--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় কৃষি মন্ত্ৰী তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ এক মন্তব্যই এতিয়া ৰাজধানী চহৰ নতুন দিল্লীত আলোড়ণৰ সৃষ্টি কৰিছে।  শিৱৰাজ সিং চৌহানৰ  পুত্ৰই কয় যে লোকসভা নিৰ্বাচনত বৃহৎ  বিজয়ৰ পিছত সমগ্ৰ দিল্লীয়ে তেওঁৰ পিতৃৰ ওচৰত নতশিৰ হৈ পৰিছে।  ছিহোৰ জিলাৰ বুধনী বিধানসভা সমষ্টিৰ ভেৰুণ্ডাত এখন ৰাজহুৱা সভাত ভাষণ দি চৌহানৰ পুত্ৰ কাৰ্তিকেয়া সিঙে এই মন্তব্য কৰে। তেওঁৰ ভাষণৰ এই ভিডিঅ'টো এতিয়া ভাইৰেল হৈ পৰিছে।

শেহতীয়াকৈ অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত  মধ্যপ্ৰদেশৰ বিদিশা আসনৰ পৰা জয়লাভ কৰিছে শিৱৰাজ সিং চৌহানে। চৌহানৰ পুত্ৰৰ এনে বক্তব্যৰ  পিছতে  মধ্যপ্ৰদেশ ৰাজ্যিক কংগ্ৰেছৰ সভাপতি জিতু পটৱাৰীয়ে মস্কৰা কৰি কয় যে ইয়াৰ অৰ্থ হ’ল দিল্লীয়ে এতিয়া  ভয় খাইছে আৰু বিজেপিৰ  দলৰ ভিতৰতে অসন্তুষ্টিৰ সৃষ্টি হৈছে।

ভাষণত শিৱৰাজৰ পুত্ৰই কয়, "মই মাত্ৰ দিল্লীৰ পৰা উভতি আহিছো। ইয়াৰ আগতেও আমাৰ দেউতা মুখ্যমন্ত্ৰী হিচাপে জনপ্ৰিয় আছিল। কিন্তু কিয় এনে লাগে নাজানো যেতিয়া তেওঁ মুখ্যমন্ত্ৰী  হৈ নাই তেতিয়াহে যেন আৰু  অধিক জনপ্ৰিয় হৈ পৰিল।” এতিয়া আমাৰ নেতাগৰাকীয়েও ইমান ডাঙৰ বিজয় অৰ্জন কৰিলে যে সমগ্ৰ দিল্লীও তেওঁৰ ওচৰত নতশিৰ হৈ পৰিছে। গোটেই দিল্লীয়ে তেওঁক চিনি পায়  আৰু সন্মান কৰে।

কাৰ্তিকেয়াই কয় যে কেৱল দিল্লীতে নহয়, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে শীৰ্ষ নেতাৰ হিচাব ল’লে  আমাৰ নেতা শিৱৰাজ সিং চৌহানৰ নাম তালিকাত থাকিবই। আমেৰিকাৰ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ কাৰ্তিকেয়া সিঙে নিৰ্বাচনত পিতৃক সহায় আগবঢ়োৱাৰ বাবে বুধনী সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, “কোৱা হয় যে প্ৰতিজন সফল পুৰুষৰ আঁৰত এগৰাকী নাৰী থাকে, কিন্তু মই ক’ম যে এজন নেতাৰ সফলতাৰ আঁৰত এগৰাকী মহিলাৰ লগতে তেওঁৰ অঞ্চলৰ জনসাধাৰণো থাকে।

কাৰ্তিকেয়া সিঙৰ বক্তব্যক লৈ  মধ্যপ্ৰদেশ কংগ্ৰেছৰ সভাপতি জিতু পটৱাৰীয়ে টুইটাৰৰ এটা পোষ্টত   কয়, "শিৱৰাজ জীৰ যুৱৰাজে  কৈছে যে দিল্লীয়ে ভয় খাইছে। এই কথা এশ শতাংশ সঁচা। কাৰণ, দেশখনেও চকু ৰাখিছে।" তেওঁ লগতে কয় যে দলৰ ভিতৰত অসন্তুষ্টিৰ আশংকা, প্ৰভাৱশালী নেতাৰ বিদ্ৰোহ, মিত্ৰজোঁটৰ জটিলতা, চৰকাৰৰ প্ৰতি সমৰ্থন হ্ৰাস পোৱা আৰু চকীখনৰ স্থিৰতা নথকাৰ  দিশবোৰ এনে মন্তব্যই স্পষ্ট কৰি তুলিছে। উল্লেখ্য বিদিশা লোকসভাৰ আসনত ৮.২০ লাখৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰি নৰেন্দ্ৰ মোদী ৩.০ মন্ত্ৰীসভাত শিৱৰাজ সিং চৌহানে  কৃষি মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছে। লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত চৌহানে বিধায়ক পদৰ পৰা পদত্যাগ কৰিছে। শীঘ্ৰে বুধনী বিধানসভাৰ আসনৰ উপ-নিৰ্বাচন ঘোষণা হোৱাৰ সম্ভাৱনা আছে। শিৱৰাজ সিং চৌহানৰ পুত্ৰ হোৱাৰ সূত্ৰে  কাৰ্তিকেয়া সিঙক এই আসনত বিজেপিয়ে প্ৰাৰ্থী হিচাবে প্ৰেক্ষ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ