--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ শৈশৱৰ দুঃখজনক স্মৃতি সোঁৱৰণ কৰি আৱেগিক হৈ পৰিল হৃত্বিক ৰোছন। এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত হৃত্বিকে কয় যে তেওঁৰ শৈশৱ কালছোৱা সিমান সুখজনক নাছিল। বৰঞ্চ অভিনয় এৰি দিয়াৰ কথা ভাবিছিল তেওঁ।

“সৰুকালতে স্কুলত পঁয়ালগা আছিলো। কথা ক’ব নাজানিছিলো। মোৰ কোনো বন্ধু নাছিল, কোনো প্ৰেমিকাও নাছিল। প্ৰচণ্ড লাজুকীয়া আছিলো আৰু ঘৰলৈ ঘূৰি আহি কেৱল কান্দিছিলো।”- হৃত্বিকে কয়।

“ডাক্তৰে কৈছিল যে মই কোনোদিনে অভিনেতা হ’ব নোৱাৰিম। কাৰণটো হৈছে মোৰ মেৰুদণ্ডৰ সমস্যাই দেখা দিছিল। মোক কোৱা হৈছিল যে মই কোনো দিন নাচিব নোৱাৰিম।”- অভিনেতাগৰাকীয়ে কয়।  

“এইসমূহে মোৰ মন এনেদৰে ভাঙি পেলাইছিল যে ৰাতিপুৱা শুই উঠিয়ে বেয়া বেয়া চিন্তা মনলৈ আহিছিল। মনলৈ আহিছিল যে অভিনেতা হোৱাৰ সপোন মোৰ কেতিয়াও পূৰণ নহ’ব। ভিতৰি ভিতৰি নিজকে প্ৰতিবন্ধী বুলি ভাবিলে অনেক কষ্ট হয়।”- হৃত্বিকে কয়।

অৱশ্যে এতিয়া এইসমূহ স্মৃতি সহজভাৱে গ্ৰহণ কৰে অভিনেতাগৰাকীয়ে। কয় যে জীৱনটোলৈ ঘূৰি চালে তেওঁৰ এই সমস্যাসমূহ সৃষ্টি কৰাৰ বাবে ঈশ্বৰক ধন্যবাদ জনায়।

“সেই দিনসমূহৰ বাবেই মই শক্তিশালীভাৱে নিজকে গঢ় দিব পাৰিলো।”- অভিনেতাগৰাকীয়ে কয়।

উল্লেখ্য যে শেহতীয়াকৈ হৃত্বিকৰ ‘বিক্ৰম বেদা’ ছৱিখন বক্স অফিচত সফল নহ’লেও তেওঁৰ অভিনয় প্ৰশংসিত হৈছে। মুক্তিৰ অপেক্ষাত আছে ‘ফাইটাৰ’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু