--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্টাদশ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মহিলা পৰিচালকসকলৰ বাবে  "এছিয়ান মহিলা চলচ্চিত্ৰ নিৰ্মাতা" শীৰ্ষক বিশেষ নিৰ্বাচিত পেকেজ ৰখা হৈছে। এই পেকেজৰ উদ্দেশ্য হৈছে এছিয়াৰ মহিলা ছবি নিৰ্মাতাসকলক  উৎসাহিত  কৰা।  চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত  মহিলাসকলৰ শক্তি, আৰু সৃষ্টিশীলতাক  উৎসাহিত  কৰিবলৈয়েই এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ।ইণ্টাৰনেছনেল এছ‘চিয়েছন অব ৱমেন ইন ৰেডিঅ‘ এণ্ড টেলিভিছনে উপস্থাপন কৰা বিভিন্ন সৃষ্টিকৰ্মই মহলা  সৱলীকৰণ, সফলতাৰ কাহিনী আৰু সমতাৰ  বিষয়বস্তুক সামৰি লৈছে। এনে বোৰ সৃষ্টিকৰ্মই  দৰ্শকক এক বৈচিত্ৰময় আৰু প্ৰেৰণাদায়ক অনুভূতি আগবঢ়াবলৈ সক্ষম হৈছে। 

"এছিয়ান মহিলা চলচ্চিত্ৰ নিৰ্মাতা" পেকেজত অন্তৰ্ভুক্ত  পাঁচখন ব্যতিক্ৰমী ছবিয়ে সমগ্ৰ এছিয়াৰ ছগৰাকী মহিলা পৰিচালকৰ প্ৰতিভাক উদ্ভাসিত কৰিছে।  প্ৰতিখন ছবিয়ে মত প্ৰকাশৰ স্বাধীনতা, সমাজত বিদ্যমান  প্ৰত্যাহ্বান আৰু নাৰীৰ অদম্য সাসহৰ  এক অনন্য দৃষ্টিভংগী প্ৰতিফলিত কৰিছে।

এই বিশেষ শিতানত অন্তৰ্ভুক্ত কৰা ছবিসমূহ হ’ল-

১) ডুয়েট

একিন ইলকবাগ আৰু ইডিল আক্কুছ পৰিচালিত ছবি  "ডুয়েট"-এ দুগৰাকী  সাঁতোৰবিদ মিশ্ৰ আৰু ডেফনেৰ কাহিনীক প্ৰতিফলিত কৰিছে। তেওঁলোক আজন্ম বন্ধু।  তেওঁলোকে ২০১৬ চনত অলিম্পিকত স্থান লাভ কৰিব পৰা নাছিল আৰু ২০২০ চনৰ অলিম্পিকৰ বাবে তেওঁলোকে  যোগ্যতা অৰ্জন কৰিবলৈ প্ৰাণপণে চেষ্টা কৰিছিল। কিন্তু সেই পথ মসৃণ নাছিল, এটা অদক্ষ ফেডাৰেচন , কভিড-১৯ মহামাৰীৰ সংহাৰ আৰু  এলজিবিটিকিউআইএ(সমকামী) সম্প্ৰদায়ৰ প্ৰতি  সমাজৰ দৃষ্টিভংগীয়ে তেওঁলোকক বহু ক্ষেত্ৰত হতাশ কৰিছিল।  ছবিৰ কাহিনী তেনেদৰেই আগবাঢ়িছিল।   ছবিখনে দৰ্শকক নানা দিশৰ সন্ধান দিছে। ছবি খনত প্ৰতিটো  চৰিত্ৰ মূৰ্ত হৈ পৰিছে।


পৰিচালকসকলৰ বিষয়ে:

একিন ইলকবাগ: লণ্ডনৰ কলা বিশ্ববিদ্যালয়ৰ স্নাতক একিনে  ইস্তানবুললৈ  গৈ  সহকাৰী পৰিচালক হিচাপে কাম কৰে। "ডুয়েট" (২০২২), ছবি খনৰ জড়িয়তে তেওঁৰ পৰিচালক হিচাবে  অভিষেক ঘটিছিল। তেওঁৰ এই ছবি খনে ৫৯ সংখ্যক আন্টালিয়া গোল্ডেন অৰেঞ্জ চলচ্চিত্ৰ মহোৎসৱত বিশেষ জুৰী বঁটা লাভ কৰে।

ইডিল আক্কুছ: ইস্তানবুলত বাস কৰা এজন স্বতন্ত্ৰ পৰিচালক আৰু চলচ্চিত্ৰ সম্পাদক ইডিলে ইস্তানবুল বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰিছে। তেওঁ মূলতঃ টেলিভিছন ধাৰাবাহিক আৰু তথ্যচিত্ৰত কাম কৰি আহিছে।


২) টেকুইলা ছানছেট

জিনছুই ছঙৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত ৭০ বছৰীয়া জিয়া নামৰ এগৰাকী মহিলাই ডিমেনচিয়াত আক্ৰান্ত স্বামীৰ যত্ন লোৱাৰ মুহূৰ্তবোৰ চিত্ৰায়ণ কৰিছে।  জিয়াৰ এই যাত্ৰাত এগৰাকী বৃদ্ধাৰ সংগ্ৰাম আৰু সপোন অন্বেষণ সুন্দৰ তথা হৃদয়স্পৰ্শী সমাহাৰ ঘটিছে। ।



পৰিচালকৰ বিষয়ে:

জিনছুই ছং: চীনৰ শ্বেনজেনত ডাঙৰ-দীঘল হোৱা জিনছুইয়ে পৰম্পৰাগত মূল্যবোধ আৰু আধুনিক আকাংক্ষাৰ মাজৰ ভাৰসাম্য ৰক্ষা কৰি ছবি নিৰ্মাণ কৰি আহিছে। তেওঁৰ ছবিসমূহে চীনা আৰু চীনা-আমেৰিকান মহিলাসকলৰ অভিজ্ঞোক প্ৰতিফলিত কৰি আহিছে। 


৩) আমেৰিকান ড্ৰিম

ৰেনী শ্বিৰ এই এনিমেচন ছবি খনত এগৰাকী কণমানি ছোৱালীৰ কাহিনী কোৱা হৈছে,  যিয়ে তেওঁৰ বিদ্যালয়ত দুৰ্বৃত্তই গুলীচালনা কৰি কৰা মৃত্যুৰ খেলা স্বচক্ষে প্ৰত্যক্ষ কৰিছিল। ছবিখন সেই ঘটনাৰ  বলি হোৱা সকলোৰ  বাবে উৎসৰ্গা কৰা হৈছে। এই ছবিখনে এনে ঘটনাই মনত ছাপ বহওৱা বহু কথাই চিত্ৰিত কৰিছে। 



পৰিচালকৰ বিষয়ে:

ৰেনী শ্বি: ভাৰ্জিনিয়াৰ ফেয়াৰফেক্সত জন্মগ্ৰহণ কৰা ৰেনীৰ মন হাইস্কুলীয়া জীৱনৰ পৰাই  ছবি অঁকা, এনিমেচন, লিখা-মেলা কৰা আদিৰ  প্ৰতি আকৰ্ষণ আছিল । "আমেৰিকান ড্ৰিম" ছবি খনৰ জড়িয়তে তেওঁ মাৰ্কিন বিদ্যালয়ত গুলীচালনাৰ বলি হৈ মৃত্যুক সাৱটি লোৱাসকলৰ প্ৰতি এক আন্তৰিক শ্ৰদ্ধাঞ্জলি।


৪) হেপী ইনডিপেণ্ডেন্স ডে’

কেমিলা ছেগিনকন পৰিচালিত এই ছবিখন কাজাখস্তানৰ নতুন পৰিচয়ৰ সন্ধানৰ অন্বেষণ কৰিছে। ছবি খনে সমাজ আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ মাজত প্ৰেম হেৰুৱাই জীৱনৰ অৰ্থ বিচাৰি সংগ্ৰাম কৰা আদবয়সীয়া এগৰাকী লোক  মাৰাটৰ কাহিনী প্ৰতিফলিত কৰিছে।


পৰিচালকৰ বিষয়ে:

কেমিলা ছেগিনকন: আলমাটিৰ এগৰাকী গল্পকাৰ কেমিলাই চেণ্ট পিটাৰ্ছবাৰ্গত আইনৰ  ডিগ্ৰী লাভ কৰি কাজাখাস্তানলৈ গৈছিল। তাত তেওঁ প্ৰথমে   প্ৰযোজক, লেখিকা আৰু চিত্ৰনাট্যকাৰ হিচাবে কৰ্মজীৱন আৰম্ভ কৰিছিল। 


৫) ট্ৰায়েংগল 

জিনো হাডিৰ পৰিচালনাত নিৰ্মিত "ট্ৰায়েগল"ত  ছবি খনত যৌন নিৰ্যাতনৰ বলি হোৱা দুগৰাকী মহিলাৰ মাজৰ কৰুণ কাহিনী প্ৰতিফ্ৰলিত কৰা হৈছে। ছবি খনত তেওঁলোকে অতিক্ৰম কৰা  জটিল  পৰিস্থিতি জটিল  আৰু অভিজ্ঞতাসমূহক  সূক্ষ্মভাবে দৰ্শকৰ সন্মুখত তুলি ধৰা হৈছে। 


পৰিচালকৰ বিষয়ে:

জিনো হাদী: চুলেমানিয়াত জন্মগ্ৰহণ কৰা জিনোৱে চুলেমানিয়া বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতা বিষয়ত ডিগ্ৰী লাভ কৰাৰ লগতে পিছলৈ চিনেমা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।

"এছিয়ান মহিলা চলচ্চিত্ৰ নিৰ্মাতা" পেকেজৰ জড়িয়তে চিনেমাৰ মাধ্যমেৰে নাৰীৰ  কণ্ঠক শক্তিশালী ৰূপত উপস্থাপন কৰা হৈছে। এই ছবিসমূহে দৰ্শকক কেৱল মনোৰঞ্জন প্ৰদান কৰাই নহয়, বিভিন্ন সাংস্কৃতিক পটভূমিৰ পৰা অহা নাৰীৰ  পৃথিৱী খনক নাৰীৰ দৃষ্টিৰে চোৱাৰ অৱকাশ দিছে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল