--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই মুকলি কৰা হব অযোধ্যাৰ ৰাম মন্দিৰ। এই কথা জানিবলৈ দিছে ৰাম মন্দিৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে।

ৰায়ে জনায় যে ২০২৪ চনৰ জানুৱাৰীত মকৰ সংক্ৰান্তিৰ দিনা নিৰ্মীয়মান মন্দিৰত শ্ৰীৰামচন্দ্ৰৰ মূৰ্তি স্থাপন কৰাৰ পাছতে মন্দিৰৰ দৰ্জা খুলি দিয়া হব। মন্দিৰ চৌহদত ৰামৰ উপৰিও আন কেইবাগৰাকী দেৱ-দেৱীৰ মূৰ্তি স্থাপন কৰা হব।

মঙলবাৰে ট্ৰাষ্টৰ তৰফৰ পৰা জনোৱা হৈছে যে মন্দিৰৰ কাম-কাজৰ আধাখিনি শেষ হৈ গৈছে। মন্দিৰ নিৰ্মাণ কাৰ্যক লৈ সন্তুষ্ট বুলিও ট্ৰাষ্টে জনায়।

ৰাম মন্দিৰ নিৰ্মাণত হোৱা খৰচৰ পৰিমাণো ট্ৰাষ্টে জনায়। ইয়াৰ বাবে প্ৰয়োজন হৈছে ১৮০০ কোটি টকা।

উল্লেখ্য যে ২০২০ চনৰ ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ ভেটি স্থাপন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰপাছতে মন্দিৰ নিৰ্মাণৰ কাম আগবাঢ়িছে।

চলিত বৰ্ষৰ জুন মাহত ৰাম মন্দিৰৰ গৰ্ভগৃহত প্ৰথমটো শিলান্যাস কৰে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। যোগীয়ে জনাইছিল ৫০০ বছৰৰ সংগ্ৰাম সফল হল।

ৰামমন্দিৰ নিৰ্মাণৰ কাম-কাজ চলোৱা সংস্তাটো হৈছে লাৰ্চেন এণ্ড টুব্ৰো। কামসমূহ চোৱা-চিতা কৰিছে টাটা কনচাল্টিং ইঞ্জিনিয়াৰ্ছে।

 ৰাম মন্দিৰক দৃষ্টিনন্দনভাৱে সজাই তুলিবলৈ চেষ্টা কৰিছে নিৰ্মাণকাৰীসকলে। মন্দিৰৰ দেৱালত বহোৱা হব ৰাজস্থানৰ গোলাপী ৰঙৰ বেলেপাথৰ আৰু মাৰ্বল পাথৰ। কৰ্ণাটকৰ পৰা অনা হৈছে গ্ৰেণাইট।

কেৱল সেয়ে নহয়, মন্দিৰৰ গৰ্ভগৃহ পোহৰাই ৰাখিবলৈ ৰাজস্থানৰ মাকৰানা পাহাৰৰ পৰা অনা হৈছে বিশেষধৰণৰ বগা মাৰ্বলপাথৰ।

মুঠ ১১০ একৰ জমিত নিৰ্মাণ কৰা মন্দিৰটোৰ চৌহদত এটা যাদুঘৰ, এটা গৱেষণা প্ৰতিষ্টান আৰু এটা আৰ্কাইভো খোলা হব।

জানিব পৰামতে, মূল মন্দিৰটোক ঘেৰি আৰু ছটাকৈ মন্দিৰ থাকিব। এই মন্দিৰকেইটা হৈছে ব্ৰহ্মামন্দিৰ, সূৰ্যমন্দিৰ, গণেশমন্দিৰ, শিৱমন্দিৰ, বিষ্ণুমন্দিৰ আৰু দূৰ্গামন্দিৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক