--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলকাতা উচ্চ ন্যায়ালয়ে  পশ্চিম বংগ চৰকাৰৰ পৃষ্ঠপোষকতাত আৰু সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহৰ ৫৯ জন প্ৰাথমিক শিক্ষকৰ চাকৰিৰ পৰা অবৈধ উপায়েৰে নিযুক্তি লাভ কৰাৰ বাবে বৰ্খাস্ত কৰাৰ নিৰ্দেশ বাহাল ৰাখিছে।   ফলত চাকৰি হেৰুওৱা এনে লোকৰ মুঠ সংখ্যা ২৫২ জনলৈ বৃদ্ধি পাইছে। ন্যায়াধীশ অভিজিত গঙ্গোপাধ্যায়ে পূৰ্বৰ আদেশত মুঠ ২৬৯ জন প্ৰাথমিক শিক্ষকৰ কামৰ পৰা অপসাৰণৰ নিৰ্দেশ দিছিল । এই ৫৯ জন লোক তেওঁলোকৰ মাজৰে আছিল। 

চাকৰি হেৰুওৱা কিছুমান ব্যক্তিসকলৰ  আবেদনৰ পিছতে  উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে এই ২৬৯ জন ব্যক্তিৰ আবেদনৰ  শুনানিৰ  সুযোগ উচ্চ ন্যায়ালয়ে দিব লাগে।

শপতনামাৰ জৰিয়তে দাখিল কৰা লোক কেইজনৰ আবেদনত অসন্তুষ্ট হৈ ন্যায়াধীশ গঙ্গোপাধ্যায়ে বৃহস্পতিবাৰে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে কাম কৰি থকা ৫৯ জন লোকক বৰ্খাস্ত কৰাৰ নিৰ্দেশটো বাহাল ৰাখে।  শীৰ্ষ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি, ২৬৯  জন ব্যক্তিৰ ভিতৰত, উচ্চ ন্যায়ালয়ে ইতিমধ্যে এনে ১৯২ জন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্তৰ নিৰ্দেশ দিছিল।উল্লেখ্য ২৩ ডিচেম্বৰৰ আদেশত ৫৩ জনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাটোবাহাল ৰখা হৈছিল আৰু ৪ জানুৱাৰীৰ আদেশত আন ১৪০  জনৰ চাকৰি হেৰুওৱাটো নিশ্চিত কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক