--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ আগত পুনৰ লজ্জিত হ’ল পাকিস্তান ক্ৰিকেট ব’ৰ্ড। দৰাচলতে এইবাৰ লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত স্থাপন কৰা ফ্লাডলাইটে পিচিবিৰ প্ৰতি অপযশ কঢ়িয়াই আনিছে। ঘটনা লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা পাকিস্তান আৰু বাংলাদেশৰ মাজৰ খেলখনৰ। কিন্তু এই মেচৰ সময়ত ষ্টেডিয়ামৰ লাইট নুমাই গ’ল। ইয়াৰ পাছতে মেচখন বন্ধ কৰিব লগা হ’ল।এতিয়া ছ’চিয়েল মিডিয়াত অনুৰাগীয়ে অহৰহ ঠাট্টা কৰিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক।

এই ঘটনা সংঘটিত হৈছে পাকিস্তানী ইনিংছৰ ষষ্ঠ অভাৰত।  পাকিস্তানৰ অধিনায়ক বাবৰ আজম আৰু অ’পেনাৰ ইমাম উল হক ক্ৰীজত আছিল। কিন্তু ফ্লাডলাইটৰ বিজুতিৰ বাবে মেচখন বন্ধ কৰিব লগা হয়। অৱশ্যে কিছু সময়ৰ পাছত পুনৰ প্ৰতিযোগিতা আৰম্ভ হয়। কিন্তু লাইভ মেচৰ সময়ত ষ্টেডিয়ামত লাইট বিকল হৈ পৰাত পাকিস্তান ক্ৰিকেটত এক বৃহৎ সমস্যাৰ সন্মুখীন হৈছে। অৱশ্যে ছ’চিয়েল মিডিয়াত ফটো আৰু ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। ইয়াৰ উপৰিও ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ধাৰাবাহিকভাৱে মন্তব্য কৰি নিজৰ মতামত দি আছে।

আনহাতে পাকিস্তান-বাংলাদেশৰ মেচৰ কথা উল্লেখ কৰিবলৈ গ’লে বাবৰ আজম নেতৃত্বাধীন পাকিস্তানে জয়ী হ’বলৈ ১৯৪ ৰানৰ লক্ষ্য দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক