--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৈশৱৰ দুই অভিন্ন বন্ধু। সময়ে দুয়োকে দুটা ভিন্ন পথত অৱতীৰ্ণ কৰালে। এগৰাকী হ'লগৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু আনগৰাকী এটা নিউজ চেনেলৰ মুখ্য সম্পাদক। সময় বাগৰিল। ঘটনাক্ৰমে সাংবাদিক বন্ধুৱে তেওঁৰ চেনেলটোৰ বাবে মুখ্যমন্ত্ৰীক এটা সাক্ষাৎকাৰৰ বাবে অনুৰোধ জনালে। দুই বন্ধুৰ এই আনুষ্ঠানিক সাক্ষাতে এক নতুন মোৰ ল'লে। 

ক্ৰমাৎ খোল খাবলৈ ধৰিলে দুই বন্ধুৰ অতীত আৰু বৰ্তমান। সাংবাদিকতা আৰু ৰাজনীতিৰ সেই চাকনৈয়াত সোমাই পৰিল চেনেলটোৰ দুই কনিষ্ঠ সাংবাদিকো ৷ ইপিনে সেই সাক্ষাৎকাৰটোৱে উন্মোচন কৰিলে মুখ্যমন্ত্ৰী বন্ধুৰ বহু অনুদ্ঘাটিত কথা। কি সেই কথা জানিবলৈ আমি অপেক্ষা কৰিব লাগিব অহা ২৩ ডিচেম্বৰলৈ। এগৰাকী মুখ্যমন্ত্ৰীৰ কাহিনীৰে অহা ২৩ ডিচেম্বৰত চিত্ৰগৃহলৈ আহিব এখন নতুন অসমীয়া চলচ্চিত্ৰ 'ৰাজনীতি পাৰ্ট-১'। 

নেক্সষ্টৰ ষ্টুডিঅ'জৰ বেনাৰত মনোজিত শৰ্মা পৰিচালিত ১২৪ মিনিটীয়া এই 'পলিটিকেল থ্ৰীলাৰ'খন প্ৰযোজনা কৰিছে অসীম নাথ আৰু বিকাশ সাহাই। অন্যতম কেন্দ্ৰীয় চৰিত্ৰ এটা ৰূপায়ণ কৰিছে তপন দাসে। চলচ্চিত্ৰখনত জুবিন গাৰ্গ আৰু বৰষাৰাণী বিষয়াই দুটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ইলেক্ট্ৰ'নিক মাধ্যমৰ সাংবাদিক জুবিন আৰু বৰষাৰ চৰিত্ৰ দুটাৰ মাজেৰে কাহিনীয়ে গতি লাভ কৰিছে আৰু উন্মোচিত হৈছে এগৰাকী মুখ্যমন্ত্ৰীৰ বহু ক'লা অধ্যায়৷ আন দুটা কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰিছে সঞ্জীৱ শৰ্মা আৰু 'কে কে'খ্যাত সিদ্ধাৰ্থ শৰ্মাই।  বহুদিনৰ মূৰত গীতাৱলী ৰাজকুমাৰী আৰু ৰাজীৱ গোস্বামীক দুটা বিশেষ চৰিত্ৰত 'ৰাজনীতি পাৰ্ট-১'ৰ জৰিয়তে দেখিবলৈ পোৱা যাব।

গতানুগতিকতাৰ পৰা আঁতৰি এইবাৰ এক বাস্তৱধৰ্মী 'নেৰেটিভ' পোৱা যাব অভিজিৎ ভট্টাচাৰ্যৰ কাহিনীত। চলচ্চিত্ৰখনৰ চিত্ৰনাট্যও অভিজিত ভট্টাচাৰ্যৰ৷ চিনেমেট'গ্ৰাফী প্ৰদীপ দৈমাৰীৰ, আৱহ সংগীত পৰাণ বৰকটকীৰ। গীত লিখিছে তৰালি শৰ্মা, অজয় ফুকন, অভিজিৎ ভট্টাচাৰ্য আৰু ৰাহুল গৌতম শৰ্মাই ৷ সংগীত পৰিচালনা কৰিছে জয়ন্ত কাকতি, তৰালি শৰ্মা আৰু অজয় ফুকনে। 

নেক্সষ্টৰ ষ্টুডিঅ'জত চলচ্চিত্ৰখন সম্পাদনা কৰিছে মনোজিত শৰ্মা, ৰমেন বৰা আৰু অনেন্দ্ৰ প্ৰসাদ শৰ্মাই। কালাৰ গ্ৰে'ডিং বুদ্ধ দাস, আই চি জি আৰু নেক্সষ্টৰ ষ্টুডিঅ'জৰ। ভিজুৱেল এফেক্টছ গ্লীপিক এনিমেশ্যন এণ্ড ভি এফ এক্সৰ। থ্ৰীডি ভিজুৱেল এফেক্টছ আৰু জি এফ এক্স নেক্সষ্টৰ ষ্টুডিঅ'জৰ। বিতৰক মিতালী ফিল্মছ।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক