--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ আগত পুনৰ লজ্জিত হ’ল পাকিস্তান ক্ৰিকেট ব’ৰ্ড। দৰাচলতে এইবাৰ লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত স্থাপন কৰা ফ্লাডলাইটে পিচিবিৰ প্ৰতি অপযশ কঢ়িয়াই আনিছে। ঘটনা লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা পাকিস্তান আৰু বাংলাদেশৰ মাজৰ খেলখনৰ। কিন্তু এই মেচৰ সময়ত ষ্টেডিয়ামৰ লাইট নুমাই গ’ল। ইয়াৰ পাছতে মেচখন বন্ধ কৰিব লগা হ’ল।এতিয়া ছ’চিয়েল মিডিয়াত অনুৰাগীয়ে অহৰহ ঠাট্টা কৰিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক।

এই ঘটনা সংঘটিত হৈছে পাকিস্তানী ইনিংছৰ ষষ্ঠ অভাৰত।  পাকিস্তানৰ অধিনায়ক বাবৰ আজম আৰু অ’পেনাৰ ইমাম উল হক ক্ৰীজত আছিল। কিন্তু ফ্লাডলাইটৰ বিজুতিৰ বাবে মেচখন বন্ধ কৰিব লগা হয়। অৱশ্যে কিছু সময়ৰ পাছত পুনৰ প্ৰতিযোগিতা আৰম্ভ হয়। কিন্তু লাইভ মেচৰ সময়ত ষ্টেডিয়ামত লাইট বিকল হৈ পৰাত পাকিস্তান ক্ৰিকেটত এক বৃহৎ সমস্যাৰ সন্মুখীন হৈছে। অৱশ্যে ছ’চিয়েল মিডিয়াত ফটো আৰু ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। ইয়াৰ উপৰিও ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ধাৰাবাহিকভাৱে মন্তব্য কৰি নিজৰ মতামত দি আছে।

আনহাতে পাকিস্তান-বাংলাদেশৰ মেচৰ কথা উল্লেখ কৰিবলৈ গ’লে বাবৰ আজম নেতৃত্বাধীন পাকিস্তানে জয়ী হ’বলৈ ১৯৪ ৰানৰ লক্ষ্য দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু