন্তক ধন্যবাদ জনায়। জানো আহক ঈশানে কিয় এই কথা কৈছিল?

টেষ্ট কেৰিয়াৰৰ প্ৰথমটো অৰ্ধশতক কৰাৰ পাছত ঈশান কিষানে টিম ইণ্ডিয়াৰ উইকেটৰক্ষক বেটছমেন ঋষভ পন্তক ধন্যবাদ জনায়। ঈশানে ক’লে- ''ৱেষ্ট ইণ্ডিজলৈ অহাৰ আগতে মই বাংগালুৰুৰ নেশ্যনেল ক্ৰিকেট একাডেমীত আছিলো আৰু ঋষভ পন্তো তাত আছিল। বেটিঙৰ বিষয়ে কিছু টিপছ দি বেটটো কোনটো পজিচনত ৰাখিব লাগে সেই কথাও কৈছিল। ১৯ বছৰ অনুৰ্ধৰ পৰা আমি একেলগে ক্ৰিকেট খেলি আহিছো। তেওঁ মোৰ বেটিং ভালদৰে জানে আৰু তেওঁ মোক দিয়া পৰামৰ্শৰ বাবে মই কৃতজ্ঞ হ’ম।''

ঈশানে কয়- ''বিৰাট কোহলীয়ে তেওঁক এই নম্বৰত বেটিং কৰিবলৈ সমৰ্থন কৰিছিল। মোৰ এই অৰ্ধশতিকা বিৰাট ভাইৰ অবিহনে অসম্ভৱ। গোটেই দলটোৱে মোক সমৰ্থন কৰি মোক খেলি যাবলৈ ক’লে। বিৰাট ভাইয়েই মোক এই নম্বৰত পঠিয়াবলৈ পৰামৰ্শ দিছিল আৰু সেয়া আমাৰ বাবে এটা ভাল সিদ্ধান্ত হৈ উঠিছিল।’’

উল্লেখ্য যে টেষ্টত ভাৰতৰ হৈ সৰ্বাধিক দ্ৰুত অৰ্ধশতক অৰ্জন কৰা উইকেটকীপাৰৰ ক্ষেত্ৰত ঈশান কিষানে দ্বিতীয় নম্বৰত উপনীত হৈছে। এই তালিকাৰ শীৰ্ষত আছে ঋষভ পন্তৰ নাম, যিয়ে ২৮টা বলত পঞ্চাশটা সম্পূৰ্ণ কৰিছে। ইয়াৰ পিছত ঈশান কিষানে ৩৩টা বলত এই কৃতিত্ব অৰ্জন কৰে। একে সময়তে মহেন্দ্ৰ সিং ধোনিয়ে ৩৪ বলত এই কৃতিত্ব অৰ্জন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু