--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৮ চনত লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া গ্ৰীষ্মকালীন অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত হ’বনে? এই প্ৰশ্নৰ উত্তৰ অহা ১৫ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ মুম্বাইত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ ১৪১ সংখ্যক অধিৱেশনত লোৱা হ’ব। এই সভাৰ মুকলি সভা অহা ১৪ অক্টোবৰত জিঅ’ ৱৰ্ল্ড চেণ্টাৰ (জে ডব্লিউ চি)ত অনুষ্ঠিত হ’ব। আই অ’ চিৰ চৰকাৰী ৱেবছাইটত প্ৰকাশিত বিবৃতি অনুসৰি এই অধিবেশনৰ পূৰ্বে ১২ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ আই অ’ চিৰ কাৰ্যবাহী ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত হ’ব।

আই অ’ চিৰ বৈঠক সন্দৰ্ভত দিয়া বিবৃতিত এটা সূত্ৰই কয় যে যদি ২০২৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত কৰা হয় তেন্তে মুম্বাই অধিৱেশনতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে ঘোষণা কৰা হ’ব। ইয়াৰ পূৰ্বে সিদ্ধান্ত লোৱা হ’ব যদিও আনুষ্ঠানিক যি কোনো কথা এই অধিৱেশনতহে ঘোষণা কৰা হ’ব।

অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত কৰাৰ বাবে আইচিচিয়ে ৬টা দলৰ ইভেণ্টৰ প্ৰস্তাৱ আগবঢ়াইছে। ইয়াত মহিলা আৰু পুৰুষ উভয় দল অন্তৰ্ভুক্ত কৰা হ’ব। টি-২০ ফৰ্মেটৰ এই ইভেণ্টৰ মেচসমূহ সম্পূৰ্ণ হ’বলৈ প্ৰায় ৩ ঘণ্টা সময় লাগিব।

১৯০০ চনত পেৰিছ গেমছত ক্ৰিকেট অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ পিছত ১২৩ বছৰ পাৰ হৈ গ’ল যদিও ক্ৰিকেট অলিম্পিকত অন্তৰ্ভুক্ত হোৱা নাই। ক্ৰিকেটৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি আই অ’ চিয়ে হয়তো ইয়াক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত ল’ব পাৰে। ক্ৰিকেট অন্তৰ্ভুক্ত হ’লে সংবাদ মাধ্যমৰ অধিকাৰৰ জৰিয়তেও ইয়াৰ উপাৰ্জন তিনিগুণ বৃদ্ধি পাব। বিচিচিআইয়েও আইচিচিয়ে ক্ৰিকেটক অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপক সমৰ্থন জনাইছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু