--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মন্ত্ৰীসভা সম্প্ৰসাৰণ আৰু নতুন মন্ত্ৰীক বিভাগ আবণ্টন দিয়াৰ বিষয়ে মহাৰাষ্ট্ৰত ৰাজনীতি উত্তপ্ত হৈ পৰিছে। ইফালে, শিৱসেনাই বৃহস্পতিবাৰে কয় যে ৰাজ্যিক মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আৰু পৰ্টফলিঅ’ আবণ্টন ১৪ জুলাইত হোৱাৰ সম্ভাৱনা আছে। কিন্তু একনাথ সিন্দে নেতৃত্বাধীন শিবিৰৰ বিধায়কসকলক কেবিনেট সম্প্ৰসাৰণত স্থান দিয়াৰ সম্ভাৱনা কম বুলি দাবী কৰি শিৱসেনা(UBT)ই  দাবী কৰে৷

এক বিদ্ৰোহত ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা অজিত পাৱাৰ আৰু তেওঁৰ দলৰ আন ৮ বিধায়কে ২ জুলাইত মহাৰাষ্ট্ৰ চৰকাৰত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ এই পদক্ষেপৰ পাছত শাৰদ পাৱাৰৰ নেতৃত্বত দলটোত বিভাজন ঘটিছিল। ইয়াৰ পাছতে এন চি পিৰ বিধায়কক শিৱসেনা-বিজেপি মিত্ৰজোঁটৰ চৰকাৰত অন্তৰ্ভুক্ত কৰাৰ লগে লগে বিভাগ আবণ্টন সন্দৰ্ভত আৰম্ভ হৈছে তদন্ত।

শিৱসেনাৰ মুখপাত্ৰ সঞ্জয় শিৰছাটে বৃহস্পতিবাৰে কয় যে শুকুৰবাৰে কেবিনেট সম্প্ৰসাৰণ আৰু পৰ্টফলিঅ’ আবণ্টনৰ ৯৯ শতাংশ সম্ভাৱনা আছে। আনহাতে দলৰ সহযোগী তথা মন্ত্ৰী উদয় সামন্তই কয় যে  উপযুক্ত সময়ত মন্ত্ৰীসভাৰ সালসলনি কৰা হ’ব।

নতুন মন্ত্ৰীক পৰ্টফলিঅ’ আবণ্টন সন্দৰ্ভত জল্পনা-কল্পনাৰ মাজতে বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে বিজেপি নেতা তথা উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছক সাক্ষাৎ কৰে। ইয়াৰ পূর্বে অজিত পাৱাৰ আৰু দেৱেন্দ্র ফাড়নাবিছে মুখ্যমন্ত্রী একনাথ সিন্দেৰ সৈতে তেওঁৰ বাসগৃহত বৈঠকত মিলিত হৈছিল৷এই বৈঠক প্ৰায় ডেৰ ঘণ্টা ধৰি চলিছিল।

ইয়াৰ পূৰ্বে বুধবাৰে নিশা অজিত পাৱাৰ আৰু এনচিপি নেতা প্ৰফুল্ল পেটেলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ জ্যেষ্ঠ নেতাসকলক সাক্ষাৎ কৰে। ইয়াৰ পাছতে প্ৰফুল্ল পেটেলে কয় যে মহাৰাষ্ট্ৰত শাসকীয় মিত্ৰজোঁটত যোগদান কৰাৰ পাছত তেওঁ আৰু অজিত পাৱাৰে জ্যেষ্ঠ নেতাসকলক আনুষ্ঠানিকভাৱে সাক্ষাৎ নকৰাত অমিত শ্বাহ আৰু বিজেপিৰ অন্যান্য নেতাসকলৰ সৈতে সৌজন্যমূলক বৈঠক আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু