--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়ানে 'কান্তাৰা'ৰ দৰে ছবিত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। লগতে কাৰ্তিকে প্ৰকাশ কৰে যে তেওঁ এজন দেশী মানুহ আৰু তেওঁ কান্তাৰাৰ দৰে চিনেমা চাবলৈ ভাল পায়। এটা সাক্ষাৎকাৰৰ সময়ত কাৰ্তিকক সোধা হৈছিল যে তেওঁ কান্তাৰাৰ দৰে ছবি এখন কৰিব বিচাৰে নেকি? এই কথাত কাৰ্তিক আৰিয়ানে বিচাৰো বুলি কয়। উল্লেখ্য যে ঋষভ শ্বেট্টীৰ ছবি কান্তাৰাই দৰ্শকৰ পৰা অপৰিসীম মৰম লাভ কৰাৰ লগে লগে দক্ষিণৰ ছবিয়ে পুনৰবাৰ সমগ্ৰ ভাৰতীয় দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

কাৰ্তিকে কয়- ''মাটিৰ গোন্ধ থকা ছবি কৰিবলৈ মই ভাল পাম। মই নিজেও এজন অতি দেশী ব্যক্তি। মোৰ তেজ সম্পূৰ্ণ থলুৱা। এনে চিনেমা চাই ভাল পোৱাৰ লগতে এনে চিনেমা কৰিবলৈও মই ভালপাম।

তেওঁ লগতে কয় যে আজিকালি কিছুমান শিৰোনামত দেখিছোঁ যে কাৰ্তিকৰ যুগ আৰম্ভ হৈছে। এনে সফলতা দেখি বৰ আনন্দ লাগে। আগন্তুক দিনতো মোৰ চিনেমাবোৰ চলি থাকিব আৰু ভাল চিনেমা কৰি যাম বুলি আশা কৰিলোঁ।''

বৰ্তমান সময়ত চলচ্চিত্ৰ জগতত কাৰ্তিক আৰিয়ানৰ কেৰিয়াৰ অতি সফলতাৰে চলি আছে। এইবাৰ তেওঁৰ ছবি 'ভূল ভুলাইয়া ২-’ৱে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছে। ইয়াৰ উপৰিও শেহতীয়াকৈ অ’টিটিত মুক্তি পোৱা ছবি ফ্ৰেডীয়েও দৰ্শকৰ পৰা উৎকৃষ্ট সঁহাৰি লাভ কৰিছে। অহা বছৰ কাৰ্তিকক দেখা যাব শ্বেহজাদা, কেপ্তেইন ইণ্ডিয়া, আশিকী ২, সত্যপ্ৰেম কি কথা আৰু কবীৰ খানৰ এখন নাম প্ৰকাশ নোহোৱা ছবিত। এই কথা চাই বুজিব পাৰি যে ২০২৩ বৰ্ষটোও কাৰ্তিক আৰিয়ানৰ বাবে আশাৰে ভৰা হ’ব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত বনৰীয়া হাতী বিলুপ্ত হোৱাৰ শংকা
জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য