--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই মুকলি কৰা হ’ব অযোধ্যাৰ ৰাম মন্দিৰ। এই কথা জানিবলৈ দিছে ৰাম মন্দিৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে।

ৰায়ে জনায় যে ২০২৪ চনৰ জানুৱাৰীত মকৰ সংক্ৰান্তিৰ দিনা নিৰ্মীয়মান মন্দিৰত শ্ৰীৰামচন্দ্ৰৰ মূৰ্তি স্থাপন কৰাৰ পাছতে মন্দিৰৰ দৰ্জা খুলি দিয়া হ’ব। মন্দিৰ চৌহদত ৰামৰ উপৰিও আন কেইবাগৰাকী দেৱ-দেৱীৰ মূৰ্তি স্থাপন কৰা হ’ব।

মঙলবাৰে ট্ৰাষ্টৰ তৰফৰ পৰা জনোৱা হৈছে যে মন্দিৰৰ কাম-কাজৰ আধাখিনি শেষ হৈ গৈছে। মন্দিৰ নিৰ্মাণ কাৰ্যক লৈ সন্তুষ্ট বুলিও ট্ৰাষ্টে জনায়।

ৰাম মন্দিৰ নিৰ্মাণত হোৱা খৰচৰ পৰিমাণো ট্ৰাষ্টে জনায়। ইয়াৰ বাবে প্ৰয়োজন হৈছে ১৮০০ কোটি টকা।

উল্লেখ্য যে ২০২০ চনৰ ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ ভেটি স্থাপন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰপাছতে মন্দিৰ নিৰ্মাণৰ কাম আগবাঢ়িছে।

চলিত বৰ্ষৰ জুন মাহত ৰাম মন্দিৰৰ গৰ্ভগৃহত প্ৰথমটো শিলান্যাস কৰে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। যোগীয়ে জনাইছিল ৫০০ বছৰৰ সংগ্ৰাম সফল হ’ল।

ৰামমন্দিৰ নিৰ্মাণৰ কাম-কাজ চলোৱা সংস্তাটো হৈছে লাৰ্চেন এণ্ড টুব্ৰো। কামসমূহ চোৱা-চিতা কৰিছে টাটা কনচাল্টিং ইঞ্জিনিয়াৰ্ছে।

 ৰাম মন্দিৰক দৃষ্টিনন্দনভাৱে সজাই তুলিবলৈ চেষ্টা কৰিছে নিৰ্মাণকাৰীসকলে। মন্দিৰৰ দেৱালত বহোৱা হ’ব ৰাজস্থানৰ গোলাপী ৰঙৰ বেলেপাথৰ আৰু মাৰ্বল পাথৰ। কৰ্ণাটকৰ পৰা অনা হৈছে গ্ৰেণাইট।

কেৱল সেয়ে নহয়, মন্দিৰৰ গৰ্ভগৃহ পোহৰাই ৰাখিবলৈ ৰাজস্থানৰ মাকৰানা পাহাৰৰ পৰা অনা হৈছে বিশেষধৰণৰ বগা মাৰ্বলপাথৰ।

মুঠ ১১০ একৰ জমিত নিৰ্মাণ কৰা মন্দিৰটোৰ চৌহদত এটা যাদুঘৰ, এটা গৱেষণা প্ৰতিষ্টান আৰু এটা আৰ্কাইভো খোলা হ’ব।

জানিব পৰামতে, মূল মন্দিৰটোক ঘেৰি আৰু ছটাকৈ মন্দিৰ থাকিব। এই মন্দিৰকেইটা হৈছে ব্ৰহ্মামন্দিৰ, সূৰ্যমন্দিৰ, গণেশমন্দিৰ, শিৱমন্দিৰ, বিষ্ণুমন্দিৰ আৰু দূৰ্গামন্দিৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু