--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাচলিৰ লগতে আমি নানান ফুলো খাদ্য হিচাবে গ্ৰহণ কৰিব পাৰো। অসমীয়া সমাজত প্ৰায়ে পাচলি  খাদ্য হিচাবে খোৱা বহু কেইবিধ ফুল আছে। এতিয়া গৰমৰ দিন আহিছে। গৰমৰ দিনত নানান ৰোগে আমাক কাবু কৰিব পাৰে। সেয়ে এই সময়ছোৱাত আমি কেইবিধমান ফুল পাচলিৰ ৰূপত খাব পাৰিলে নানান ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰো। জানো আহক তেনেদৰে খাব পৰা কেইবিধমান ফুলৰ গুণৰ কথা। 


চজিনা ফুলঃ এই সময়ত বসন্ত , চৰ্দি কাহৰ প্ৰৱণতা বেছি হয়। চজিনা ফুলে  শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। চজিনা ফুলত ভিটামিন এ, বি১, বি২, বি৩ আৰু ভিটামিন চিৰ  লগতে লো, ফছফৰাছ, মেগনেছিয়াম কেলচিয়াম  আদি থাকে।  এণ্টি-অক্সিডেণ্টেৰে সমৃদ্ধ চজিনা ফুল  সেয়ে ভাজি খালে নানান সুফল লাভ কৰিব পাৰি।  ই ৰক্তচাপ আৰু ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি কৰোবাৰ  হাপানি ৰোগ থাকে তেন্তে  চজিনাফুলখাীলে  ৰোগ নিয়ন্ত্ৰণত থাকে।

ৰঙালাওৰ ফুল

ৰঙালাও যিদৰে পুষ্টিৰে সমৃদ্ধ তেনেদৰে ইয়াৰ ফুলো   অতি উপকাৰী। ৰঙালাওৰ ফুল বিভিন্ন ধৰণে খাব পাৰি। এই ফুলত কেলচিয়াম, ফছফৰাছ, ভিটামিন চি  আদি থাকে। এনেবোৰ পতাৰ্থই   ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰাত সহায় কৰে। এই ফুলে লো শোষণত সহায় কৰে। ৰঙালাওৰ ফুলত প্ৰচুৰ পৰিোণে  আঁহ থাকে, তেনে আঁহে  হজমৰ সমস্যা দূৰ কৰে। ৰঙালাওৰ ফুল  ছাল  আৰু চকুৰ বাবেও উপকাৰী । কেলচিয়াম, ফছফৰাছৰ থকা বাবে ই আমাৰ  হাড়ক স্বাস্থ্যৱান আৰু শক্তিশালী  কৰি তোলে। অষ্টিওস্পোৰোচিছ ৰোগ প্ৰতিৰোধ কৰাতো ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 

বক ফুল

অসমীয়াৰ পৰিচিত এবিধ ফুল হৈছে বক ফুল। বক ফুলত প্ৰচুৰ পৰিমাণে  আঁহ, প্ৰ'টিন, ফছফৰাছ, লো, ভিটামিন চি, বিভিন্ন খনিজ পদাৰ্থ  আদি থাকে। বক ফুলত  কৰ্কট ৰোগ  প্ৰতিৰোধী এণ্টিঅক্সিডেণ্ট থাকে। ইয়াত লো, ভিটামিন বি  আদিও থাকে। ঋতু পৰিৱৰ্তনৰ সময়ত এই ফুল খোৱাটো অতি ভাল, ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ছালৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে। কোষ্ঠকাঠিন্য উপশম কৰাত সহায় কৰে। যিকোনো বিষ, গেষ্ট্ৰিক আলচাৰ নিৰাময় কৰাত বক ফুলে সহায় কৰে।  তেজত কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাতো ইয়াৰ এক বিশেষ ভূমিকা আছে।  বক ফুলে কৃমি আৰু পাইলছ প্ৰতিৰোধ কৰাত সহায় কৰে। ইয়াত থকা ভিটামিন এ-ই  অন্ধত্ব প্ৰতিহত কৰে।  লগতে মুৰৰ বিষ, শ্বাস-প্ৰশ্বাসৰ সমস্যা আদি হ্ৰাস কৰে।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু