--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কপিল শৰ্মাৰ সৈতে কাম কৰা কমেডিয়ান তীৰ্থনন্দ ৰাৱে মঙলবাৰে ফেচবুক লাইভ ষ্ট্ৰিমৰ সময়ত বিহপান কৰি আত্মহত্যাৰ চেষ্টা কৰে। কপিল শৰ্মাৰ সৈতে ‘কমেডী চাৰ্কাছ কে আজুবে’ত কাম কৰিছে। এটা ফেচবুক লাইভৰ সময়ত ৰাওৱে প্ৰকাশ কৰে যে তেওঁ জীৱনৰ এক কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে।

কমেডিয়ান তীৰ্থনন্দ ৰাও বলীউডৰ অভিনেতা নানা পাটেকাৰক অনুকৰণ কৰাৰ বাবে পৰিচিত। ‘কমেডী চাৰ্কাছ কে আজুবে’ৰ উপৰিও তেওঁ ‘সাৱধান ইণ্ডিয়া’, ‘তাৰক মেহতা কা উলতা চশমা’, ‘ক্ৰাইম পেট্ৰ’ল’ আদি বহু বিখ্যাত অনুষ্ঠানত কাম কৰি আহিছে।

ফেচবুক লাইভৰ সময়ত তীৰ্থনন্দ ৰাৱে কয় যে তেওঁৰ অৱস্থাৰ বাবে এগৰাকী মহিলাক জগৰীয়া কৰিব পাৰি। তেওঁ প্ৰকাশ কৰে যে মহিলাগৰাকী তেওঁৰ ‘লিভ ইন’ পাৰ্টনাৰ। ৰাৱে অভিযোগ কৰে যে মহিলাগৰাকী এগৰাকী যৌনকৰ্মী আৰু তেওঁৰ পৰা ধন আদায় কৰিবলৈ তেওঁক “আৱেগিকভাৱে ব্লেকমেইলিং” কৰি আছে।


তীৰ্থনন্দই ক’লে- “এই মহিলাগৰাকীৰ বাবেই মোৰ ৩-৪ লাখ টকাৰ ধাৰ আছে। যোৱা অক্টোবৰৰ পৰাই তেওঁক চিনি পাওঁ। তেওঁ মোৰ বিৰুদ্ধে ভয়ান্দৰত আৰক্ষীৰ এজাহাৰ দাখিল কৰিছিল আৰু মই কাৰণটোও গম পোৱা নাছিলো।” 

এই কথা কোৱাৰ পাছত ৰাৱে ফেনাইলৰ বটল এটা উলিয়াই গিলাচত ঢালি খালে। আত্মহত্যাৰ চেষ্টা চলাওঁতে তেওঁ লগতে দাবী কৰিছিল যে যদি তেওঁৰ কিবা হয় তেন্তে তাৰ বাবে মহিলাগৰাকী দায়ী হ’ব। শান্তি নগৰ আৰক্ষী থানাৰ বিষয়াসকলে যেতিয়া তীৰ্থনন্দৰ এই ভিডিঅ’ৰ বিষয়ে জানিব পাৰিলে, তেতিয়া তেওঁলোকে লগে লগে তেওঁৰ ঘৰলৈ গৈ তেওঁক অচেতন অৱস্থাত উদ্ধাৰ কৰে। তাৰ পিছত লগে লগে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে তীৰ্থনন্দই আত্মহত্যাৰ চেষ্টা কৰা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে তেওঁ ২০২১ চনতো আত্মহত্যাৰ চেষ্টা কৰা বুলি প্ৰকাশ কৰিছিল। মাজতে তীৰ্থনন্দই দাবী কৰিছিল যে তেওঁ এখন অ’টিটি ছবিত আৰক্ষী পৰিদৰ্শকৰ চৰিত্ৰত অভিনয় কৰিছিল, কিন্তু এই চৰিত্ৰটোৰ বাবে তেওঁক ধন দিয়া হোৱা নাছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস