--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়ানে 'কান্তাৰা'ৰ দৰে ছবিত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। লগতে কাৰ্তিকে প্ৰকাশ কৰে যে তেওঁ এজন দেশী মানুহ আৰু তেওঁ কান্তাৰাৰ দৰে চিনেমা চাবলৈ ভাল পায়। এটা সাক্ষাৎকাৰৰ সময়ত কাৰ্তিকক সোধা হৈছিল যে তেওঁ কান্তাৰাৰ দৰে ছবি এখন কৰিব বিচাৰে নেকি? এই কথাত কাৰ্তিক আৰিয়ানে বিচাৰো বুলি কয়। উল্লেখ্য যে ঋষভ শ্বেট্টীৰ ছবি কান্তাৰাই দৰ্শকৰ পৰা অপৰিসীম মৰম লাভ কৰাৰ লগে লগে দক্ষিণৰ ছবিয়ে পুনৰবাৰ সমগ্ৰ ভাৰতীয় দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

কাৰ্তিকে কয়- ''মাটিৰ গোন্ধ থকা ছবি কৰিবলৈ মই ভাল পাম। মই নিজেও এজন অতি দেশী ব্যক্তি। মোৰ তেজ সম্পূৰ্ণ থলুৱা। এনে চিনেমা চাই ভাল পোৱাৰ লগতে এনে চিনেমা কৰিবলৈও মই ভালপাম।

তেওঁ লগতে কয় যে আজিকালি কিছুমান শিৰোনামত দেখিছোঁ যে কাৰ্তিকৰ যুগ আৰম্ভ হৈছে। এনে সফলতা দেখি বৰ আনন্দ লাগে। আগন্তুক দিনতো মোৰ চিনেমাবোৰ চলি থাকিব আৰু ভাল চিনেমা কৰি যাম বুলি আশা কৰিলোঁ।''

বৰ্তমান সময়ত চলচ্চিত্ৰ জগতত কাৰ্তিক আৰিয়ানৰ কেৰিয়াৰ অতি সফলতাৰে চলি আছে। এইবাৰ তেওঁৰ ছবি 'ভূল ভুলাইয়া ২-’ৱে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছে। ইয়াৰ উপৰিও শেহতীয়াকৈ অ’টিটিত মুক্তি পোৱা ছবি ফ্ৰেডীয়েও দৰ্শকৰ পৰা উৎকৃষ্ট সঁহাৰি লাভ কৰিছে। অহা বছৰ কাৰ্তিকক দেখা যাব শ্বেহজাদা, কেপ্তেইন ইণ্ডিয়া, আশিকী ২, সত্যপ্ৰেম কি কথা আৰু কবীৰ খানৰ এখন নাম প্ৰকাশ নোহোৱা ছবিত। এই কথা চাই বুজিব পাৰি যে ২০২৩ বৰ্ষটোও কাৰ্তিক আৰিয়ানৰ বাবে আশাৰে ভৰা হ’ব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক