--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰক আই চি চিৰ এক ডাঙৰ আঘাত। আচলতে বাংলাদেশৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলত কৰা আচৰণ আৰু আম্পায়াৰৰ স্তৰক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে টিম ইণ্ডিয়াৰ অধিনায়কক ২খন আন্তঃৰাষ্ট্ৰীয় মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এইদৰে ভাৰতৰ পৰৱৰ্তী ২ খন মেচত হৰমনপ্ৰীত কৌৰ দেখা নাযায়।


বাংলাদেশৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলত আউট হোৱাৰ পাছত হৰমনপ্ৰীত কৌৰে ক্ষোভিত হৈ উইকেটত বেট মাৰি দিয়ে। লগতে মেচ শেষ হোৱাৰ পিছত আম্পায়াৰৰ স্তৰৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে। অৱশ্যে এতিয়া ভাৰতীয় অধিনায়কগৰাকীক লৈ আইচিচিয়ে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে। আইচিচিয়ে হৰমনপ্ৰীত কৌৰক ২খন আন্তঃৰাষ্ট্ৰীয় মেচত নিষেধাজ্ঞা আৰোপ কৰিছে। দৰাচলতে বাংলাদেশৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলৰ সময়ত আম্পায়াৰৰ সিদ্ধান্তত অসন্তুষ্ট ভাৰতীয় অধিনায়কগৰাকীয়ে আম্পায়াৰৰ স্তৰক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ বাহিৰেও হৰমনপ্ৰীত কৌৰে আউট হোৱাৰ পিছতে উইকেটত আঘাত কৰে।


দৰাচলতে বাংলাদেশৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলৰ সময়ত হৰমনপ্ৰীত কৌৰে বেয়া আচৰণৰ বাবে অহৰহ শিৰোনাম দখল কৰিছিল। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ভাৰতীয় অধিনায়কগৰাকীক লৈ অহৰহ নিজৰ মতামত দি আছিল। ইয়াৰ বাহিৰেও হৰমনপ্ৰীত কৌৰৰ বিৰুদ্ধে আই চি চিয়ে ব্যৱস্থা ল’ব পাৰে বুলি বিশ্বাস কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু