--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হব। ইয়াৰ বাবে চৰকাৰ, প্ৰশাসন আৰু সমগ্ৰ দেশৰ জনসাধাৰণে কঠোৰ পৰিশ্ৰম কৰি আছে। ২২ জানুৱাৰীৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে মানুহৰ উৎসাহো বাঢ়িছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে ৰাম মন্দিৰৰ অভিষেকৰ বাবে অনুদান আগবঢ়াইছে। বহু লোকে ৰাম মন্দিৰলৈ প্ৰসাদৰ বাবে বহু বিশেষ পূজাৰ সামগ্ৰী আৰু ব্যঞ্জন পঠিয়াইছে। ক'ৰ পৰা কি কি বস্তু আহি আছে জানো আহক।

১) ১০৮ ফুট দীঘল ধূপঃ  ৰাম মন্দিৰৰ বাবে মানুহে বহু বস্তু পঠিয়াইছে। গুজৰাটৰ পৰা পথেৰে অযোধ্যালৈ পঠিওৱা হৈছে ১০৮ ফুট দীঘল ধূপ। যাৰ ওজন প্ৰায় ৩৬১০ কিলোগ্ৰাম। এই ধূপডাল বনাবলৈ কেইবামাহো লাগিল। এই ধূপডাল ১ৰ পৰা ১.৫ মাহলৈকে অবিৰতভাৱে জ্বলি থাকিব বুলি কোৱা হৈছে।

২) ৪৪ ফুট ওখ পতাকা খুঁটাঃ আহমেদাবাদত নিৰ্মিত ৪৪ ফুট উচ্চতাৰ পতাকা খুঁটা ৰাম মন্দিৰৰ শিখৰত স্থাপন কৰা হ’ব। ইয়াৰ ওজন প্ৰায় ৫.৫ টন। এই পতাকা খুঁটাটো ৮ মাহ আগৰ পৰাই তৈয়াৰ হৈ আছিল। ৫ জানুৱাৰীত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এই ৪৪ ফুটৰ পতাকা খুঁটাটো অযোধ্যালৈ প্ৰেৰণ কৰিছিল।

৩) আটাইতকৈ ডাঙৰ চাকিঃ ৰাম মন্দিৰৰ অভিষেকৰ দিনা সমগ্ৰ দেশতে চাকি জ্বলোৱা হ’ব। কিন্তু এটা চাকি আছে যিটো যথেষ্ট বিশেষ বুলি গণ্য কৰা হৈছে। ওড়িশাৰ ৰুৰকেল্লাত প্ৰস্তুত কৰা হৈছে আটাইতকৈ ডাঙৰ চাকি। এই চাকিটো তৈয়াৰ কৰাত প্ৰায় ৫০০ কেজি মাটি, ৫০ টা বাঁহ আৰু ২ টা পুটি ষ্টিক ব্যৱহাৰ কৰা হৈছে। ১৮ জানুৱাৰীত এই চাকিটো সাজু হ’ব।

৪) ২১০০ কেজি ওজনৰ ঘণ্টাঃ ৰাম মন্দিৰত ২১০০ কেজি ওজনৰ ঘণ্টা স্থাপন কৰা হ’ব যিয়ে মন্দিৰৰ সৌন্দৰ্য্য আৰু অধিক বৃদ্ধি কৰিব। ইয়াক বনাবলৈ প্ৰায় ৪ বছৰ সময় লাগিছিল। ই অষ্টধাতুৰে নিৰ্মিত আৰু এই ঘণ্টাটোৰ উচ্চতা ৬ ফুট আৰু প্ৰস্থ ৫ ফুট। এই ঘণ্টাটোৰ পৰা নিৰ্গত হোৱা শব্দ বহু দূৰলৈকে শুনা যাব।

৫) ২০০ কেজি লাড়ুঃ শ্ৰী কৃষ্ণৰ জন্মস্থান মথুৰাৰ পৰা ৰাম মন্দিৰৰ বাবে অযোধ্যালৈ প্ৰেৰণ কৰা হ’ব ২০০ কেজি লাডু। মকৰ সংক্ৰান্তিৰ দিনা বিশেষ শুকান ফল, চেনিৰ মিঠাই আৰু কেশৰ আদিৰে প্ৰস্তুত কৰা হ’ব এই লাডু।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু