--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে বিগত ২৩ বছৰ ১২৭ দিন ধৰি মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে। আগন্তুক ২২ জুলাইত অৰ্থাৎ ঠিক দহ দিনৰ পাছত তেওঁ দ্বিতীয় সৰ্বাধিক দিন কাৰ্যনিৰ্বাহ কৰা মুখ্যমন্ত্ৰীৰ অভিলেখ গঢ়িব।

১৯৯৭ চনতে মুখ্যমন্ত্ৰী পাটনায়কে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। ১৯৯৮ চনত তেওঁ পিতৃৰ নামেৰে এটা দল গঠন কৰি তাৰ নাম বিজু জনতা দল ৰাখে। ২০০০ চনৰ মাৰ্চ মাহত তেওঁ প্ৰথমবাৰৰ বাবে ওড়িশাৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় আৰু তেতিয়াৰ পৰা আজিলৈকে তেওঁ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছে।

বিবিচিৰ এক প্ৰতিবেদনত নবীন পাটনাইকৰ জীৱনী ৰচনা কৰা ৰুবেন বেনাৰ্জীয়ে কয়, ‘যেতিয়া ২০০০ চনত নবীনে প্ৰথমবাৰৰ বাবে ওড়িশা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ৰাজনীতিত প্ৰৱেশ কৰিছিল, তেতিয়া তেওঁ উড়িয়া ভাষাও ক’ব নাজানিছিল। কিন্তু নিজৰ ভাষা নোকোৱাকৈয়ে পাটনায়কে তাত থকা মানুহৰ লগত এক সংযোগ প্ৰতিষ্ঠা কৰাই নহয়,বৰঞ্চ সেই সংযোগ আজিও অক্ষত অৱস্থাত আছে।’

বিশ বছৰ পূৰ্বে ওড়িশা ৰাজ্যখনে দেশৰ অন্যতম দৰিদ্ৰ আৰু অসুস্থ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল। ওড়িশাৰ কালাহাণ্ডী আৰু ৰায়গড়ৰ নাম শুনি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মাজত যি ছবি সৃষ্টি হৈছিল, সেই ছবিখন অনাহাৰ আৰু পুষ্টিহীনতাৰ বলি হোৱা লোকৰ সৈতে জড়িত হৈ পৰিছিল। খোদ ২০০১ চনত ৰায়গড়াৰ কাশীপুৰত আমৰ গুটিৰ পেষ্ট খাই ২০ জনতকৈ অধিক লোকৰ মৃত্যুৰ খবৰে সেই সময়ত আন্তৰ্জাতিক শিৰোনাম দখল কৰিছিল।


১৯৯৯ চনত নবীন পাটনায়কে মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ পূৰ্বে ওড়িশাই আটাইতকৈ ভয়াৱহ ঘূৰ্ণীবতাহৰ ধুমুহাৰ সন্মুখীন হ’বলগীয়া হৈছিল। চৰকাৰী তথ্য অনুসৰি এই ধুমুহাত ১০ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল।এই সকলোবোৰ পৰিস্থিতিৰ মাজতে নবীন পাটনায়কে প্ৰথমবাৰৰ বাবে বিজেপিৰ সৈতে চৰকাৰ গঠন কৰে আৰু মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যৰ গতি সলনি কৰে। 

যোৱা ২৩ বছৰত মুখ্যমন্ত্ৰী নবীন পাটনায়কে ওড়িশাৰ অৰ্থনীতি, শিক্ষা ব্যৱস্থা, স্বাস্থ্য সুবিধা আৰু খাদ্য সুৰক্ষা সম্পৰ্কীয় প্ৰতিটো নীতি ৰূপায়ণ কৰিছিল, যাৰ বাবে আজি ওড়িশা দেশৰ দ্ৰুততম উন্নয়নশীল ৰাজ্যসমূহৰ ভিতৰত গণ্য কৰা হৈছে।

ওড়িশাৰ বৃদ্ধিৰ হাৰৰ কথা ক’বলৈ গ’লে ২০২১-২২ চনত ১১.৫ শতাংশ আৰু ২০২২-২৩ চনত ৭.৮ শতাংশ আছিল। ইয়াৰ বাহিৰেও ভাৰতৰ তীখা উৎপাদন ক্ষমতাৰ ২০ শতাংশ ওড়িশাত। এই ৰাজ্যখন বৰ্তমান শক্তি উদ্বৃত্ত ৰাজ্যসমূহৰ ভিতৰত অন্যতম।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু