--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাচলিৰ লগতে আমি নানান ফুলো খাদ্য হিচাবে গ্ৰহণ কৰিব পাৰো। অসমীয়া সমাজত প্ৰায়ে পাচলি  খাদ্য হিচাবে খোৱা বহু কেইবিধ ফুল আছে। এতিয়া গৰমৰ দিন আহিছে। গৰমৰ দিনত নানান ৰোগে আমাক কাবু কৰিব পাৰে। সেয়ে এই সময়ছোৱাত আমি কেইবিধমান ফুল পাচলিৰ ৰূপত খাব পাৰিলে নানান ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰো। জানো আহক তেনেদৰে খাব পৰা কেইবিধমান ফুলৰ গুণৰ কথা। 


চজিনা ফুলঃ এই সময়ত বসন্ত , চৰ্দি কাহৰ প্ৰৱণতা বেছি হয়। চজিনা ফুলে  শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। চজিনা ফুলত ভিটামিন এ, বি১, বি২, বি৩ আৰু ভিটামিন চিৰ  লগতে লো, ফছফৰাছ, মেগনেছিয়াম কেলচিয়াম  আদি থাকে।  এণ্টি-অক্সিডেণ্টেৰে সমৃদ্ধ চজিনা ফুল  সেয়ে ভাজি খালে নানান সুফল লাভ কৰিব পাৰি।  ই ৰক্তচাপ আৰু ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি কৰোবাৰ  হাপানি ৰোগ থাকে তেন্তে  চজিনাফুলখাীলে  ৰোগ নিয়ন্ত্ৰণত থাকে।

ৰঙালাওৰ ফুল

ৰঙালাও যিদৰে পুষ্টিৰে সমৃদ্ধ তেনেদৰে ইয়াৰ ফুলো   অতি উপকাৰী। ৰঙালাওৰ ফুল বিভিন্ন ধৰণে খাব পাৰি। এই ফুলত কেলচিয়াম, ফছফৰাছ, ভিটামিন চি  আদি থাকে। এনেবোৰ পতাৰ্থই   ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰাত সহায় কৰে। এই ফুলে লো শোষণত সহায় কৰে। ৰঙালাওৰ ফুলত প্ৰচুৰ পৰিোণে  আঁহ থাকে, তেনে আঁহে  হজমৰ সমস্যা দূৰ কৰে। ৰঙালাওৰ ফুল  ছাল  আৰু চকুৰ বাবেও উপকাৰী । কেলচিয়াম, ফছফৰাছৰ থকা বাবে ই আমাৰ  হাড়ক স্বাস্থ্যৱান আৰু শক্তিশালী  কৰি তোলে। অষ্টিওস্পোৰোচিছ ৰোগ প্ৰতিৰোধ কৰাতো ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 

বক ফুল

অসমীয়াৰ পৰিচিত এবিধ ফুল হৈছে বক ফুল। বক ফুলত প্ৰচুৰ পৰিমাণে  আঁহ, প্ৰ'টিন, ফছফৰাছ, লো, ভিটামিন চি, বিভিন্ন খনিজ পদাৰ্থ  আদি থাকে। বক ফুলত  কৰ্কট ৰোগ  প্ৰতিৰোধী এণ্টিঅক্সিডেণ্ট থাকে। ইয়াত লো, ভিটামিন বি  আদিও থাকে। ঋতু পৰিৱৰ্তনৰ সময়ত এই ফুল খোৱাটো অতি ভাল, ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ছালৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে। কোষ্ঠকাঠিন্য উপশম কৰাত সহায় কৰে। যিকোনো বিষ, গেষ্ট্ৰিক আলচাৰ নিৰাময় কৰাত বক ফুলে সহায় কৰে।  তেজত কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাতো ইয়াৰ এক বিশেষ ভূমিকা আছে।  বক ফুলে কৃমি আৰু পাইলছ প্ৰতিৰোধ কৰাত সহায় কৰে। ইয়াত থকা ভিটামিন এ-ই  অন্ধত্ব প্ৰতিহত কৰে।  লগতে মুৰৰ বিষ, শ্বাস-প্ৰশ্বাসৰ সমস্যা আদি হ্ৰাস কৰে।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ