--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে বিগত ২৩ বছৰ ১২৭ দিন ধৰি মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে। আগন্তুক ২২ জুলাইত অৰ্থাৎ ঠিক দহ দিনৰ পাছত তেওঁ দ্বিতীয় সৰ্বাধিক দিন কাৰ্যনিৰ্বাহ কৰা মুখ্যমন্ত্ৰীৰ অভিলেখ গঢ়িব।

১৯৯৭ চনতে মুখ্যমন্ত্ৰী পাটনায়কে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। ১৯৯৮ চনত তেওঁ পিতৃৰ নামেৰে এটা দল গঠন কৰি তাৰ নাম বিজু জনতা দল ৰাখে। ২০০০ চনৰ মাৰ্চ মাহত তেওঁ প্ৰথমবাৰৰ বাবে ওড়িশাৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় আৰু তেতিয়াৰ পৰা আজিলৈকে তেওঁ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছে।

বিবিচিৰ এক প্ৰতিবেদনত নবীন পাটনাইকৰ জীৱনী ৰচনা কৰা ৰুবেন বেনাৰ্জীয়ে কয়, ‘যেতিয়া ২০০০ চনত নবীনে প্ৰথমবাৰৰ বাবে ওড়িশা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ৰাজনীতিত প্ৰৱেশ কৰিছিল, তেতিয়া তেওঁ উড়িয়া ভাষাও ক’ব নাজানিছিল। কিন্তু নিজৰ ভাষা নোকোৱাকৈয়ে পাটনায়কে তাত থকা মানুহৰ লগত এক সংযোগ প্ৰতিষ্ঠা কৰাই নহয়,বৰঞ্চ সেই সংযোগ আজিও অক্ষত অৱস্থাত আছে।’

বিশ বছৰ পূৰ্বে ওড়িশা ৰাজ্যখনে দেশৰ অন্যতম দৰিদ্ৰ আৰু অসুস্থ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল। ওড়িশাৰ কালাহাণ্ডী আৰু ৰায়গড়ৰ নাম শুনি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মাজত যি ছবি সৃষ্টি হৈছিল, সেই ছবিখন অনাহাৰ আৰু পুষ্টিহীনতাৰ বলি হোৱা লোকৰ সৈতে জড়িত হৈ পৰিছিল। খোদ ২০০১ চনত ৰায়গড়াৰ কাশীপুৰত আমৰ গুটিৰ পেষ্ট খাই ২০ জনতকৈ অধিক লোকৰ মৃত্যুৰ খবৰে সেই সময়ত আন্তৰ্জাতিক শিৰোনাম দখল কৰিছিল।


১৯৯৯ চনত নবীন পাটনায়কে মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ পূৰ্বে ওড়িশাই আটাইতকৈ ভয়াৱহ ঘূৰ্ণীবতাহৰ ধুমুহাৰ সন্মুখীন হ’বলগীয়া হৈছিল। চৰকাৰী তথ্য অনুসৰি এই ধুমুহাত ১০ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল।এই সকলোবোৰ পৰিস্থিতিৰ মাজতে নবীন পাটনায়কে প্ৰথমবাৰৰ বাবে বিজেপিৰ সৈতে চৰকাৰ গঠন কৰে আৰু মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যৰ গতি সলনি কৰে। 

যোৱা ২৩ বছৰত মুখ্যমন্ত্ৰী নবীন পাটনায়কে ওড়িশাৰ অৰ্থনীতি, শিক্ষা ব্যৱস্থা, স্বাস্থ্য সুবিধা আৰু খাদ্য সুৰক্ষা সম্পৰ্কীয় প্ৰতিটো নীতি ৰূপায়ণ কৰিছিল, যাৰ বাবে আজি ওড়িশা দেশৰ দ্ৰুততম উন্নয়নশীল ৰাজ্যসমূহৰ ভিতৰত গণ্য কৰা হৈছে।

ওড়িশাৰ বৃদ্ধিৰ হাৰৰ কথা ক’বলৈ গ’লে ২০২১-২২ চনত ১১.৫ শতাংশ আৰু ২০২২-২৩ চনত ৭.৮ শতাংশ আছিল। ইয়াৰ বাহিৰেও ভাৰতৰ তীখা উৎপাদন ক্ষমতাৰ ২০ শতাংশ ওড়িশাত। এই ৰাজ্যখন বৰ্তমান শক্তি উদ্বৃত্ত ৰাজ্যসমূহৰ ভিতৰত অন্যতম।





FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement