--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল ২০২৪ৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বাবে এটা ভাল খবৰ। দৰাচলতে দলটোৰ তাৰকা বেটছমেন ৰজত পাটিদাৰে প্ৰায় ৭ মাহৰ দীঘলীয়া বিৰতিৰ অন্তত অনুশীলন আৰম্ভ কৰিছে। আই পি এল ২০২৩ৰ পূৰ্বে পাটিদাৰ আঘাতপ্ৰাপ্ত হৈছিল, যাৰ বাবে তেওঁ আই পি এল-১৬ত খেলিব পৰা নাছিল। যদিও এতিয়া তেওঁ খেলপথাৰলৈ উভতি আহিছে, যিটো আৰচিবিৰ বাবে ভাল খবৰ।

পাতিদাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত তেওঁক থ্ৰ’ডাউন বিশেষজ্ঞৰ ৰূপত দেখা গৈছিল। ইয়াৰ উপৰিও তেওঁ স্পিনাৰসকলৰ সৈতে মুখামুখি হৈছিল। এই ভিডিঅ’টোৰ কেপচনৰ জৰিয়তে তেওঁ নিজৰ প্ৰত্যাৱৰ্তনক লৈ নিজৰ অনুভৱ প্ৰকাশ কৰে। তেওঁ ক’লে, ঘূৰি আহি হাতত বেটখন লৈ ভাল লাগিল।উল্লেখ্য যে পাটিদাৰ আৰ চি বিৰ এজন গুৰুত্বপূৰ্ণ খেলুৱৈ। শ্বেয়াৰ কৰা ভিডিঅ’টোত থকাৰ সময়তে তেওঁক যথেষ্ট ভাল ছন্দত দেখা গৈছিল।

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ’টোৰ কমেণ্ট ছেকচনত পাটিদাৰৰ উভতি অহাৰ বাবে অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছিল। এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছিল, "আৰচিবিৰ জাৰ্চি পিন্ধি আপোনাক চাবলৈ অপেক্ষা কৰি আছো।" আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "শীঘ্ৰে আৰচিবিলৈ উভতি আহক।"

উল্লেখযোগ্য যে, ২০২১ চনত আই পি এলত অভিষেক ঘটোৱা ৰজত পাটিদাৰে এই পৰ্যন্ত ১২খন খেল খেলিছে। এই মেচসমূহৰ ১১খন ইনিংছত বেটিং কৰি তেওঁ গড়ে ৪০.৪ আৰু ষ্ট্ৰাইক ৰেট ১৪৪.২৯ত ৪০৪ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত তেওঁ ১টা শতক আৰু ২টা অৰ্ধশতক অৰ্জন কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক