--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্ষণৰ গোচৰত অভিযুক্ত শ্ৰীলংকাৰ ক্ৰিকেটাৰ গুণতিলকক কোনো পধ্যে বিচাৰৰ পৰা ৰেহাই দিয়া নহ’ব।  ইতিমধ্যে খেলুৱৈজনক শ্ৰীলংকা ক্ৰিকেটৰ পৰা নিষিদ্ধ কৰা হৈছে। তেওঁক যোৱা বছৰৰ নৱেম্বৰ মাহতে  গ্ৰেপ্তাৰ কৰা হৈছিল  গুণতিলকক যোৱা মাহত চাৰিটা অভিযোগৰ তিনিটাৰ পৰা মুক্তি দিয়া হৈছিল। বাকী থকা গোচৰটোৰ পৰা অৱশ্যে তেওঁক মুক্ত কৰা হোৱা নাই।

শেহতীয়াকৈ চিডনীৰ এখন আদালতে শ্ৰীলংকাৰ খেলুৱৈজনে সন্মতি অবিহনে যৌন সম্ভোগ কৰাৰ অভিযোগ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিছিল। অষ্ট্ৰেলিয়াৰ এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে শ্ৰীলংকাৰ ক্ৰিকেটাৰজনে জামিনৰ চৰ্ত শিথিল কৰিব বিচাৰি আবেদন কৰিছিল। তেওঁ আদালতত প্ৰতিদিনে উপস্থিত হোৱাৰ পৰিৱৰ্তে সপ্তাহত তিনিদিন উপস্থিত থকাৰ  অনুমতি বিচাৰি অনুৰোধ কৰিছিল।

শ্ৰীলংকাৰ ক্ৰিকেটাৰ গুণতিলকৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ মাজভাগত ধৰ্ষণৰ অভিযোগ উত্থাপন  হৈছিল। নিউ চাউথ ৱেলছ পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। গুণতিলকক  গ্ৰেপ্তাৰ কৰাৰ পিছত শ্ৰীলংকাৰ ক্ৰিকেট বোৰ্ডে  কৈছিল যে তেওঁলোকে পৃথকে তদন্ত কৰিব। যদি গুণতিলক  দোষী সাব্যস্ত হয় তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তাৰ পিছত তেওঁক শ্ৰীলংকাৰ বোৰ্ডে তেওঁক নিলম্বিত  কৰিছিল।

গুণতিলকে যোৱা বছৰৰ নৱেম্বৰ মাহত জামিন লাভ কৰিছিল। তেওঁক ২,০০,০০০ অষ্ট্ৰেলিয়ান ডলাৰৰ বিনিময়ত জামিন দিয়া হৈছিল।  তেওঁৰ বিৰুদ্ধে চাৰিটা ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে । সন্মতি অবিহনে শাৰীৰিক সম্পৰ্কত লিপ্ত হোৱাৰ উপৰি তেওঁ মহিলাক  শ্বাসৰুদ্ধ কৰাৰো অভিযোগ উত্থাপিত হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু