--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বকাপ ফুটবলৰ শতবাৰ্ষিকী পূৰ্ণ হ’ব ২০৩০ চনত। আৰ্জেণ্টিনা, উৰুগুৱে আৰু পাৰাগুৱেই সন্মিলিতভাৱে বিশ্বকাপ আয়োজনৰ বাবে নিবিদা দাখিল কৰিছে।কাটাৰ বিশ্বকাপ শেষ হোৱাৰ কেইমাহমান উকলি গৈছে । এইবাৰৰ বিশ্বকাপত আৰ্জেণ্টিনাই ৩৬ বছৰৰ পিছত কাপ জিকিছে।

ইতিমধ্যে ঘোষণা কৰা হৈছে যে ২০২৬ চনৰ বিশ্বকাপ নিয়ম অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত অনুষ্ঠিত হ'ব। অৱশ্যে ২০৩০ চনৰ বিশ্বকাপৰ প্ৰস্তুতিও ইতিমধ্যে আৰম্ভ হৈছে। ২০৩০ চনৰ বিশ্বকাপত এই আন্তঃৰাষ্ট্ৰীয় খেল খনে   ১০০ বছৰত ভৰি দিব৷ সেয়ে ২০৩০ চনৰ বিশ্বকাপৰ আমেজেই সুকীয়া হ’ব৷  শেহতীয়াকৈ  আৰ্জেণ্টিনা, চিলি, পাৰাগুৱে আৰু উৰুগুৱেই একেলগে ২০৩০ চনৰ বিশ্বকাপৰ বাবে আনুষ্ঠানিকভাৱে নিবিদা দাখিল কৰিছে। 

আৰ্জেণ্টিনা ফুটবল এছ'চিয়েশ্যনৰ (এএফএ) এক অনুষ্ঠানত চাৰিখন দেশৰ বিষয়াসকলে দক্ষিণ আমেৰিকাৰ ফুটবল কনফেডাৰেচনৰ সভাপতি আলেজান্দ্ৰো ডমিনগুয়েজৰ সৈতে অনুষ্ঠানটোত যোগদান কৰে। আলেজান্দ্ৰোৱে অনুষ্ঠানটোত কয় যে তেওঁ আশা কৰিছে যে ফিফাই তেওঁলোকক প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ অনুমতি দিব ।"২০৩০ চনৰ বিশ্বকাপ কেৱল  এখন বিশ্বকাপ নহয়। এয়া ১০০ বছৰৰ ইতিহাস। প্ৰথম বিশ্বকাপ ১৯৩০ চনত মন্টেভিডিঅ'তেই আৰম্ভ হৈছিল। "

এএফএৰ সভাপতি ক্লদিও টাপিয়াই কয়, "বিশ্ব চেম্পিয়ন হিচাপে আমি ইয়াক পৰিচালনা কৰিব বিচাৰো। এয়া দক্ষিণ আমেৰিকানসকলৰো সপোন। আমি এয়া কেৱল বিশ্বকাপৰ ১০০ বছৰৰ উপলক্ষ্যে  কৰিব নিবিচাৰো। আমি ফুটবলৰ প্ৰতি থকা আবেগৰ বাবে এয়া  কৰিব বিচাৰো। '






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক