--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৪ৰ লোকসভা নিৰ্বাচন সমাগত। এনে সময়তে বিজেপিয়ে পুনৰ কেন্দ্ৰত শাসনৰ বাঘজৰী হাতত লোৱাৰ বাবে পৰিকল্পনা যুগুত কৰিছে। বিজেপিয়ে এইবাৰ  মুঠ ১৬০  খন লোকসভা আসনৰ ওপৰত বিশেষ দৃষ্টি ৰাখিছে। বিজেপিয়ে ইতিমধ্যে ইয়াৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী পৰিকল্পনাৰ অংশ হিচাপে এই বছৰতে ১১ খন ৰাজ্য ভ্ৰমণ কৰিব। গেৰুৱা দলটোৱে অ'বিচি ভোটাৰসকলক প্ৰলোভিত কৰিবলৈ এক বৃহৎ প্ৰচাৰৰ পৰিকল্পনা কৰিছে।

২০২৩ চনৰ আৰম্ভণিৰ পৰা অহা বছৰ অনুষ্ঠিত  হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ ওচৰলৈ যোৱাৰ বাবে প্ৰস্তুতি চলাইছে। দলটোৰ অ'বিচি মৰ্চাই মাৰ্চ-এপ্ৰিলত 'গাঁও-গাঁও চলো, ঘৰ-ঘৰ চলো' কাৰ্যসূচী আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। জানিব পৰা মতে বিজেপিৰ এক গুৰুত্বপূৰ্ণ অংশ অ'বিচি মৰ্চাই এই বছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া নখন ৰাজ্যৰ ভোটাৰৰ ওচৰলৈ যোৱাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে।ত্ৰিপুৰা, মেঘালয়, নাগালেণ্ড, কৰ্ণাটক, মধ্য প্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, মিজোৰাম আৰু তেলেংগানাত এই বছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব।

অ'বিচি সম্প্ৰদায়ৰ সমৰ্থনত, বিজেপিয়ে সেই ৰাজ্যসমূহত চৰকাৰ গঠন কৰিব বিচাৰে। কিয়নো সকলো ৰাজ্য আৰু কেন্দ্ৰত অ'বিচি সম্প্ৰদায়ৰ ৪০ ৰ পৰা ৫০ শতাংশ অংশগ্ৰহণ আছে। নিৰ্বাচনৰ পৰৱৰ্তী প্ৰস্তুতি সম্পৰ্কীয় সকলো সিদ্ধান্ত অ'বিচি ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠকত লোৱা হ'ব বুলিএক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।সূত্ৰটোৱে কয়, " অ'বিচি মৰ্চাৰ কৰ্মীসকলে  প্ৰতিখন গাওঁলৈ যাব আৰু চৰকাৰৰ সাফল্যসমূহ জনসাধাৰণক অবগত কৰিব।"

জানুৱাৰীৰ শেষত হাৰিয়ানাত অ'বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় প্ৰতিনিধিসকলৰ এখন বৈঠক অনুষ্ঠিত হ'ব ,য'ত ভ্ৰমণ কৰিব লগীয়া গাওঁৰ সংখ্যা, যোগাযোগ কৰিব লগীয়া লোকৰ তথ্য আদিৰ বিষয়ে সিদ্ধান্ত লোৱা হ'ব।অ'বিচি মৰ্চাৰ সদস্যসকলে ইতিমধ্যে ২৫ খন ৰাজ্য ভ্ৰমণ কৰিছে। মৰ্চাই শীঘ্ৰে জম্মু কাশ্মীৰ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহো  ভ্ৰমণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক