--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জোঁৱাই ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী। ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাপক এন আৰ নাৰায়ণ মূৰ্তি এই খবৰটো পাই উল্লাসিত আৰু গৌৰৱান্বিত। নাৰায়ণ মূৰ্তিৰ কন্যা অক্ষতাৰ বিবাহ ঋষি সুনকৰ সৈতে।

দেওবাৰে ৪২ বছৰীয়া ঋষিয়ে কনজাৰ্ভেটিভ পাৰ্টিৰ আভ্যন্তৰীণ দৌৰত জয়লাভ কৰে। তেওঁ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হোৱা ভাৰতীয় মূলৰ প্ৰথম ব্যক্তি হিচাপে পৰিগণিত হয়। ইংলেণ্ডত বসবাস কৰা ভাৰতীয়সকলৰ উপৰি ঋষিৰ শহুৱেক নাৰায়ণ মূৰ্তিও এই খবৰটো পাই আনন্দিত হৈছে। প্ৰথম সঁহাৰিত তেওঁ ক'লে, "অভিনন্দন ঋষি! আমি আপোনাক লৈ গৌৰৱান্বিত। তাৰ পিছত ইনফ'ছিছৰ সহ-প্ৰতিষ্ঠাপকগৰাকীয়ে কয়, "আমি নিশ্চিত, ঋষিয়ে যুক্তৰাজ্যৰ সকলো জনসাধাৰণৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব।''

ডাক্তৰ পিতৃ আৰু ফাৰ্মাচিষ্ট মাতৃৰ পুত্ৰ ঋষি। ইংলেণ্ডৰ অন্যতম বিখ্যাত বিদ্যালয় ৱিনচেষ্টাৰ স্কুলত অধ্যয়ন কৰিছিল। তাৰ পাছত অক্সফৰ্ডত উচ্চ শিক্ষা। কেৰিয়াৰৰ সময়ছোৱাত ঋষিয়ে একেৰাহে তিনি বছৰ ধৰি গোল্ডমেন চেক্স গ্ৰুপত কাম কৰিছিল। তাৰ পিছত আমেৰিকাৰ কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম বি এ কৰে। ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ কন্যা অক্ষতাৰে তাতেই ঋষিক লগ পাইছিল। ২০০৯ চনত ঋষিয়ে অক্ষিতাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কৃষ্ণ আৰু অনুষ্কা নামৰ দুগৰাকী কন্যা সন্তান আছে দম্পতীহালৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক