--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মোদীৰ তৃতীয় কাৰ্যকালৰ চৰকাৰৰ বাজেট এইবেলি সোনকালে উত্থাপন কৰাৰ সম্ভাৱনা আছে। এনে সময়তে পিএইচডি চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীয়ে ২০২৪-২৫ চনৰ বাজেটৰ পূৰ্বে  বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে মত বিনিময় কৰিছে, য’ত উদ্যোগ সংস্থাটোৱে সাধাৰণ মানুহৰ বাবে ব্যক্তিগত কৰ কেনে হ’ব পাৰে সেই বিষয়ে উমান লোৱাৰ চেষ্টা কৰিছে।


৩০% কৰ হাৰৰ পৰা মধ্যবিত্ত শ্ৰেণী ৰক্ষা পৰিবনে?

কেইবাটাও পৰামৰ্শৰ ভিতৰত পি এইচ ডি চি চি আইয়ে এফ এমক ৩০ শতাংশ কৰ হাৰৰ পৰা মধ্যবিত্ত শ্ৰেণীক ৰক্ষা কৰিবলৈ আহ্বান জনাইছে।

পি এইচ ডি চি চি আইৰ সভাপতি সঞ্জীৱ আগৰৱালাই কয় যে মধ্যবিত্ত শ্ৰেণীক ৩০ শতাংশ কৰ হাৰৰ পৰা ৰক্ষা কৰিব লাগিব আৰু এই হাৰ কেৱল ৪০ লাখ টকাৰ ওপৰত কৰ যোগ্য আয় থকাসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব লাগিব।

তেওঁ লগতে কয় যে জিডিপিত উৎপাদনৰ অংশীদাৰিত্ব বৃদ্ধিৰ বাবে বৰ্তমানৰ কোম্পানীসমূহৰ বাবে কৰ্পৰেট কৰ হাৰ ২২ শতাংশ আৰু ২০১৯ চনৰ ১ অক্টোবৰৰ পিছত নিগমিত নতুন উৎপাদন কোম্পানীসমূহৰ বাবে ১৫ শতাংশ কৰ্পৰেট কৰ হাৰত যথাৰ্থ অৱস্থা বজাই ৰাখিব লাগে।


নতুন কৰ ব্যৱস্থা অনুসৰি ব্যক্তিগত কৰদাতাৰ বাবে আয়কৰ হাৰ  এনেধৰণৰ হৈ আছে-নতুন কৰ -৩ লাখ টকা পৰ্যন্ত কৰ দিব নালাগে, ৩ লাখ টকা- ৬ লাখ টকা ৫%,৬ লাখ টকা- ৯ লাখ টকা ১০%,৯ লাখ টকা- ১২ লাখ টকা ১৫%,১২ লাখ টকা- ১৫ লাখ টকা ২০%,১৫ লাখ টকাৰ ওপৰত ৩০%। চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিছিল।  সীতাৰমণে সেই সময়ত  আয় কৰৰ ক্ষেত্ৰত  কোনো পৰিৱৰ্তন নকৰাৰ কথা ঘোষণা কৰিছিল।

উদ্যোগ সংস্থাটোৱে সীতাৰমণক  কেইবাটাও  সংস্কাৰ সাধনৰ  পৰামৰ্শ আগবঢ়াইছে- ১) ২০৩০ চনৰ ভিতৰত জিডিপিত উৎপাদনৰ অংশীদাৰিত্ব ২৫% লৈ বৃদ্ধিৰ বাবে অধিক সংস্কাৰ।২) অধিক শ্ৰম জড়িত খণ্ড সংযোজন কৰি ১৪টা খণ্ডৰ বাহিৰলৈ পিএলআই আঁচনি সম্প্ৰসাৰণ কৰা ৩) এনপিএৰ বাবে এমএছএমইৰ শ্ৰেণী বিভাজনৰ নীতিৰ পৰিৱৰ্তন ৯০ দিনৰ সীমাৰ পৰা ১৮০ দিনলৈ বৃদ্ধি কৰা।৪) মধ্যবিত্ত শ্ৰেণীৰ বাবে প্ৰত্যক্ষ কৰ যুক্তিসংগত কৰি তোলা। 
৫) অত্যাধুনিক আন্তঃগাঁথনি থকা টায়াৰ ২ আৰু ৩ চহৰ আৰু ৰাজহুৱা উপযোগিতাৰ পৰ্যাপ্ত সুবিধা থকা স্মাৰ্ট গাঁৱত অধিক গুৰুত্ব দিয়া।৬ঃ মুদ্ৰাস্ফীতিৰ চাপ কমোৱাৰ বাবে যোগান শৃংখল শক্তিশালী কৰা  আদি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু