--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তৰ্জাতিক ক্ৰিকেটক বিদায় জনালে এৰন ফিন্স। টী-২০ ক্ৰিকেটত আটাইতকৈ দীঘলীয়া সময়ৰ বাবে অষ্ট্ৰেলিয়াক নেতৃত্ব দিয়া ফিন্সক দেশৰ আটাইতকৈ সফল টি২০ অধিনায়ক হিচাপেও গণ্য কৰা হয়।

অষ্ট্ৰেলিয়াৰ ২০২১ চনৰ টী-২০ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকী আছিল এই এৰণ ফিন্স। বৰ্তমান তেওঁৰ বয়স ৩৬ বছৰ। ২০১১ চনৰ পৰা খেলিছে আন্তৰ্জাতিক ক্ৰিকেট। ৩৫ বছৰ অতিক্ৰম কৰাৰ পাছত খেলপথাৰক বিদায় জনালে তাৰকাগৰাকীয়ে।

১২ বছৰীয়া আন্তৰ্জাতিক কেৰিয়াৰত ফিন্সে বগা বলৰ ক্ৰিকেটত ২৪৯ খন মেচ খেলিছিল। ইয়াৰ ভিতৰত আছে ১৪৬ খন এদিনীয়া আৰু ১০৩ খন টী-২০। ৭৬ খন মেচত অধিনায়কৰ ভূমিকা লৈছিল। ইয়াৰে ৪০ খন মেচ জিকিছিল তেওঁৰ নেতৃত্বতে। অষ্ট্ৰেলিয়াৰ ইতিহাসত প্ৰথমবাৰৰ বাবে টী-২০ বিশ্বকাপ জয় কৰিছিল ফিন্সৰ নেতৃত্বতে।

অৱশ্যে, টি২০ৰ বাদে আন ফৰমেটসমূহত উল্লেখ্যোগ্য প্ৰদৰ্শন দাঙি ধৰিব পৰা নাছিল ক্ৰিকেটাৰগৰাকী। ফিন্সে এদিনীয়াত মাত্ৰ ৫৫ খন খেলত দলটোক নেতৃত্ব দিছে। আনহাতে, তেওঁ মাত্ৰ ৫ খন টেষ্ট খেলিছে।

ফিঞ্চৰ বেছিভাগ সফলতা আহিছে অৱশ্যে টী-২০ত। তেওঁ টী-২০ আন্তৰ্জাতিক খেলত সৰ্বাধিক ব্যক্তিগত ৰাণৰ অভিলেখ গঢ়িছে। ২০১৮ চনত তেওঁ হাৰাৰেত জিম্বাবোৱেৰ বিৰুদ্ধে ৭৬ টা বলত ১৭২ ৰাণ সংগ্ৰহ কৰিছিল।  ডেভিদ ৱাৰ্ণাৰ (২৮৯৪ ৰাণ) তেওঁৰ পিছত দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী।

অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকলৰ মাজত সৰ্বাধিক টী-২০ মেচ খেলা আৰু ৰাণ সংগ্ৰহ কৰা বেটছমেন হৈছে ফিঞ্চ। ফিন্সে ১০৩ খন টি২০ মেচত ৩১২০ ৰাণ সংগ্ৰহ কৰিছিল।

যোৱা বছৰ ছেপ্টেম্বৰত এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা ফিঞ্চে কৈছিল যে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিলেও সমগ্ৰ বিশ্বৰ ফ্ৰেঞ্চাইজি লীগত খেলা অব্যাহত ৰাখিব। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ ঘৰুৱা টী-২০ লীগ বিগ বেছ দল মেলবৰ্ণ ৰেনেগেডছৰ সৈতে এক বছৰৰ চুক্তি নিশ্চিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement