--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰ্যাপ্ত কৰ্মী অবিহনেই চলিছে দেশৰ সৰ্ববৃহৎ চোৰাংচোৱা সংস্থা CBI৷ কৰ্মী আৰু প্ৰশিক্ষণ বিভাগে ২০২২-২৩ চনৰ বাৰ্ষিক প্ৰতিবেদনত উল্লেখ কৰিছে যে চিবিআইত বিশেষ সঞ্চালক, যুটীয়া সঞ্চালক আৰু ডিআইজিৰ পদকে ধৰি ২৩ শতাংশ কৰ্মচাৰীৰ নাটনিৰ সন্মুখীন হৈছে, কাৰণ ১০২৫টা গোচৰ (৯৪৩টা পঞ্জীয়নভুক্ত গোচৰ আৰু ৮২টা প্ৰাথমিক তদন্ত) এতিয়াও অমীমাংসিত হৈয়ে আছে।

প্ৰতিবেদনত কোৱা হৈছে যে, ‘২০২২ চনৰ ৩১ ডিচেম্বৰলৈকে চিবিআইৰ মুঠ অনুমোদিত কৰ্মচাৰী আছিল ৭,২৯৫ জন, যাৰ বিপৰীতে ৫,৬০০ বিষয়া পদত আছিল আৰু ১,৬৯৫টা পদ খালী আছিল।’ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্য অনুসৰি ডিঅ’পিটিৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০২০ চনৰ ৩১ ডিচেম্বৰলৈকে চিবিআইত কৰ্মচাৰীৰ মুঠ অনুমোদিত শক্তি আছিল ৭,২৭৩ আৰু ইয়াৰে ১,৩৭৪টা পদ খালী হৈ আছে। আনহাতে ২০২১ চনত ১,৫৩৩টা পদ খালী হৈ আছিল।

প্ৰতিবেদন অনুসৰি চিবিআইৰ ১ জন বিশেষ/অতিৰিক্ত সঞ্চালক, ২ জন যৌথ সঞ্চালক, ১১ জন ডিআইজি, ৯ জন এছএছপি, ১ জন অতিৰিক্ত এছপি, ৬৫ জন উপ এছপি, ৩৬০ জন পৰিদৰ্শক, ২০৪ জন উপ পৰিদৰ্শক, ৫১ জন সহকাৰী উপ পৰিদৰ্শক, ১২৩ জন হেড কনিষ্টবল, ২৮১ জন কনিষ্টবল আৰু ৩৬৭জন বিষয়াৰ পদ খালী হৈ আছে।

উল্লেখ্য যে চিবিআইৰ শক্তি প্ৰত্যক্ষভাৱে নিযুক্তিপ্ৰাপ্ত কৰ্মী আৰু ডেপুটেচনত ৰাজ্যিক আৰক্ষীৰ জোৱানৰ দ্বাৰা গঠিত, আনহাতে সকলো উচ্চ পদ সম্পূৰ্ণৰূপে ডেপুটেচন বিষয়াই দখল কৰে৷প্ৰতিবেদনত কোৱা হৈছে, ‘২০২২ চনত চিবিআইত ডেপুটেচনত অন্তৰ্ভুক্ত কৰা হৈছিল বিভিন্ন পদবীৰ মুঠ ৩০৮জন বিষয়া। লগতে যুটীয়া সঞ্চালকৰ পৰা কনিষ্টবললৈকে বিভিন্ন পদবীৰ ১৩৩জন বিষয়াৰ ডেপুটেচনৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে৷’

প্ৰতিবেদনত লগতে কোৱা হৈছে, ‘৯৪৩টা পঞ্জীয়নভুক্ত গোচৰৰ ভিতৰত ৪৪৭টা গোচৰৰ তদন্ত এবছৰতকৈ অধিক সময় ধৰি চলি আছে। একেদৰে ৮২টা বাকী থকা তদন্তৰ ভিতৰত ৬০টা তদন্ত তিনিমাহতকৈ অধিক সময় ধৰি চলি আছে৷’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু