--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৮ চনত লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া গ্ৰীষ্মকালীন অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত হ’বনে? এই প্ৰশ্নৰ উত্তৰ অহা ১৫ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ মুম্বাইত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ ১৪১ সংখ্যক অধিৱেশনত লোৱা হ’ব। এই সভাৰ মুকলি সভা অহা ১৪ অক্টোবৰত জিঅ’ ৱৰ্ল্ড চেণ্টাৰ (জে ডব্লিউ চি)ত অনুষ্ঠিত হ’ব। আই অ’ চিৰ চৰকাৰী ৱেবছাইটত প্ৰকাশিত বিবৃতি অনুসৰি এই অধিবেশনৰ পূৰ্বে ১২ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ আই অ’ চিৰ কাৰ্যবাহী ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত হ’ব।

আই অ’ চিৰ বৈঠক সন্দৰ্ভত দিয়া বিবৃতিত এটা সূত্ৰই কয় যে যদি ২০২৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত কৰা হয় তেন্তে মুম্বাই অধিৱেশনতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে ঘোষণা কৰা হ’ব। ইয়াৰ পূৰ্বে সিদ্ধান্ত লোৱা হ’ব যদিও আনুষ্ঠানিক যি কোনো কথা এই অধিৱেশনতহে ঘোষণা কৰা হ’ব।

অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত কৰাৰ বাবে আইচিচিয়ে ৬টা দলৰ ইভেণ্টৰ প্ৰস্তাৱ আগবঢ়াইছে। ইয়াত মহিলা আৰু পুৰুষ উভয় দল অন্তৰ্ভুক্ত কৰা হ’ব। টি-২০ ফৰ্মেটৰ এই ইভেণ্টৰ মেচসমূহ সম্পূৰ্ণ হ’বলৈ প্ৰায় ৩ ঘণ্টা সময় লাগিব।

১৯০০ চনত পেৰিছ গেমছত ক্ৰিকেট অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ পিছত ১২৩ বছৰ পাৰ হৈ গ’ল যদিও ক্ৰিকেট অলিম্পিকত অন্তৰ্ভুক্ত হোৱা নাই। ক্ৰিকেটৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি আই অ’ চিয়ে হয়তো ইয়াক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত ল’ব পাৰে। ক্ৰিকেট অন্তৰ্ভুক্ত হ’লে সংবাদ মাধ্যমৰ অধিকাৰৰ জৰিয়তেও ইয়াৰ উপাৰ্জন তিনিগুণ বৃদ্ধি পাব। বিচিচিআইয়েও আইচিচিয়ে ক্ৰিকেটক অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপক সমৰ্থন জনাইছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব