--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বকাপ ফুটবলৰ শতবাৰ্ষিকী পূৰ্ণ হ’ব ২০৩০ চনত। আৰ্জেণ্টিনা, উৰুগুৱে আৰু পাৰাগুৱেই সন্মিলিতভাৱে বিশ্বকাপ আয়োজনৰ বাবে নিবিদা দাখিল কৰিছে।কাটাৰ বিশ্বকাপ শেষ হোৱাৰ কেইমাহমান উকলি গৈছে । এইবাৰৰ বিশ্বকাপত আৰ্জেণ্টিনাই ৩৬ বছৰৰ পিছত কাপ জিকিছে।

ইতিমধ্যে ঘোষণা কৰা হৈছে যে ২০২৬ চনৰ বিশ্বকাপ নিয়ম অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত অনুষ্ঠিত হ'ব। অৱশ্যে ২০৩০ চনৰ বিশ্বকাপৰ প্ৰস্তুতিও ইতিমধ্যে আৰম্ভ হৈছে। ২০৩০ চনৰ বিশ্বকাপত এই আন্তঃৰাষ্ট্ৰীয় খেল খনে   ১০০ বছৰত ভৰি দিব৷ সেয়ে ২০৩০ চনৰ বিশ্বকাপৰ আমেজেই সুকীয়া হ’ব৷  শেহতীয়াকৈ  আৰ্জেণ্টিনা, চিলি, পাৰাগুৱে আৰু উৰুগুৱেই একেলগে ২০৩০ চনৰ বিশ্বকাপৰ বাবে আনুষ্ঠানিকভাৱে নিবিদা দাখিল কৰিছে। 

আৰ্জেণ্টিনা ফুটবল এছ'চিয়েশ্যনৰ (এএফএ) এক অনুষ্ঠানত চাৰিখন দেশৰ বিষয়াসকলে দক্ষিণ আমেৰিকাৰ ফুটবল কনফেডাৰেচনৰ সভাপতি আলেজান্দ্ৰো ডমিনগুয়েজৰ সৈতে অনুষ্ঠানটোত যোগদান কৰে। আলেজান্দ্ৰোৱে অনুষ্ঠানটোত কয় যে তেওঁ আশা কৰিছে যে ফিফাই তেওঁলোকক প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ অনুমতি দিব ।"২০৩০ চনৰ বিশ্বকাপ কেৱল  এখন বিশ্বকাপ নহয়। এয়া ১০০ বছৰৰ ইতিহাস। প্ৰথম বিশ্বকাপ ১৯৩০ চনত মন্টেভিডিঅ'তেই আৰম্ভ হৈছিল। "

এএফএৰ সভাপতি ক্লদিও টাপিয়াই কয়, "বিশ্ব চেম্পিয়ন হিচাপে আমি ইয়াক পৰিচালনা কৰিব বিচাৰো। এয়া দক্ষিণ আমেৰিকানসকলৰো সপোন। আমি এয়া কেৱল বিশ্বকাপৰ ১০০ বছৰৰ উপলক্ষ্যে  কৰিব নিবিচাৰো। আমি ফুটবলৰ প্ৰতি থকা আবেগৰ বাবে এয়া  কৰিব বিচাৰো। '






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু