--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কপিল শৰ্মাৰ সৈতে কাম কৰা কমেডিয়ান তীৰ্থনন্দ ৰাৱে মঙলবাৰে ফেচবুক লাইভ ষ্ট্ৰিমৰ সময়ত বিহপান কৰি আত্মহত্যাৰ চেষ্টা কৰে। কপিল শৰ্মাৰ সৈতে ‘কমেডী চাৰ্কাছ কে আজুবে’ত কাম কৰিছে। এটা ফেচবুক লাইভৰ সময়ত ৰাওৱে প্ৰকাশ কৰে যে তেওঁ জীৱনৰ এক কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে।

কমেডিয়ান তীৰ্থনন্দ ৰাও বলীউডৰ অভিনেতা নানা পাটেকাৰক অনুকৰণ কৰাৰ বাবে পৰিচিত। ‘কমেডী চাৰ্কাছ কে আজুবে’ৰ উপৰিও তেওঁ ‘সাৱধান ইণ্ডিয়া’, ‘তাৰক মেহতা কা উলতা চশমা’, ‘ক্ৰাইম পেট্ৰ’ল’ আদি বহু বিখ্যাত অনুষ্ঠানত কাম কৰি আহিছে।

ফেচবুক লাইভৰ সময়ত তীৰ্থনন্দ ৰাৱে কয় যে তেওঁৰ অৱস্থাৰ বাবে এগৰাকী মহিলাক জগৰীয়া কৰিব পাৰি। তেওঁ প্ৰকাশ কৰে যে মহিলাগৰাকী তেওঁৰ ‘লিভ ইন’ পাৰ্টনাৰ। ৰাৱে অভিযোগ কৰে যে মহিলাগৰাকী এগৰাকী যৌনকৰ্মী আৰু তেওঁৰ পৰা ধন আদায় কৰিবলৈ তেওঁক “আৱেগিকভাৱে ব্লেকমেইলিং” কৰি আছে।


তীৰ্থনন্দই ক’লে- “এই মহিলাগৰাকীৰ বাবেই মোৰ ৩-৪ লাখ টকাৰ ধাৰ আছে। যোৱা অক্টোবৰৰ পৰাই তেওঁক চিনি পাওঁ। তেওঁ মোৰ বিৰুদ্ধে ভয়ান্দৰত আৰক্ষীৰ এজাহাৰ দাখিল কৰিছিল আৰু মই কাৰণটোও গম পোৱা নাছিলো।” 

এই কথা কোৱাৰ পাছত ৰাৱে ফেনাইলৰ বটল এটা উলিয়াই গিলাচত ঢালি খালে। আত্মহত্যাৰ চেষ্টা চলাওঁতে তেওঁ লগতে দাবী কৰিছিল যে যদি তেওঁৰ কিবা হয় তেন্তে তাৰ বাবে মহিলাগৰাকী দায়ী হ’ব। শান্তি নগৰ আৰক্ষী থানাৰ বিষয়াসকলে যেতিয়া তীৰ্থনন্দৰ এই ভিডিঅ’ৰ বিষয়ে জানিব পাৰিলে, তেতিয়া তেওঁলোকে লগে লগে তেওঁৰ ঘৰলৈ গৈ তেওঁক অচেতন অৱস্থাত উদ্ধাৰ কৰে। তাৰ পিছত লগে লগে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে তীৰ্থনন্দই আত্মহত্যাৰ চেষ্টা কৰা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে তেওঁ ২০২১ চনতো আত্মহত্যাৰ চেষ্টা কৰা বুলি প্ৰকাশ কৰিছিল। মাজতে তীৰ্থনন্দই দাবী কৰিছিল যে তেওঁ এখন অ’টিটি ছবিত আৰক্ষী পৰিদৰ্শকৰ চৰিত্ৰত অভিনয় কৰিছিল, কিন্তু এই চৰিত্ৰটোৰ বাবে তেওঁক ধন দিয়া হোৱা নাছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান