--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ শৈশৱৰ দুঃখজনক স্মৃতি সোঁৱৰণ কৰি আৱেগিক হৈ পৰিল হৃত্বিক ৰোছন। এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত হৃত্বিকে কয় যে তেওঁৰ শৈশৱ কালছোৱা সিমান সুখজনক নাছিল। বৰঞ্চ অভিনয় এৰি দিয়াৰ কথা ভাবিছিল তেওঁ।

“সৰুকালতে স্কুলত পঁয়ালগা আছিলো। কথা ক’ব নাজানিছিলো। মোৰ কোনো বন্ধু নাছিল, কোনো প্ৰেমিকাও নাছিল। প্ৰচণ্ড লাজুকীয়া আছিলো আৰু ঘৰলৈ ঘূৰি আহি কেৱল কান্দিছিলো।”- হৃত্বিকে কয়।

“ডাক্তৰে কৈছিল যে মই কোনোদিনে অভিনেতা হ’ব নোৱাৰিম। কাৰণটো হৈছে মোৰ মেৰুদণ্ডৰ সমস্যাই দেখা দিছিল। মোক কোৱা হৈছিল যে মই কোনো দিন নাচিব নোৱাৰিম।”- অভিনেতাগৰাকীয়ে কয়।  

“এইসমূহে মোৰ মন এনেদৰে ভাঙি পেলাইছিল যে ৰাতিপুৱা শুই উঠিয়ে বেয়া বেয়া চিন্তা মনলৈ আহিছিল। মনলৈ আহিছিল যে অভিনেতা হোৱাৰ সপোন মোৰ কেতিয়াও পূৰণ নহ’ব। ভিতৰি ভিতৰি নিজকে প্ৰতিবন্ধী বুলি ভাবিলে অনেক কষ্ট হয়।”- হৃত্বিকে কয়।

অৱশ্যে এতিয়া এইসমূহ স্মৃতি সহজভাৱে গ্ৰহণ কৰে অভিনেতাগৰাকীয়ে। কয় যে জীৱনটোলৈ ঘূৰি চালে তেওঁৰ এই সমস্যাসমূহ সৃষ্টি কৰাৰ বাবে ঈশ্বৰক ধন্যবাদ জনায়।

“সেই দিনসমূহৰ বাবেই মই শক্তিশালীভাৱে নিজকে গঢ় দিব পাৰিলো।”- অভিনেতাগৰাকীয়ে কয়।

উল্লেখ্য যে শেহতীয়াকৈ হৃত্বিকৰ ‘বিক্ৰম বেদা’ ছৱিখন বক্স অফিচত সফল নহ’লেও তেওঁৰ অভিনয় প্ৰশংসিত হৈছে। মুক্তিৰ অপেক্ষাত আছে ‘ফাইটাৰ’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক