--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৈশৱৰ দুই অভিন্ন বন্ধু। সময়ে দুয়োকে দুটা ভিন্ন পথত অৱতীৰ্ণ কৰালে। এগৰাকী হ'লগৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু আনগৰাকী এটা নিউজ চেনেলৰ মুখ্য সম্পাদক। সময় বাগৰিল। ঘটনাক্ৰমে সাংবাদিক বন্ধুৱে তেওঁৰ চেনেলটোৰ বাবে মুখ্যমন্ত্ৰীক এটা সাক্ষাৎকাৰৰ বাবে অনুৰোধ জনালে। দুই বন্ধুৰ এই আনুষ্ঠানিক সাক্ষাতে এক নতুন মোৰ ল'লে। 

ক্ৰমাৎ খোল খাবলৈ ধৰিলে দুই বন্ধুৰ অতীত আৰু বৰ্তমান। সাংবাদিকতা আৰু ৰাজনীতিৰ সেই চাকনৈয়াত সোমাই পৰিল চেনেলটোৰ দুই কনিষ্ঠ সাংবাদিকো ৷ ইপিনে সেই সাক্ষাৎকাৰটোৱে উন্মোচন কৰিলে মুখ্যমন্ত্ৰী বন্ধুৰ বহু অনুদ্ঘাটিত কথা। কি সেই কথা জানিবলৈ আমি অপেক্ষা কৰিব লাগিব অহা ২৩ ডিচেম্বৰলৈ। এগৰাকী মুখ্যমন্ত্ৰীৰ কাহিনীৰে অহা ২৩ ডিচেম্বৰত চিত্ৰগৃহলৈ আহিব এখন নতুন অসমীয়া চলচ্চিত্ৰ 'ৰাজনীতি পাৰ্ট-১'। 

নেক্সষ্টৰ ষ্টুডিঅ'জৰ বেনাৰত মনোজিত শৰ্মা পৰিচালিত ১২৪ মিনিটীয়া এই 'পলিটিকেল থ্ৰীলাৰ'খন প্ৰযোজনা কৰিছে অসীম নাথ আৰু বিকাশ সাহাই। অন্যতম কেন্দ্ৰীয় চৰিত্ৰ এটা ৰূপায়ণ কৰিছে তপন দাসে। চলচ্চিত্ৰখনত জুবিন গাৰ্গ আৰু বৰষাৰাণী বিষয়াই দুটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ইলেক্ট্ৰ'নিক মাধ্যমৰ সাংবাদিক জুবিন আৰু বৰষাৰ চৰিত্ৰ দুটাৰ মাজেৰে কাহিনীয়ে গতি লাভ কৰিছে আৰু উন্মোচিত হৈছে এগৰাকী মুখ্যমন্ত্ৰীৰ বহু ক'লা অধ্যায়৷ আন দুটা কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰিছে সঞ্জীৱ শৰ্মা আৰু 'কে কে'খ্যাত সিদ্ধাৰ্থ শৰ্মাই।  বহুদিনৰ মূৰত গীতাৱলী ৰাজকুমাৰী আৰু ৰাজীৱ গোস্বামীক দুটা বিশেষ চৰিত্ৰত 'ৰাজনীতি পাৰ্ট-১'ৰ জৰিয়তে দেখিবলৈ পোৱা যাব।

গতানুগতিকতাৰ পৰা আঁতৰি এইবাৰ এক বাস্তৱধৰ্মী 'নেৰেটিভ' পোৱা যাব অভিজিৎ ভট্টাচাৰ্যৰ কাহিনীত। চলচ্চিত্ৰখনৰ চিত্ৰনাট্যও অভিজিত ভট্টাচাৰ্যৰ৷ চিনেমেট'গ্ৰাফী প্ৰদীপ দৈমাৰীৰ, আৱহ সংগীত পৰাণ বৰকটকীৰ। গীত লিখিছে তৰালি শৰ্মা, অজয় ফুকন, অভিজিৎ ভট্টাচাৰ্য আৰু ৰাহুল গৌতম শৰ্মাই ৷ সংগীত পৰিচালনা কৰিছে জয়ন্ত কাকতি, তৰালি শৰ্মা আৰু অজয় ফুকনে। 

নেক্সষ্টৰ ষ্টুডিঅ'জত চলচ্চিত্ৰখন সম্পাদনা কৰিছে মনোজিত শৰ্মা, ৰমেন বৰা আৰু অনেন্দ্ৰ প্ৰসাদ শৰ্মাই। কালাৰ গ্ৰে'ডিং বুদ্ধ দাস, আই চি জি আৰু নেক্সষ্টৰ ষ্টুডিঅ'জৰ। ভিজুৱেল এফেক্টছ গ্লীপিক এনিমেশ্যন এণ্ড ভি এফ এক্সৰ। থ্ৰীডি ভিজুৱেল এফেক্টছ আৰু জি এফ এক্স নেক্সষ্টৰ ষ্টুডিঅ'জৰ। বিতৰক মিতালী ফিল্মছ।











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু