--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশত প্ৰচণ্ড শীত হৈছে। উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ পৰা পোহৰলৈ আহিছে এক যন্ত্ৰণাদায়ক ঘটনা। ঘৰতে শুই থকা একেটা পৰিয়ালৰ পাঁচটা সন্তানৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হয়। আন দুজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ পৰিয়ালটোৱে ৰাতি শোওতে কয়লা জ্বলাই শুইছিল।

আপোনালোকক জনাওঁ যে এই বেদনাদায়ক দুৰ্ঘটনা সংঘটিত হৈছে ছাইদ নাগলী থানা এলেকাৰ আল্লীপুৰ ভূদ গাঁৱত। ইয়াৰ বাসিন্দা ৰাইছুদ্দিনৰ ঘৰত সোমবাৰে নিশা প্ৰায় ৮ বজাত তেওঁৰ পত্নী, তিনিটা সন্তান আৰু আত্মীয়ৰ দুটা সন্তানে ৰাতিৰ আহাৰ গ্ৰহণ কৰি শুইছিল। শীতৰ পৰা পৰিত্ৰাণ পাবলৈ নিশা কয়লা জ্বলাই টোপনি গৈছিল পৰিয়ালটো। পাছদিনা তেওঁলোকৰ ঘৰৰ এজনকো বাহিৰত নেদেখি চুবুৰীয়াই ঘৰৰ দুৱাৰখন ভাঙি সোমাই যায়।

মানুহে ভিতৰলৈ সোমাই গ’লে দেখিলে যে পৰিয়ালটোৰ ৫ টি শিশুমৃত অৱস্থাত পৰি আছে, আনহাতে দুজন অচেতন অৱস্থাত আছে। ধোঁৱাই গোটেই ঘৰখন আৱৰি ধৰিছিল। লগে লগে মানুহে আৰক্ষীক খবৰ দিয়ে। এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী উপস্থিত হৈ সকলোকে চিকিৎসালয়লৈ লৈ যায়, য’ত ৫টিকৈ শিশুক চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ বিপৰীতে দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীয়ে কয়লাৰ প্ৰচণ্ড ধোঁৱাত অক্সিজেনৰ অভাৱ হৈ শ্বাসৰুদ্ধকৰ হোৱাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি কয়। বিষয়টোৰ তদন্ত কৰি আছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক