--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক নতুন প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেতা হ’ল শ্বাহৰুখ খান। ২০২৩ চনত তিনিটাকৈ হিট গীত আগবঢ়োৱা বলীউডৰ ছুপাৰষ্টাৰগৰাকীয়ে বলীউডৰ তাৰকা আমিৰ খান, ছলমান খান আৰু অক্ষয় কুমাৰৰ লগতে দক্ষিণ ভাৰতৰ তাৰকা ৰজনীকান্ত, প্ৰভাস, থালাপথী বিজয় আৰু আল্লু অৰ্জুনক পৰাস্ত কৰি এই তালিকাৰ সন্মানীয় স্থান লাভ কৰিছে। ২০২৪ চনৰ শীৰ্ষ ১০ গৰাকী সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেতাৰ ভিতৰত অমিতাভ বচ্চনৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল।

আইএমডিবিৰ পৰা সংকলিত তথ্যৰে ফৰ্বছে প্ৰস্তুত কৰা এখন তালিকাত শ্বাহৰুখ খানে প্ৰতিখন ছবিৰ পৰা ১৫০ কোটিৰ পৰা ২৫০ কোটি টকা লোৱা বুলি জানিব পৰা গৈছে। শ্বাহৰুখৰ পিছতে আছে তামিল ছুপাৰষ্টাৰ ৰজনীকান্ত। তেওঁ ১৫০ কোটিৰ পৰা ২১০ কোটি টকাৰ ভিতৰত চাৰ্জ লয়। তৃতীয় স্থান লাভ কৰিছে থালাপথী বিজয়ে। তেওঁ প্ৰতিটো প্ৰকল্পৰ বাবে ১৩০ কোটিৰ পৰা ২০০ কোটি টকা লোৱা বুলি কোৱা হৈছে।

বিজয়ৰ পিছতে প্ৰভাছে প্ৰায় ১০০ কোটিৰ পৰা ২০০ কোটি টকা লয়। শীৰ্ষ ৫ ৰ স্থানত আছে আমিৰ খান। তেওঁ প্ৰতিখন ছবিৰ বাবে ১০০ কোটিৰ পৰা ১৭৫ কোটি টকা লোৱা বুলি ধাৰণা কৰা হৈছে। ৬ নং স্থানত ছলমান খান, যিয়ে ১০০ কোটিৰ পৰা ১৫০ কোটি টকাৰ ভিতৰত কাম কৰে। কমল হাছানে ৭ম স্থানত থিয় দিছে, যিয়ে ১০০ কোটিৰ পৰা ১৫০ কোটি টকাৰ ভিতৰত লয় বুলি কোৱা হৈছে; আৰু ৮ নম্বৰ স্থানত আছে আল্লু অৰ্জুন, তেওঁ ১০০ কোটিৰ পৰা ১২৫ কোটি টকা পাৰিশ্ৰমিক লয়।

অক্ষয় কুমাৰ আৰু অজিত কুমাৰে ন আৰু দহ নম্বৰ স্থানত আছে। অক্ষয় কুমাৰে ৬০ কোটিৰ পৰা ১৪৫ কোটি টকাৰ ভিতৰত যিকোনো ধন লোৱা বুলি ধাৰণা কৰা হৈছে। অজিত কুমাৰে ১০৫ কোটি লয় তেওঁৰ প্ৰকল্পত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু