--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তৰ্জাতিক ক্ৰিকেটক বিদায় জনালে এৰন ফিন্স। টী-২০ ক্ৰিকেটত আটাইতকৈ দীঘলীয়া সময়ৰ বাবে অষ্ট্ৰেলিয়াক নেতৃত্ব দিয়া ফিন্সক দেশৰ আটাইতকৈ সফল টি২০ অধিনায়ক হিচাপেও গণ্য কৰা হয়।

অষ্ট্ৰেলিয়াৰ ২০২১ চনৰ টী-২০ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকী আছিল এই এৰণ ফিন্স। বৰ্তমান তেওঁৰ বয়স ৩৬ বছৰ। ২০১১ চনৰ পৰা খেলিছে আন্তৰ্জাতিক ক্ৰিকেট। ৩৫ বছৰ অতিক্ৰম কৰাৰ পাছত খেলপথাৰক বিদায় জনালে তাৰকাগৰাকীয়ে।

১২ বছৰীয়া আন্তৰ্জাতিক কেৰিয়াৰত ফিন্সে বগা বলৰ ক্ৰিকেটত ২৪৯ খন মেচ খেলিছিল। ইয়াৰ ভিতৰত আছে ১৪৬ খন এদিনীয়া আৰু ১০৩ খন টী-২০। ৭৬ খন মেচত অধিনায়কৰ ভূমিকা লৈছিল। ইয়াৰে ৪০ খন মেচ জিকিছিল তেওঁৰ নেতৃত্বতে। অষ্ট্ৰেলিয়াৰ ইতিহাসত প্ৰথমবাৰৰ বাবে টী-২০ বিশ্বকাপ জয় কৰিছিল ফিন্সৰ নেতৃত্বতে।

অৱশ্যে, টি২০ৰ বাদে আন ফৰমেটসমূহত উল্লেখ্যোগ্য প্ৰদৰ্শন দাঙি ধৰিব পৰা নাছিল ক্ৰিকেটাৰগৰাকী। ফিন্সে এদিনীয়াত মাত্ৰ ৫৫ খন খেলত দলটোক নেতৃত্ব দিছে। আনহাতে, তেওঁ মাত্ৰ ৫ খন টেষ্ট খেলিছে।

ফিঞ্চৰ বেছিভাগ সফলতা আহিছে অৱশ্যে টী-২০ত। তেওঁ টী-২০ আন্তৰ্জাতিক খেলত সৰ্বাধিক ব্যক্তিগত ৰাণৰ অভিলেখ গঢ়িছে। ২০১৮ চনত তেওঁ হাৰাৰেত জিম্বাবোৱেৰ বিৰুদ্ধে ৭৬ টা বলত ১৭২ ৰাণ সংগ্ৰহ কৰিছিল।  ডেভিদ ৱাৰ্ণাৰ (২৮৯৪ ৰাণ) তেওঁৰ পিছত দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী।

অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকলৰ মাজত সৰ্বাধিক টী-২০ মেচ খেলা আৰু ৰাণ সংগ্ৰহ কৰা বেটছমেন হৈছে ফিঞ্চ। ফিন্সে ১০৩ খন টি২০ মেচত ৩১২০ ৰাণ সংগ্ৰহ কৰিছিল।

যোৱা বছৰ ছেপ্টেম্বৰত এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা ফিঞ্চে কৈছিল যে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিলেও সমগ্ৰ বিশ্বৰ ফ্ৰেঞ্চাইজি লীগত খেলা অব্যাহত ৰাখিব। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ ঘৰুৱা টী-২০ লীগ বিগ বেছ দল মেলবৰ্ণ ৰেনেগেডছৰ সৈতে এক বছৰৰ চুক্তি নিশ্চিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু