--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিথযশা ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাই গঢ়িলে ইতিহাস৷অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত তৃতীয়টো উইকেট দখল কৰি ভাৰতীয় তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই ইতিহাস ৰচনা কৰে। অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত জাদেজাই টেষ্ট কেৰিয়াৰৰ ২৬৭ সংখ্যক উইকেট দখল কৰি বাওঁহতীয়া অষ্ট্ৰেলিয়ান বেটছমেন ট্ৰেভিছ হেডক পেভিলিয়নলৈ যোৱাৰ পথ দেখুৱাইছিল। ট্ৰেভিছ হেডৰ এই উইকেটটো আছিল জাদেজাৰ ডব্লিউ টি চি ফাইনেল ২০২৩ত অভেলত দখল কৰা তৃতীয়টো উইকেট। এই উইকেটৰ জৰিয়তে জাদেজা ভাৰতৰ হৈ তিনিওটা ফৰ্মেটতে সৰ্বাধিক উইকেট দখল কৰা বাওঁহতীয়া স্পিনাৰ হিচাপে পৰিগণিত হৈছে।

জাদেজা ইতিমধ্যে এদিনীয়া আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত বাওঁহতীয়া স্পিনাৰ হিচাপে ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰিছিল আৰু এতিয়া তেওঁ টেষ্টতো এই অভিলেখ নিজৰ নামলৈ লৈ গৈছে। টেষ্টতো বাওঁহাতৰ স্পিনাৰ হিচাপে ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে জাদেজা। টেষ্ট ক্ৰিকেটত তেওঁ ভাৰতৰ প্ৰাক্তন প্ৰবীণ বাওঁহাতৰ স্পিনাৰ বিষান বেদীক অতিক্ৰম কৰিছে।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অন্তিমখন খেলৰ জৰিয়তে জাদেজাই টেষ্ট কেৰিয়াৰত ২৬৭টা উইকেট সম্পূৰ্ণ কৰিছে। একে সময়তে ভাৰতীয় বাওঁহতীয়া প্ৰাক্তন স্পিনাৰ বিষান বেদীয়ে টেষ্টত টিম ইণ্ডিয়াৰ হৈ মুঠ ২৬৬টা উইকেট দখল কৰে। বিষাণ বেদীয়ে গঢ়া এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে জাদেজাই।

আনহাতে, এদিনীয়া মেচত জাদেজা দীৰ্ঘদিন ধৰি বাওঁহাতৰ স্পিনাৰ হিচাপে ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰিছে। জাদেজাই এই পৰ্যন্ত ১৭৪খন এদিনীয়াত ১৯১টা উইকেট দখল কৰিছে। ৱান ডে ইণ্টাৰনেশ্যনেলত বাওঁহাতৰ স্পিনাৰ হিচাপে ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় হ’ল কুলদীপ যাদৱ। উল্লেখযোগ্য কুলদীপে ১৩৪টা উইকেট দখল কৰিছে।

ইয়াৰ উপৰিও এই অভিলেখ ইতিমধ্যে টি-২০ ইণ্টাৰনেশ্যনেলতো জাদেজাৰ নামত পঞ্জীয়ন কৰা হৈছে। বাওঁহতীয়া স্পিনাৰ হিচাপে জাদেজাই টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতৰ হৈ সৰ্বাধিক ৫১টা উইকেট দখল কৰিছে। এই তালিকাত বাওঁহতীয়া খেলুৱৈ কুলদীপ যাদৱ ৪৬টা উইকেটৰে দ্বিতীয় স্থানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব