--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকাশলৈ অসামৰিক লোকক পঠোৱা প্ৰথম দেশ হিচাপে পৰিগণিত হ’ল চীন। ইয়াৰ পূৰ্বে চীন প্ৰশাসনে বহু মহাকাশচাৰীক টিয়াংগং মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে। কিন্তু তেওঁলোক সকলোৱেই আছিল চীনৰ ‘পিপলছ লিবাৰেশ্যন আৰ্মি’ (পিএলএ)ৰ সদস্য।

চীনৰ মহাকাশ গৱেষণা সংস্থাৰ এগৰাকী মুখপাত্ৰই সংবাদ মাধ্যমৰ আগত কয় যে আজি মহাকাশলৈ গুই হাইচাও নামৰ এজন লোকক প্ৰেৰণ কৰা হৈছে। ৩৬ বছৰীয়া গুই বেইজিং ইউনিভাৰ্চিটি অৱ এৰ’নটিক্স এণ্ড এষ্ট্ৰ’নটিক্সৰ অধ্যাপক। মহাকাশত অহা ছমাহৰ ভিতৰত গুই হ’ব বিশেষজ্ঞ। মহাকাশলৈ যোৱাৰ পথত গুইৰ সংগী হৈছে চিং হাইপেং আৰু জো ইয়াংচো নামৰ দুজন বিজ্ঞানী। দুয়োজনেই পিএলএৰ সদস্য। চতুৰ্থবাৰৰ বাবে মহাকাশলৈ গৈ আছে চিঙ।

কালি ছ’চিয়েল মিডিয়াত এটা পোষ্টত গুইয়ে লিখিছে যে তেওঁ এটা সাধাৰণ চীনা পৰিয়ালত ডাঙৰ-দীঘল হৈছে। ২০০৩ চনত এটা ৰেডিঅ’ অনুষ্ঠানত চীনৰ পৰা মহাকাশলৈ অহা প্ৰথমজন ব্যক্তি য়েং লিউৱে নিজৰ মহাকাশ ভ্ৰমণৰ অভিজ্ঞতাৰ কথা শুনিছিল। তেতিয়াৰ পৰাই তেওঁৰ মহাকাশলৈ যোৱাৰ হেঁপাহ আছিল।

২০১১ চনত চীনক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁলোকে টিয়াংগং মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰে। ইয়াৰ উন্নতি আৰু বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ বাবে নিয়মীয়াকৈ তিনিজন মহাকাশচাৰীক তালৈ পঠিয়াই দিয়া হয়। গুই আৰু তেওঁৰ সংগীসকলে তেনে এটা অভিযানত গৈছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান