--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ধৰ্ষণত অভিযুক্ত গুৰমীত ৰাম ৰহিমৰ আৰ্শীবাদ ললে হাৰিয়ানাৰ কেইবাজনো বিজেপি নেতাই। তাৰপাছতে সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ।

উল্লেখ্য যে হাৰিয়ানাত সোনকালেই উপনিৰ্বাচন অনুষ্ঠিত হ, তেনেসময়তে বৰ্তমান জামিনত থকা ৰাম ৰহিমৰ আৰ্শীবাদ লোৱাটো লক্ষ্যণীয় হৈ পৰিছে।

কাৰাগাৰৰ পৰা উলায়েই ৰাম ৰহিমে হাৰিয়ানাৰ বিভিন্ন ঠাইত সৎসংগ অনুষ্ঠান আয়োজন কৰি আহিছে। অনুষ্ঠানসমূহলৈ শাসনাধীষ্ঠ বিজেপিৰ অনেক নেতাৰ সোঁত বৈছে।

ৰাম ৰহিমৰ ওচৰত আৰ্শীবাদ লোৱা নেতাসকলৰ ভিতৰত হাৰিয়ানাৰ জিন্দ সমষ্টিৰ বিধায়ক কৃষ্ণাণ মিদ্ধাও আছে। টাইমছ নাওৱে প্ৰকাশ কৰা এটা ভিডিঅত দেখা গৈছে যে ৰাম ৰহিমৰ ওপৰত থকা সকলো অভিযোগক বিধায়কগৰাকীয়ে ''অপ্ৰয়োজনীয় বিতৰ্ক’’ হিচাপে আখ্যা দিছে।

''তেওঁ ভাল শিক্ষা দি আছে।’’- ৰাম ৰহিমৰ বিষয়ে বিধায়কগৰাকীয়ে কয়- ''মানুহে বিনা কাৰণত অপ্ৰয়োজনীয় বিতৰ্ক কৰি আছে।’’

বিধায়ক মিদ্ধাৰ উপৰিও হাৰিয়ানা বিধানসভাৰ উপ অধ্যক্ষ ৰণবীৰ গাংৱা আৰু কাৰ্ণালৰ মেয়ৰ ৰেণু বালাইও ৰাম ৰহিমৰ আৰ্শীবাদ লৈছে।

এইদৰে এজন ধৰ্ষণত অভিযুক্ত ধৰ্মগুৰুৰ আৰ্শীবাদ লোৱাক লৈ বিজেপি নেতাসকলৰ সমালোচনাত মুখৰ হৈ পৰিছে বিৰোধী শিবিৰ। কিন্তু বিজেপি নেতাসকলে ইয়াক তেওঁলোকৰ ব্যক্তিগত ইচ্চা বুলি অভিহিত কৰিছে।

উল্লেখ্য যে ধৰ্ষণৰ গোচৰত অভিযুক্ত দেৰা চাছা ছৌদাৰ মুৰব্বী গুৰমীত ৰাম ৰহিম সিঙে হাৰিয়ানাৰ চুনাৰিয়া কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে। যোৱা শুক্ৰবাৰে তেওঁক ৪০ দিনৰ বাবে জামিন দিয়া হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ