--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ২১ জুনত দুদিনীয়া কাৰ্যসূচীৰে আমেৰিকাত উপস্থিত হ’বগৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী মোদীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে প্ৰৱাসী ভাৰতীয়ই। বিপৰীতে চৰম অস্বস্তিকৰ পৰিস্থিতিয়েও অপেক্ষা কৰি আছে প্ৰধানমন্ত্ৰী মোদীৰ বাবে। 

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ সময়তে আমেৰিকাত প্ৰদৰ্শিত হ’ব BBCৰ তথ্যচিত্ৰ। ‘ইণ্ডিয়া: দ্য মোদী কুৱেশ্যন’ শীৰ্ষক তথ্যচিত্ৰখন প্ৰদৰ্শিত হ’ব আমেৰিকাত। ২০০২ৰ গুজৰাট সংঘৰ্ষৰ পটভূমিত নিৰ্মিত তথ্যচিত্ৰখন প্ৰদৰ্শনত আগভাগ লৈছে দুই মানৱ অধিকাৰ সংস্থাই। মোদীৰ ভ্ৰমণৰ দুদিন পূৰ্বে Human Rights Watch আৰু Amnesty Internationalএ নিৰ্ধাৰণ কৰিছে বিশেষ প্ৰদৰ্শনীৰ।

সংস্থা দুটাই প্ৰদৰ্শনীলৈ আমন্ত্ৰণ কৰিছে সাংবাদিক, লেখক, বুদ্ধিজীৱীকে ধৰি বিভিন্ন বৰ্গৰ বিশিষ্ট ব্যক্তিক। তথ্যচিত্ৰখন সম্প্ৰতি নিষিদ্ধ হৈ আছে ভাৰতত। সেই কথাই সোঁৱৰাই দিবলৈ মোদীৰ ভ্ৰমণৰ সময়ত তথ্যচিত্ৰ প্ৰদৰ্শনৰ কাৰ্যসূচী হাতত লৈছে সংস্থা দুটাই। সোমবাৰে প্ৰদৰ্শনীৰ কথা ঘোষণা কৰি এই মন্তব্য Human Rights Watch নামৰ সংস্থাটোৰ। উল্লেখ্য যে ইণ্ডিয়া: দ্য মোদী কুৱেশ্যন শীৰ্ষক তথ্যচিত্ৰখন প্ৰকাশৰ পাছতে ভাৰতত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ।

গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষত নৰেন্দ্ৰ মোদীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে তথ্যচিত্ৰখনৰ জৰিয়তে। সেইসময়ৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জ্ঞাতসাৰেই গোধৰাকাণ্ড সংঘটিত হোৱা বুলি প্ৰকাশ কৰা হৈছিল তথ্যচিত্ৰখনত। সাম্প্ৰদায়িক সংঘৰ্ষক বাধা দিয়াৰ বিপৰীতে চকুমুদা কুলিৰ ভাও দিয়া বুলি মোদীৰ বিৰুদ্ধে অভিযোগ BBCৰ তথ্যচিত্ৰখনত। মোদী বিষয়ক তথ্যচিত্ৰ প্ৰকাশৰ পাছতে উত্তপ্ত হৈছিল দেশৰ ৰাজনীতি। 

মোদী বিষয়ক তথ্যচিত্ৰ নিৰ্মাণক লৈ ভাৰতীয় জনতা পাৰ্টীয়ে তীব্ৰ সমালোচনা কৰিছিল BBCক। প্ৰধানমন্ত্ৰী মোদীৰ চৰিত্ৰ হননৰ বাবে উদ্দেশ্যপ্ৰণোদিতভাৱে তথ্যচিত্ৰ নিৰ্মাণৰ অভিযোগ বিজেপিৰ। অৱশেষত ভাৰতত নিষিদ্ধ কৰা হয় মোদী বিষয়ক এই তথ্যচিত্ৰখন। ইয়াৰ বাহিৰেও টুইটাৰ, ইউটিউব ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো চৰকাৰে নিষিদ্ধ কৰে তথ্যচিত্ৰখন। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী দল-সংগঠনে। 

চৰকাৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই বহু ঠাইত তথ্যচিত্ৰখনৰ মুকলি প্ৰদৰ্শন আৰম্ভ কৰে একাংশই। জামিয়া মিলিয়া ইছলামিয়া, পঞ্জাব বিশ্ববিদ্যালয়, হায়দৰাবাদ বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয় আদি শৈক্ষিক প্ৰতিষ্ঠানত একাংশই প্ৰদৰ্শন কৰে তথ্যচিত্ৰখন। দেশত সংবাদ মাধ্যমক নিয়ন্ত্ৰণৰ চেষ্টা বুলি অভিযোগ উত্থাপন কৰে একাংশই। ইয়াৰ মাজতে EDএ অভিযান চলাই ভাৰতত থকা BBCৰ কাৰ্যালয়তো। তথ্যচিত্ৰখন সন্দৰ্ভত ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আমেৰিকাত প্ৰদৰ্শিত হ’ব ইণ্ডিয়া : দ্য মোদী কুৱেশ্যন। বিশেষকৈ প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ সময়তে তথ্যচিত্ৰখনৰ প্ৰদৰ্শনে বহন কৰিছে বিশেষ তাৎপৰ্য।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস