--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ধৰ্ষণত অভিযুক্ত গুৰমীত ৰাম ৰহিমৰ আৰ্শীবাদ ললে হাৰিয়ানাৰ কেইবাজনো বিজেপি নেতাই। তাৰপাছতে সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ।

উল্লেখ্য যে হাৰিয়ানাত সোনকালেই উপনিৰ্বাচন অনুষ্ঠিত হ, তেনেসময়তে বৰ্তমান জামিনত থকা ৰাম ৰহিমৰ আৰ্শীবাদ লোৱাটো লক্ষ্যণীয় হৈ পৰিছে।

কাৰাগাৰৰ পৰা উলায়েই ৰাম ৰহিমে হাৰিয়ানাৰ বিভিন্ন ঠাইত সৎসংগ অনুষ্ঠান আয়োজন কৰি আহিছে। অনুষ্ঠানসমূহলৈ শাসনাধীষ্ঠ বিজেপিৰ অনেক নেতাৰ সোঁত বৈছে।

ৰাম ৰহিমৰ ওচৰত আৰ্শীবাদ লোৱা নেতাসকলৰ ভিতৰত হাৰিয়ানাৰ জিন্দ সমষ্টিৰ বিধায়ক কৃষ্ণাণ মিদ্ধাও আছে। টাইমছ নাওৱে প্ৰকাশ কৰা এটা ভিডিঅত দেখা গৈছে যে ৰাম ৰহিমৰ ওপৰত থকা সকলো অভিযোগক বিধায়কগৰাকীয়ে ''অপ্ৰয়োজনীয় বিতৰ্ক’’ হিচাপে আখ্যা দিছে।

''তেওঁ ভাল শিক্ষা দি আছে।’’- ৰাম ৰহিমৰ বিষয়ে বিধায়কগৰাকীয়ে কয়- ''মানুহে বিনা কাৰণত অপ্ৰয়োজনীয় বিতৰ্ক কৰি আছে।’’

বিধায়ক মিদ্ধাৰ উপৰিও হাৰিয়ানা বিধানসভাৰ উপ অধ্যক্ষ ৰণবীৰ গাংৱা আৰু কাৰ্ণালৰ মেয়ৰ ৰেণু বালাইও ৰাম ৰহিমৰ আৰ্শীবাদ লৈছে।

এইদৰে এজন ধৰ্ষণত অভিযুক্ত ধৰ্মগুৰুৰ আৰ্শীবাদ লোৱাক লৈ বিজেপি নেতাসকলৰ সমালোচনাত মুখৰ হৈ পৰিছে বিৰোধী শিবিৰ। কিন্তু বিজেপি নেতাসকলে ইয়াক তেওঁলোকৰ ব্যক্তিগত ইচ্চা বুলি অভিহিত কৰিছে।

উল্লেখ্য যে ধৰ্ষণৰ গোচৰত অভিযুক্ত দেৰা চাছা ছৌদাৰ মুৰব্বী গুৰমীত ৰাম ৰহিম সিঙে হাৰিয়ানাৰ চুনাৰিয়া কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে। যোৱা শুক্ৰবাৰে তেওঁক ৪০ দিনৰ বাবে জামিন দিয়া হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক