--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্ষণৰ গোচৰত অভিযুক্ত শ্ৰীলংকাৰ ক্ৰিকেটাৰ গুণতিলকক কোনো পধ্যে বিচাৰৰ পৰা ৰেহাই দিয়া নহ’ব।  ইতিমধ্যে খেলুৱৈজনক শ্ৰীলংকা ক্ৰিকেটৰ পৰা নিষিদ্ধ কৰা হৈছে। তেওঁক যোৱা বছৰৰ নৱেম্বৰ মাহতে  গ্ৰেপ্তাৰ কৰা হৈছিল  গুণতিলকক যোৱা মাহত চাৰিটা অভিযোগৰ তিনিটাৰ পৰা মুক্তি দিয়া হৈছিল। বাকী থকা গোচৰটোৰ পৰা অৱশ্যে তেওঁক মুক্ত কৰা হোৱা নাই।

শেহতীয়াকৈ চিডনীৰ এখন আদালতে শ্ৰীলংকাৰ খেলুৱৈজনে সন্মতি অবিহনে যৌন সম্ভোগ কৰাৰ অভিযোগ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিছিল। অষ্ট্ৰেলিয়াৰ এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে শ্ৰীলংকাৰ ক্ৰিকেটাৰজনে জামিনৰ চৰ্ত শিথিল কৰিব বিচাৰি আবেদন কৰিছিল। তেওঁ আদালতত প্ৰতিদিনে উপস্থিত হোৱাৰ পৰিৱৰ্তে সপ্তাহত তিনিদিন উপস্থিত থকাৰ  অনুমতি বিচাৰি অনুৰোধ কৰিছিল।

শ্ৰীলংকাৰ ক্ৰিকেটাৰ গুণতিলকৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ মাজভাগত ধৰ্ষণৰ অভিযোগ উত্থাপন  হৈছিল। নিউ চাউথ ৱেলছ পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। গুণতিলকক  গ্ৰেপ্তাৰ কৰাৰ পিছত শ্ৰীলংকাৰ ক্ৰিকেট বোৰ্ডে  কৈছিল যে তেওঁলোকে পৃথকে তদন্ত কৰিব। যদি গুণতিলক  দোষী সাব্যস্ত হয় তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তাৰ পিছত তেওঁক শ্ৰীলংকাৰ বোৰ্ডে তেওঁক নিলম্বিত  কৰিছিল।

গুণতিলকে যোৱা বছৰৰ নৱেম্বৰ মাহত জামিন লাভ কৰিছিল। তেওঁক ২,০০,০০০ অষ্ট্ৰেলিয়ান ডলাৰৰ বিনিময়ত জামিন দিয়া হৈছিল।  তেওঁৰ বিৰুদ্ধে চাৰিটা ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে । সন্মতি অবিহনে শাৰীৰিক সম্পৰ্কত লিপ্ত হোৱাৰ উপৰি তেওঁ মহিলাক  শ্বাসৰুদ্ধ কৰাৰো অভিযোগ উত্থাপিত হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব