--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০৪০ চনৰ ভিতৰত ভাৰতত ভয়াৱহ হাৰত বৃদ্ধি পাব প্ৰষ্টেট কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা। তাতোকৈ ভয়াৱহ কথাটো হ’ল কোনো পূৰ্ব লক্ষণ অবিহনেই কোনো এজন লোকৰ দেহত প্ৰষ্টেট কৰ্কট ৰোগে থিতাপি ল’ব পাৰে। শেহতীয়াকৈ দ্য লেঞ্চেট কমিছনৰ দ্বাৰা প্ৰষ্টেট কৰ্কট ৰোগৰ বিষয়ত প্ৰস্তুত কৰা এখন  প্ৰতিবেদনে  এই ৰোগে বিশ্বব্যাপী সৃষ্টি কৰা সংকটৰ ছবি খন  উন্মোচন কৰিছে। আয়োগৰ ফলাফল অনুসৰি প্ৰষ্টেট কৰ্কটৰোগৰ ঘটনা ২০২০  চনত বাৰ্ষিক ১.৪  নিযুতৰ পৰা ২০৪০ চনলৈ প্ৰতি বছৰে ২.৯ নিযুতলৈ বৃদ্ধি পাই দুগুণ হ'ব।

 দুবছৰ পূৰ্বে  পুনেৰ এজন ৬৪ বছৰীয়া  শল্য চিকিৎসকে পিঠিৰ বিষত আক্ৰান্ত হৈছিল।  পিছত পৰীক্ষা কৰি দেখা গ’ল যে তেওঁ  প্ৰষ্টেট কৰ্কট ৰোগত আক্ৰান্ত হৈছে আৰু ৰোগে ইতিমধ্যে বহুদূৰ শিপাইছে।  ইতিমধ্যে তেওঁৰ মেৰুদণ্ডলৈ ৰোগ বিয়পি পৰিছিল।আচৰিত কথাটো হ’ল  তেওঁৰ কোনো প্ৰাৰম্ভিক লক্ষণ নাছিল, যেনে প্ৰস্ৰাৱ কৰাত অসুবিধা পোৱা আদি। তেওঁৰ দৰে বহু  ভাৰতীয় পুৰুষৰ ক্ষেত্ৰত এই ৰোগৰ কোনো পূৰ্ব লক্ষণে দেখা নিদিয়ে। লেঞ্চেট কমিছনৰ প্ৰতিবেদনত কোৱা হৈছে যে  ২০৪০ চনৰ ভিতৰত ভাৰতত প্ৰষ্টেট কৰ্কট ৰোগীৰ সংখ্যা  প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ ভিতৰত ভাৰতত  প্ৰতি বছৰে প্ৰায় ৭১,০০০ লোক নতুনকৈ প্ৰষ্টেট কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আছে। 

ভাৰতৰ  কৰ্কট ৰোগৰ তিনি শতাংশ প্ৰষ্টেট কৰ্কট ৰোগ।  বছৰি আনুমানিক ৩৩-৪২ হাজাৰ নতুন প্ৰষ্টেট কৰ্কট ৰোগী চিনাক্ত হৈ আহিছে। ইউৰোপিয়ান এছ'চিয়েচন অৱ ইউৰোলজি কংগ্ৰেছত শেহতীয়াকৈ উপস্থাপনৰ কৰা প্ৰতিবেদন খনত  এই উদ্বেগজনক সত্যটো  উন্মোচনটো হৈছে।  নিম্ন আৰু মধ্য আয়ৰ দেশবোৰত শেহতীয়াকৈ প্ৰষ্টেট কৰ্কট ৰোগৰ ঘটনা বৃদ্ধি পাইছে।

 আয়োগে ২০  বছৰৰ ভিতৰত বিশ্বজুৰি প্ৰষ্টেট কৰ্কট ৰোগত বাৰ্ষিক মৃত্যুৰ হাৰ ৮৫% বৃদ্ধি পাব বুলি ধাৰণা কৰিছে। ২০২০  চনত প্ৰষ্টেট কৰ্কট ৰোগত  ৩৭৫,০০০ গৰাকী লোকৰ বিশ্বত প্ৰষ্টেট কৰ্কট ৰোগত মৃত্যুৰ ঘটিছিল। ২০৪০  চনলৈ প্ৰায় সাত লাখ লোকৰ  মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। আনহাতে ১৯৯০-ৰ দশকৰ মাজভাগৰ পৰা বেছিভাগ উচ্চ উপাৰ্জনৰ দেশত  প্ৰষ্টেট কৰ্কট ৰোগৰ ফলত হোৱা মৃত্যুৰ সংখ্যা  হ্ৰাস পাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু