--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হ্ৰদনগৰী উদয়পুৰ আকৌ এবাৰ এক বৃহৎ অনুষ্ঠানৰ সাক্ষী হ’বলৈ গৈ আছে। প্ৰতিবেদন অনুসৰি, আম আদমি পাৰ্টীৰ সাংসদ ৰাঘৱ চাদ্ধা আৰু অভিনেত্ৰী পৰিনীতি চোপ্ৰাই উদয়পুৰত চলিত মাহত বিবাহপাশত আবদ্ধ হ’ব। অহা ২৩ আৰু ২৪ ছেপ্টেম্বৰত উদয়পুৰত অনুষ্ঠিত হ’ব বিবাহ অনুষ্ঠান।

এই অনুষ্ঠানত বহু ডাঙৰ ডাঙৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। সেই অনুসৰি স্থানৰ বুকিং কৰা হৈছে। অৱশ্যে কোনো নিদিষ্ট পক্ষৰ পৰা আনুষ্ঠানিক নিশ্চিতি প্ৰদান কৰা হোৱা নাই। উল্লেখ্য যে পৰিনীতি চোপ্ৰা কেইসপ্তাহমানৰ আগতে উদয়পুৰলৈ আহিছিল আৰু বিয়াৰ বাবে স্থান ঠিক কৰিছিল।

খবৰ অনুসৰি পৰিনীতি আৰু ৰাঘৱে বিয়াৰ বাবে উদয়পুৰৰ সীতাৰা হোটেল বুকিং কৰিছে। তেওঁলোকৰ বিয়াৰ অনুষ্ঠান লীলা পেলেচ আৰু উদয়াভিলাছ হোটেলত অনুষ্ঠিত হ’ব আৰু ইয়াত অতিথিসকলক থাকিবলৈ দিয়া হ’ব। দুয়োখন ষ্টাৰ হোটেলতে বুকিং কৰি প্ৰস্তুতি আৰম্ভ কৰা হৈছে। কোৱা হৈছে যে এই বিবাহত ৰাজনীতি আৰু চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত বহু তাৰকা আহিব। উদয়পুৰৰ অনুষ্ঠানৰ কথা ক’বলৈ গ’লে শেহতীয়াকৈ উদয়পুৰত জি-২০ৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। ইয়াৰ উপৰিও আম্বানী পৰিয়ালৰ বিবাহ অনুষ্ঠানো ইয়াতেই অনুষ্ঠিত হৈছিল। 

অহা ২৩ আৰু ২৪ ছেপ্টেম্বৰত ৰাঘৱ আৰু পৰিনীতিৰ সম্পন্ন বিবাহ হ’ব। কোৱা হৈছে যে ২২ তাৰিখৰ পৰা অতিথিৰ আগমনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। ২৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব মেহেন্দী,হলদি আৰু মহিলা সংগীতৰ কাৰ্যসূচী।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু