--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত ২৫ বছৰৰ আটাইতকৈ বৃহৎ ভূমিকম্পত কঁপি উঠিল টাইৱান। ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱা ৫.৩০ বজাত ৭.৫ প্ৰাৱল্যৰ ভূমিকম্পত ত্ৰস্তমান হৈ পৰিল টাইৱানবাসী। অকল টাইৱানে নহয়, বৰভূইকঁপটোত কঁপি উঠিল কাষৰীয়া ৰাষ্ট্র জাপান আৰু ফিলিপাইনছ। শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি এই প্ৰবল ভূইকঁপটোত এতিয়ালৈ ৯ জন লোকৰ প্ৰাণহানি হোৱাৰ বিপৰীতে আহত হৈছে ৯৩০ গৰাকীৰো অধিক লোক। আনহাতে, ভূমিকম্পটোৱে সৃষ্টি কৰা ধ্বংসলীলা প্ৰত্যক্ষ কৰি মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে টাইৱান চৰকাৰে। 

কেনেকৈ সংঘটিত হৈছিল এই বৃহৎ ভূমিকম্প?
টাইৱানৰ বতৰ বিজ্ঞান বিভাগৰ মতে দেশখনৰ পূব অংশত অৱস্থিত হুলিয়েন চহৰত অনুভূত হৈছিল আটাইতকৈ বৃহৎ কম্পনৰ। হুলিয়েন চহৰৰ ভূগৰ্ভৰ ৩৪ কিলোমিটাৰ তলত আছিল ভূমিকম্পটোৰ অভিকেন্দ্ৰ। প্ৰবল ভূইকঁপটোত তাচপাতৰ দৰে খহি পৰিছিল টাইৱানৰ বহু অঞ্চলৰ বৃহৎ বৃহৎ অট্টালিকা। বহু ঠাইত সংঘটিত হৈছিল ভূমিস্খলনৰ ঘটনা। সম্প্ৰতি উদ্ধাৰ অভিযান অব্যাহত আছে দেশখনত। আন এক সূত্ৰৰ মতে ৭.৫ প্ৰাৱল্যৰ ভূমিকম্পটোৰ পাছত ১০০টাৰো অধিক আফটাৰ শ্বকে আতংকিত কৰি তুলিছিল টাইৱানৰ বাসিন্দাসকলক। প্ৰবল ভূমিকম্পটোৰ পাছতে টাইৱানৰ লগতে জাপান আৰু ফিলিপাইনছে জাৰি কৰিছিল ছুনামীৰ এলাৰ্ট। ১০ ফুট পৰ্যন্ত উচ্চতাৰ ঢৌৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰিছিল এই সতৰ্কবাণীৰ জৰিয়তে।

অৱশ্যে সময় বাগৰাৰ লগে লগে প্ৰত্যাহাৰ কৰা হৈছে ইতিপূৰ্বে জাৰি হোৱা ছুনামীৰ এলাৰ্ট। আজি অহা বৰভূইকঁপটোত টাইৱানৰ এক সুৰংগ পথৰ ভিতৰত ২৪ গৰাকী লোক আবদ্ধ হৈ পৰাৰ খবৰ পোহৰলৈ আহিছে। 

আনহাতে, শেহতীয়া খবৰ অনুসৰি টাইৱানৰ ৯১ হাজাৰৰো অধিক বাসগৃহত বিচ্ছিন্ন হৈছে বিদ্যুৎ সংযোগ। ইপিনে, জাপানতো দেখা গৈছে প্ৰবল ভূইকঁপটোৰ প্ৰভাৱ। দেশখনৰ বিভিন্ন স্থানত আঘাতপ্ৰাপ্ত হৈছে বহুসংখ্যক লোক। কিন্তু, ভূমিকম্পৰ ফলত হোৱা ক্ষয়–ক্ষতিৰ বাবে সেইসকল লোকৰ ওচৰত উপস্থিত হ’ব পৰা নাই চিকিৎসকৰ দল, জৰুৰীকালীন সেৱাৰ দল। 

আজি টাইৱানৰ বৰভূইকঁপৰ ফলত ক্ষতিগ্ৰস্ত হৈছে জাপানৰ অ’কিনাৱা প্ৰান্তৰ বহু অঞ্চল। যাৰ ফলত বাতিল কৰিবলগীয়া হৈছে বহু বিমানৰ যাত্ৰা। টাইৱানত ১৯৯৯ চনত আহিছিল ৭.৬ তীব্ৰতাৰ এক বৰভূইকঁপ। য’ত প্ৰাণ হেৰুৱাইছিল ২ হাজাৰৰো অধিক লোকে। 

ইপিনে, টাইৱানৰ ভূমিকম্পৰ পাছত দেশখনত থকা ভাৰতৰ নাগৰিকসকলৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ভাৰতে। কিয়নো, টাইৱানত এই মুহূৰ্তত বসবাস কৰি আছে ৫ হাজাৰ ভাৰতীয় লোকে। যাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ বিদেশ মন্ত্ৰালয়ে জাৰি কৰিছে জৰুৰীকালীন ফোন নম্বৰৰ লগতে ই–মেইলো। 

আনহাতে, টাইৱানৰ বিধ্বংসী ভূমিকম্পৰ পাছতে নতুন কূটনৈতিক চাল আগ্ৰাসী চীনৰ। দীৰ্ঘদিনে টাইৱানক নিজৰ এলেকা বুলি দাবী কৰি আহিছিল চীনে। তেনেস্থলত প্ৰাকৃতিক দুৰ্যোগৰ সুযোগতে উদ্ধাৰকাৰ্যৰ নামত টাইৱানত প্ৰৱেশৰ চেষ্টা চলাইছে ৰঙা চীনে। 

ইতিমধ্যে, দেশখনত উদ্ধাৰকাৰ্য চলোৱা প্ৰস্তাৱ আগবঢ়াইছে চীনা প্ৰশাসনে। কিন্তু নিজকে স্বাধীন ৰাষ্ট্রৰূপে দাবী কৰা টাইৱানে অগ্ৰাহ্য কৰিছে চীনৰ প্ৰস্তাৱ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ