--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰক আই চি চিৰ এক ডাঙৰ আঘাত। আচলতে বাংলাদেশৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলত কৰা আচৰণ আৰু আম্পায়াৰৰ স্তৰক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে টিম ইণ্ডিয়াৰ অধিনায়কক ২খন আন্তঃৰাষ্ট্ৰীয় মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এইদৰে ভাৰতৰ পৰৱৰ্তী ২ খন মেচত হৰমনপ্ৰীত কৌৰ দেখা নাযায়।


বাংলাদেশৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলত আউট হোৱাৰ পাছত হৰমনপ্ৰীত কৌৰে ক্ষোভিত হৈ উইকেটত বেট মাৰি দিয়ে। লগতে মেচ শেষ হোৱাৰ পিছত আম্পায়াৰৰ স্তৰৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে। অৱশ্যে এতিয়া ভাৰতীয় অধিনায়কগৰাকীক লৈ আইচিচিয়ে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে। আইচিচিয়ে হৰমনপ্ৰীত কৌৰক ২খন আন্তঃৰাষ্ট্ৰীয় মেচত নিষেধাজ্ঞা আৰোপ কৰিছে। দৰাচলতে বাংলাদেশৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলৰ সময়ত আম্পায়াৰৰ সিদ্ধান্তত অসন্তুষ্ট ভাৰতীয় অধিনায়কগৰাকীয়ে আম্পায়াৰৰ স্তৰক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ বাহিৰেও হৰমনপ্ৰীত কৌৰে আউট হোৱাৰ পিছতে উইকেটত আঘাত কৰে।


দৰাচলতে বাংলাদেশৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলৰ সময়ত হৰমনপ্ৰীত কৌৰে বেয়া আচৰণৰ বাবে অহৰহ শিৰোনাম দখল কৰিছিল। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ভাৰতীয় অধিনায়কগৰাকীক লৈ অহৰহ নিজৰ মতামত দি আছিল। ইয়াৰ বাহিৰেও হৰমনপ্ৰীত কৌৰৰ বিৰুদ্ধে আই চি চিয়ে ব্যৱস্থা ল’ব পাৰে বুলি বিশ্বাস কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে