--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০৪০ চনৰ ভিতৰত ভাৰতত ভয়াৱহ হাৰত বৃদ্ধি পাব প্ৰষ্টেট কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা। তাতোকৈ ভয়াৱহ কথাটো হ’ল কোনো পূৰ্ব লক্ষণ অবিহনেই কোনো এজন লোকৰ দেহত প্ৰষ্টেট কৰ্কট ৰোগে থিতাপি ল’ব পাৰে। শেহতীয়াকৈ দ্য লেঞ্চেট কমিছনৰ দ্বাৰা প্ৰষ্টেট কৰ্কট ৰোগৰ বিষয়ত প্ৰস্তুত কৰা এখন  প্ৰতিবেদনে  এই ৰোগে বিশ্বব্যাপী সৃষ্টি কৰা সংকটৰ ছবি খন  উন্মোচন কৰিছে। আয়োগৰ ফলাফল অনুসৰি প্ৰষ্টেট কৰ্কটৰোগৰ ঘটনা ২০২০  চনত বাৰ্ষিক ১.৪  নিযুতৰ পৰা ২০৪০ চনলৈ প্ৰতি বছৰে ২.৯ নিযুতলৈ বৃদ্ধি পাই দুগুণ হ'ব।

 দুবছৰ পূৰ্বে  পুনেৰ এজন ৬৪ বছৰীয়া  শল্য চিকিৎসকে পিঠিৰ বিষত আক্ৰান্ত হৈছিল।  পিছত পৰীক্ষা কৰি দেখা গ’ল যে তেওঁ  প্ৰষ্টেট কৰ্কট ৰোগত আক্ৰান্ত হৈছে আৰু ৰোগে ইতিমধ্যে বহুদূৰ শিপাইছে।  ইতিমধ্যে তেওঁৰ মেৰুদণ্ডলৈ ৰোগ বিয়পি পৰিছিল।আচৰিত কথাটো হ’ল  তেওঁৰ কোনো প্ৰাৰম্ভিক লক্ষণ নাছিল, যেনে প্ৰস্ৰাৱ কৰাত অসুবিধা পোৱা আদি। তেওঁৰ দৰে বহু  ভাৰতীয় পুৰুষৰ ক্ষেত্ৰত এই ৰোগৰ কোনো পূৰ্ব লক্ষণে দেখা নিদিয়ে। লেঞ্চেট কমিছনৰ প্ৰতিবেদনত কোৱা হৈছে যে  ২০৪০ চনৰ ভিতৰত ভাৰতত প্ৰষ্টেট কৰ্কট ৰোগীৰ সংখ্যা  প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ ভিতৰত ভাৰতত  প্ৰতি বছৰে প্ৰায় ৭১,০০০ লোক নতুনকৈ প্ৰষ্টেট কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আছে। 

ভাৰতৰ  কৰ্কট ৰোগৰ তিনি শতাংশ প্ৰষ্টেট কৰ্কট ৰোগ।  বছৰি আনুমানিক ৩৩-৪২ হাজাৰ নতুন প্ৰষ্টেট কৰ্কট ৰোগী চিনাক্ত হৈ আহিছে। ইউৰোপিয়ান এছ'চিয়েচন অৱ ইউৰোলজি কংগ্ৰেছত শেহতীয়াকৈ উপস্থাপনৰ কৰা প্ৰতিবেদন খনত  এই উদ্বেগজনক সত্যটো  উন্মোচনটো হৈছে।  নিম্ন আৰু মধ্য আয়ৰ দেশবোৰত শেহতীয়াকৈ প্ৰষ্টেট কৰ্কট ৰোগৰ ঘটনা বৃদ্ধি পাইছে।

 আয়োগে ২০  বছৰৰ ভিতৰত বিশ্বজুৰি প্ৰষ্টেট কৰ্কট ৰোগত বাৰ্ষিক মৃত্যুৰ হাৰ ৮৫% বৃদ্ধি পাব বুলি ধাৰণা কৰিছে। ২০২০  চনত প্ৰষ্টেট কৰ্কট ৰোগত  ৩৭৫,০০০ গৰাকী লোকৰ বিশ্বত প্ৰষ্টেট কৰ্কট ৰোগত মৃত্যুৰ ঘটিছিল। ২০৪০  চনলৈ প্ৰায় সাত লাখ লোকৰ  মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। আনহাতে ১৯৯০-ৰ দশকৰ মাজভাগৰ পৰা বেছিভাগ উচ্চ উপাৰ্জনৰ দেশত  প্ৰষ্টেট কৰ্কট ৰোগৰ ফলত হোৱা মৃত্যুৰ সংখ্যা  হ্ৰাস পাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ