--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকাশলৈ অসামৰিক লোকক পঠোৱা প্ৰথম দেশ হিচাপে পৰিগণিত হ’ল চীন। ইয়াৰ পূৰ্বে চীন প্ৰশাসনে বহু মহাকাশচাৰীক টিয়াংগং মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে। কিন্তু তেওঁলোক সকলোৱেই আছিল চীনৰ ‘পিপলছ লিবাৰেশ্যন আৰ্মি’ (পিএলএ)ৰ সদস্য।

চীনৰ মহাকাশ গৱেষণা সংস্থাৰ এগৰাকী মুখপাত্ৰই সংবাদ মাধ্যমৰ আগত কয় যে আজি মহাকাশলৈ গুই হাইচাও নামৰ এজন লোকক প্ৰেৰণ কৰা হৈছে। ৩৬ বছৰীয়া গুই বেইজিং ইউনিভাৰ্চিটি অৱ এৰ’নটিক্স এণ্ড এষ্ট্ৰ’নটিক্সৰ অধ্যাপক। মহাকাশত অহা ছমাহৰ ভিতৰত গুই হ’ব বিশেষজ্ঞ। মহাকাশলৈ যোৱাৰ পথত গুইৰ সংগী হৈছে চিং হাইপেং আৰু জো ইয়াংচো নামৰ দুজন বিজ্ঞানী। দুয়োজনেই পিএলএৰ সদস্য। চতুৰ্থবাৰৰ বাবে মহাকাশলৈ গৈ আছে চিঙ।

কালি ছ’চিয়েল মিডিয়াত এটা পোষ্টত গুইয়ে লিখিছে যে তেওঁ এটা সাধাৰণ চীনা পৰিয়ালত ডাঙৰ-দীঘল হৈছে। ২০০৩ চনত এটা ৰেডিঅ’ অনুষ্ঠানত চীনৰ পৰা মহাকাশলৈ অহা প্ৰথমজন ব্যক্তি য়েং লিউৱে নিজৰ মহাকাশ ভ্ৰমণৰ অভিজ্ঞতাৰ কথা শুনিছিল। তেতিয়াৰ পৰাই তেওঁৰ মহাকাশলৈ যোৱাৰ হেঁপাহ আছিল।

২০১১ চনত চীনক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁলোকে টিয়াংগং মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰে। ইয়াৰ উন্নতি আৰু বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ বাবে নিয়মীয়াকৈ তিনিজন মহাকাশচাৰীক তালৈ পঠিয়াই দিয়া হয়। গুই আৰু তেওঁৰ সংগীসকলে তেনে এটা অভিযানত গৈছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে