--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৪ৰ লোকসভা নিৰ্বাচন সমাগত। এনে সময়তে বিজেপিয়ে পুনৰ কেন্দ্ৰত শাসনৰ বাঘজৰী হাতত লোৱাৰ বাবে পৰিকল্পনা যুগুত কৰিছে। বিজেপিয়ে এইবাৰ  মুঠ ১৬০  খন লোকসভা আসনৰ ওপৰত বিশেষ দৃষ্টি ৰাখিছে। বিজেপিয়ে ইতিমধ্যে ইয়াৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী পৰিকল্পনাৰ অংশ হিচাপে এই বছৰতে ১১ খন ৰাজ্য ভ্ৰমণ কৰিব। গেৰুৱা দলটোৱে অ'বিচি ভোটাৰসকলক প্ৰলোভিত কৰিবলৈ এক বৃহৎ প্ৰচাৰৰ পৰিকল্পনা কৰিছে।

২০২৩ চনৰ আৰম্ভণিৰ পৰা অহা বছৰ অনুষ্ঠিত  হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ ওচৰলৈ যোৱাৰ বাবে প্ৰস্তুতি চলাইছে। দলটোৰ অ'বিচি মৰ্চাই মাৰ্চ-এপ্ৰিলত 'গাঁও-গাঁও চলো, ঘৰ-ঘৰ চলো' কাৰ্যসূচী আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। জানিব পৰা মতে বিজেপিৰ এক গুৰুত্বপূৰ্ণ অংশ অ'বিচি মৰ্চাই এই বছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া নখন ৰাজ্যৰ ভোটাৰৰ ওচৰলৈ যোৱাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে।ত্ৰিপুৰা, মেঘালয়, নাগালেণ্ড, কৰ্ণাটক, মধ্য প্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, মিজোৰাম আৰু তেলেংগানাত এই বছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব।

অ'বিচি সম্প্ৰদায়ৰ সমৰ্থনত, বিজেপিয়ে সেই ৰাজ্যসমূহত চৰকাৰ গঠন কৰিব বিচাৰে। কিয়নো সকলো ৰাজ্য আৰু কেন্দ্ৰত অ'বিচি সম্প্ৰদায়ৰ ৪০ ৰ পৰা ৫০ শতাংশ অংশগ্ৰহণ আছে। নিৰ্বাচনৰ পৰৱৰ্তী প্ৰস্তুতি সম্পৰ্কীয় সকলো সিদ্ধান্ত অ'বিচি ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠকত লোৱা হ'ব বুলিএক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।সূত্ৰটোৱে কয়, " অ'বিচি মৰ্চাৰ কৰ্মীসকলে  প্ৰতিখন গাওঁলৈ যাব আৰু চৰকাৰৰ সাফল্যসমূহ জনসাধাৰণক অবগত কৰিব।"

জানুৱাৰীৰ শেষত হাৰিয়ানাত অ'বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় প্ৰতিনিধিসকলৰ এখন বৈঠক অনুষ্ঠিত হ'ব ,য'ত ভ্ৰমণ কৰিব লগীয়া গাওঁৰ সংখ্যা, যোগাযোগ কৰিব লগীয়া লোকৰ তথ্য আদিৰ বিষয়ে সিদ্ধান্ত লোৱা হ'ব।অ'বিচি মৰ্চাৰ সদস্যসকলে ইতিমধ্যে ২৫ খন ৰাজ্য ভ্ৰমণ কৰিছে। মৰ্চাই শীঘ্ৰে জম্মু কাশ্মীৰ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহো  ভ্ৰমণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডেৰ বছৰীয়া পুত্ৰক বুকুত সাবটি গংগাত জাঁপ BSF জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়েও জাঁপ দিছিল গংগাত
AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড
তিয়াই থোৱা আখৰোট খালে আপোনাৰ ৫টা আচৰিত উপকাৰ হ’ব! জানো আহক সবিশেষ
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে