--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশত প্ৰচণ্ড শীত হৈছে। উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ পৰা পোহৰলৈ আহিছে এক যন্ত্ৰণাদায়ক ঘটনা। ঘৰতে শুই থকা একেটা পৰিয়ালৰ পাঁচটা সন্তানৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হয়। আন দুজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ পৰিয়ালটোৱে ৰাতি শোওতে কয়লা জ্বলাই শুইছিল।

আপোনালোকক জনাওঁ যে এই বেদনাদায়ক দুৰ্ঘটনা সংঘটিত হৈছে ছাইদ নাগলী থানা এলেকাৰ আল্লীপুৰ ভূদ গাঁৱত। ইয়াৰ বাসিন্দা ৰাইছুদ্দিনৰ ঘৰত সোমবাৰে নিশা প্ৰায় ৮ বজাত তেওঁৰ পত্নী, তিনিটা সন্তান আৰু আত্মীয়ৰ দুটা সন্তানে ৰাতিৰ আহাৰ গ্ৰহণ কৰি শুইছিল। শীতৰ পৰা পৰিত্ৰাণ পাবলৈ নিশা কয়লা জ্বলাই টোপনি গৈছিল পৰিয়ালটো। পাছদিনা তেওঁলোকৰ ঘৰৰ এজনকো বাহিৰত নেদেখি চুবুৰীয়াই ঘৰৰ দুৱাৰখন ভাঙি সোমাই যায়।

মানুহে ভিতৰলৈ সোমাই গ’লে দেখিলে যে পৰিয়ালটোৰ ৫ টি শিশুমৃত অৱস্থাত পৰি আছে, আনহাতে দুজন অচেতন অৱস্থাত আছে। ধোঁৱাই গোটেই ঘৰখন আৱৰি ধৰিছিল। লগে লগে মানুহে আৰক্ষীক খবৰ দিয়ে। এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী উপস্থিত হৈ সকলোকে চিকিৎসালয়লৈ লৈ যায়, য’ত ৫টিকৈ শিশুক চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ বিপৰীতে দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীয়ে কয়লাৰ প্ৰচণ্ড ধোঁৱাত অক্সিজেনৰ অভাৱ হৈ শ্বাসৰুদ্ধকৰ হোৱাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি কয়। বিষয়টোৰ তদন্ত কৰি আছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু