--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলকাতা উচ্চ ন্যায়ালয়ে  পশ্চিম বংগ চৰকাৰৰ পৃষ্ঠপোষকতাত আৰু সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহৰ ৫৯ জন প্ৰাথমিক শিক্ষকৰ চাকৰিৰ পৰা অবৈধ উপায়েৰে নিযুক্তি লাভ কৰাৰ বাবে বৰ্খাস্ত কৰাৰ নিৰ্দেশ বাহাল ৰাখিছে।   ফলত চাকৰি হেৰুওৱা এনে লোকৰ মুঠ সংখ্যা ২৫২ জনলৈ বৃদ্ধি পাইছে। ন্যায়াধীশ অভিজিত গঙ্গোপাধ্যায়ে পূৰ্বৰ আদেশত মুঠ ২৬৯ জন প্ৰাথমিক শিক্ষকৰ কামৰ পৰা অপসাৰণৰ নিৰ্দেশ দিছিল । এই ৫৯ জন লোক তেওঁলোকৰ মাজৰে আছিল। 

চাকৰি হেৰুওৱা কিছুমান ব্যক্তিসকলৰ  আবেদনৰ পিছতে  উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে এই ২৬৯ জন ব্যক্তিৰ আবেদনৰ  শুনানিৰ  সুযোগ উচ্চ ন্যায়ালয়ে দিব লাগে।

শপতনামাৰ জৰিয়তে দাখিল কৰা লোক কেইজনৰ আবেদনত অসন্তুষ্ট হৈ ন্যায়াধীশ গঙ্গোপাধ্যায়ে বৃহস্পতিবাৰে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে কাম কৰি থকা ৫৯ জন লোকক বৰ্খাস্ত কৰাৰ নিৰ্দেশটো বাহাল ৰাখে।  শীৰ্ষ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি, ২৬৯  জন ব্যক্তিৰ ভিতৰত, উচ্চ ন্যায়ালয়ে ইতিমধ্যে এনে ১৯২ জন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্তৰ নিৰ্দেশ দিছিল।উল্লেখ্য ২৩ ডিচেম্বৰৰ আদেশত ৫৩ জনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাটোবাহাল ৰখা হৈছিল আৰু ৪ জানুৱাৰীৰ আদেশত আন ১৪০  জনৰ চাকৰি হেৰুওৱাটো নিশ্চিত কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু