--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিথযশা ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাই গঢ়িলে ইতিহাস৷অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত তৃতীয়টো উইকেট দখল কৰি ভাৰতীয় তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই ইতিহাস ৰচনা কৰে। অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত জাদেজাই টেষ্ট কেৰিয়াৰৰ ২৬৭ সংখ্যক উইকেট দখল কৰি বাওঁহতীয়া অষ্ট্ৰেলিয়ান বেটছমেন ট্ৰেভিছ হেডক পেভিলিয়নলৈ যোৱাৰ পথ দেখুৱাইছিল। ট্ৰেভিছ হেডৰ এই উইকেটটো আছিল জাদেজাৰ ডব্লিউ টি চি ফাইনেল ২০২৩ত অভেলত দখল কৰা তৃতীয়টো উইকেট। এই উইকেটৰ জৰিয়তে জাদেজা ভাৰতৰ হৈ তিনিওটা ফৰ্মেটতে সৰ্বাধিক উইকেট দখল কৰা বাওঁহতীয়া স্পিনাৰ হিচাপে পৰিগণিত হৈছে।

জাদেজা ইতিমধ্যে এদিনীয়া আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত বাওঁহতীয়া স্পিনাৰ হিচাপে ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰিছিল আৰু এতিয়া তেওঁ টেষ্টতো এই অভিলেখ নিজৰ নামলৈ লৈ গৈছে। টেষ্টতো বাওঁহাতৰ স্পিনাৰ হিচাপে ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে জাদেজা। টেষ্ট ক্ৰিকেটত তেওঁ ভাৰতৰ প্ৰাক্তন প্ৰবীণ বাওঁহাতৰ স্পিনাৰ বিষান বেদীক অতিক্ৰম কৰিছে।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অন্তিমখন খেলৰ জৰিয়তে জাদেজাই টেষ্ট কেৰিয়াৰত ২৬৭টা উইকেট সম্পূৰ্ণ কৰিছে। একে সময়তে ভাৰতীয় বাওঁহতীয়া প্ৰাক্তন স্পিনাৰ বিষান বেদীয়ে টেষ্টত টিম ইণ্ডিয়াৰ হৈ মুঠ ২৬৬টা উইকেট দখল কৰে। বিষাণ বেদীয়ে গঢ়া এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে জাদেজাই।

আনহাতে, এদিনীয়া মেচত জাদেজা দীৰ্ঘদিন ধৰি বাওঁহাতৰ স্পিনাৰ হিচাপে ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰিছে। জাদেজাই এই পৰ্যন্ত ১৭৪খন এদিনীয়াত ১৯১টা উইকেট দখল কৰিছে। ৱান ডে ইণ্টাৰনেশ্যনেলত বাওঁহাতৰ স্পিনাৰ হিচাপে ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় হ’ল কুলদীপ যাদৱ। উল্লেখযোগ্য কুলদীপে ১৩৪টা উইকেট দখল কৰিছে।

ইয়াৰ উপৰিও এই অভিলেখ ইতিমধ্যে টি-২০ ইণ্টাৰনেশ্যনেলতো জাদেজাৰ নামত পঞ্জীয়ন কৰা হৈছে। বাওঁহতীয়া স্পিনাৰ হিচাপে জাদেজাই টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতৰ হৈ সৰ্বাধিক ৫১টা উইকেট দখল কৰিছে। এই তালিকাত বাওঁহতীয়া খেলুৱৈ কুলদীপ যাদৱ ৪৬টা উইকেটৰে দ্বিতীয় স্থানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু