--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল ২০২৪ৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বাবে এটা ভাল খবৰ। দৰাচলতে দলটোৰ তাৰকা বেটছমেন ৰজত পাটিদাৰে প্ৰায় ৭ মাহৰ দীঘলীয়া বিৰতিৰ অন্তত অনুশীলন আৰম্ভ কৰিছে। আই পি এল ২০২৩ৰ পূৰ্বে পাটিদাৰ আঘাতপ্ৰাপ্ত হৈছিল, যাৰ বাবে তেওঁ আই পি এল-১৬ত খেলিব পৰা নাছিল। যদিও এতিয়া তেওঁ খেলপথাৰলৈ উভতি আহিছে, যিটো আৰচিবিৰ বাবে ভাল খবৰ।

পাতিদাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত তেওঁক থ্ৰ’ডাউন বিশেষজ্ঞৰ ৰূপত দেখা গৈছিল। ইয়াৰ উপৰিও তেওঁ স্পিনাৰসকলৰ সৈতে মুখামুখি হৈছিল। এই ভিডিঅ’টোৰ কেপচনৰ জৰিয়তে তেওঁ নিজৰ প্ৰত্যাৱৰ্তনক লৈ নিজৰ অনুভৱ প্ৰকাশ কৰে। তেওঁ ক’লে, ঘূৰি আহি হাতত বেটখন লৈ ভাল লাগিল।উল্লেখ্য যে পাটিদাৰ আৰ চি বিৰ এজন গুৰুত্বপূৰ্ণ খেলুৱৈ। শ্বেয়াৰ কৰা ভিডিঅ’টোত থকাৰ সময়তে তেওঁক যথেষ্ট ভাল ছন্দত দেখা গৈছিল।

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ’টোৰ কমেণ্ট ছেকচনত পাটিদাৰৰ উভতি অহাৰ বাবে অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছিল। এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছিল, "আৰচিবিৰ জাৰ্চি পিন্ধি আপোনাক চাবলৈ অপেক্ষা কৰি আছো।" আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "শীঘ্ৰে আৰচিবিলৈ উভতি আহক।"

উল্লেখযোগ্য যে, ২০২১ চনত আই পি এলত অভিষেক ঘটোৱা ৰজত পাটিদাৰে এই পৰ্যন্ত ১২খন খেল খেলিছে। এই মেচসমূহৰ ১১খন ইনিংছত বেটিং কৰি তেওঁ গড়ে ৪০.৪ আৰু ষ্ট্ৰাইক ৰেট ১৪৪.২৯ত ৪০৪ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত তেওঁ ১টা শতক আৰু ২টা অৰ্ধশতক অৰ্জন কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু