--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক নতুন প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেতা হ’ল শ্বাহৰুখ খান। ২০২৩ চনত তিনিটাকৈ হিট গীত আগবঢ়োৱা বলীউডৰ ছুপাৰষ্টাৰগৰাকীয়ে বলীউডৰ তাৰকা আমিৰ খান, ছলমান খান আৰু অক্ষয় কুমাৰৰ লগতে দক্ষিণ ভাৰতৰ তাৰকা ৰজনীকান্ত, প্ৰভাস, থালাপথী বিজয় আৰু আল্লু অৰ্জুনক পৰাস্ত কৰি এই তালিকাৰ সন্মানীয় স্থান লাভ কৰিছে। ২০২৪ চনৰ শীৰ্ষ ১০ গৰাকী সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেতাৰ ভিতৰত অমিতাভ বচ্চনৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল।

আইএমডিবিৰ পৰা সংকলিত তথ্যৰে ফৰ্বছে প্ৰস্তুত কৰা এখন তালিকাত শ্বাহৰুখ খানে প্ৰতিখন ছবিৰ পৰা ১৫০ কোটিৰ পৰা ২৫০ কোটি টকা লোৱা বুলি জানিব পৰা গৈছে। শ্বাহৰুখৰ পিছতে আছে তামিল ছুপাৰষ্টাৰ ৰজনীকান্ত। তেওঁ ১৫০ কোটিৰ পৰা ২১০ কোটি টকাৰ ভিতৰত চাৰ্জ লয়। তৃতীয় স্থান লাভ কৰিছে থালাপথী বিজয়ে। তেওঁ প্ৰতিটো প্ৰকল্পৰ বাবে ১৩০ কোটিৰ পৰা ২০০ কোটি টকা লোৱা বুলি কোৱা হৈছে।

বিজয়ৰ পিছতে প্ৰভাছে প্ৰায় ১০০ কোটিৰ পৰা ২০০ কোটি টকা লয়। শীৰ্ষ ৫ ৰ স্থানত আছে আমিৰ খান। তেওঁ প্ৰতিখন ছবিৰ বাবে ১০০ কোটিৰ পৰা ১৭৫ কোটি টকা লোৱা বুলি ধাৰণা কৰা হৈছে। ৬ নং স্থানত ছলমান খান, যিয়ে ১০০ কোটিৰ পৰা ১৫০ কোটি টকাৰ ভিতৰত কাম কৰে। কমল হাছানে ৭ম স্থানত থিয় দিছে, যিয়ে ১০০ কোটিৰ পৰা ১৫০ কোটি টকাৰ ভিতৰত লয় বুলি কোৱা হৈছে; আৰু ৮ নম্বৰ স্থানত আছে আল্লু অৰ্জুন, তেওঁ ১০০ কোটিৰ পৰা ১২৫ কোটি টকা পাৰিশ্ৰমিক লয়।

অক্ষয় কুমাৰ আৰু অজিত কুমাৰে ন আৰু দহ নম্বৰ স্থানত আছে। অক্ষয় কুমাৰে ৬০ কোটিৰ পৰা ১৪৫ কোটি টকাৰ ভিতৰত যিকোনো ধন লোৱা বুলি ধাৰণা কৰা হৈছে। অজিত কুমাৰে ১০৫ কোটি লয় তেওঁৰ প্ৰকল্পত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ