--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ বিভিন্ন এন জি অ’ৰ বিদেশী অৱদান নিয়ন্ত্ৰণ আইনৰ অনুজ্ঞাপত্ৰ বাতিলৰ তালিকাত তামিলনাডু সমাজ সেৱা সমিতিৰ নাম সংযোজন কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৩ ফেব্ৰুৱাৰীত এই পদক্ষেপ গ্ৰহণ কৰিছে।

টিএনএছঅ’এছএছ নামেৰে সংক্ষিপ্ত ৰূপত এই ছ’চাইটিখন তামিলনাডু কেথলিক বিছপ সন্মিলনৰ তত্বাৱধানত থকা খ্ৰীষ্টান বেচৰকাৰী সংস্থা। কেন্দ্ৰীয় চৰকাৰে সংগঠনটোৱে এফ চি আৰ এৰ নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

গৃহ মন্ত্ৰালয়ৰ এক নিৰ্দেশ অনুসৰি এই বেচৰকাৰী সংস্থাটোৱে এতিয়া বিদেশী অনুদান লাভৰ যোগ্যতা অৰ্জন কৰা নাই আৰু এই নীতি ‘উলংঘা’ৰ বাবে অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে বুলি দ্য হিন্দুৱে বাতৰি প্ৰকাশ কৰিছে।

এই এন জি অ’টো ‘সামাজিক’ সংগঠন হিচাপে পঞ্জীয়ন কৰা হৈছে। পঞ্জীয়নভুক্ত সংস্থাসমূহে সামাজিক, শৈক্ষিক, ধৰ্মীয়, অৰ্থনৈতিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰ বাবে বিদেশী অৱদান লাভ কৰিব পাৰে। বিদেশী পুঁজি লাভ কৰিবলৈ এফচিআৰএৰ অনুজ্ঞাপত্ৰ বাধ্যতামূলক।

তামিলনাডুত ভিত্তি কৰি এইটোৱেই দ্বিতীয়টো খ্ৰীষ্টান সংগঠন, যাৰ এফচিআৰএ অনুজ্ঞাপত্ৰ ২০২৪ চনত বাতিল কৰা হৈছে। আন এটা সংস্থা ‘ৱৰ্ল্ড ভিজন ইণ্ডিয়া’ৰ অনুজ্ঞাপত্ৰ ২০ জানুৱাৰীত বাতিল কৰা হৈছিল।১০০ খনতকৈও অধিক দেশত উপস্থিত থকা খ্ৰীষ্টান স্বেচ্ছাসেৱী গোটসমূহৰ ভিতৰত এই সংগঠনটোও অন্যতম। এই সংস্থাটোৱে বিগত ৭০ বছৰ ধৰি ভাৰতত কাম কৰি আহিছে।

কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে নতুন দিল্লীস্থিত থিংক টেংক চেণ্টাৰ ফৰ পলিচি ৰিচাৰ্চ (চিপিআৰ)ৰ অনুজ্ঞাপত্ৰও বাতিল কৰিছিল। তাৰ পিছত সংগঠনটোৰ সভানেত্ৰী যামিনী আয়াৰে এই সিদ্ধান্তৰ ভিত্তি ‘অসামঞ্জস্যপূৰ্ণ’ বুলি অভিহিত কৰিছিল।এফচিআৰএৰ ধাৰাবাহিক সংশোধনীৰ জৰিয়তে একেৰাহে চৰকাৰে বহু বেচৰকাৰী সংস্থাৰ কাৰ্যকলাপৰ ওপৰত বাধা আৰোপ কৰিছিল, যাৰ ফলত তেওঁলোকে চাকৰি হেৰুৱাকে ধৰি বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল।

উল্লেখ্য যে, মন্ত্ৰালয়ে এফ চি আৰ এৰ জৰিয়তে বিদেশী অনুদান নিয়ন্ত্ৰণ কৰে যাতে এনেধৰণৰ ধনেৰে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাত বিৰূপ প্ৰভাৱ নপৰে।দ্য হিন্দুৱে প্ৰকাশ কৰা অনুসৰি ২০১৫ চনৰ পৰা ১৬ হাজাৰৰো অধিক এন জি অ’ৰ এফ চি আৰ এ অনুজ্ঞাপত্ৰ ‘উলংঘা’ৰ বাবে বাতিল কৰা হৈছে। ৩ ফেব্ৰুৱাৰীলৈকে দেশত ১৭,০১৯টা এফ চি আৰ এ পঞ্জীয়নভুক্ত এন জি অ’ সক্ৰিয় হৈ আছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
'ককাদেউতা নাতি আৰু হাতী ২'ৰ প'ষ্টাৰ-ল'গ' মুকলি
ভাৰতৰ বিৰুদ্ধে এইবাৰ ৫০ শতাংশ শুল্ক ঘোষণা ট্রাম্পৰ
অসমীয়া জাতিক নিঃশেষ কৰিব খুজিলে পৰিস্থিতি বেয়া হ'ব, মুখ্যমন্ত্ৰীৰ পুনৰ সকীয়নি
৭ বছৰৰ মূৰত চীনলৈ যাব মোদী
'উচ্ছেদৰ পাছতে আমাক লাগিব নেঘেৰিবিল, পূৰ্বপুৰুষৰ ভূমি ঘূৰাই লাগিবই': অসমক হুংকাৰ দিলে নগাই
মোদীৰ প্ৰতিচ্ছবিৰে হাতেৰে সজ্জিত কৰিলে অংগবস্ত্ৰ! প্ৰধানমন্ত্ৰীলৈ বিশেষ সন্মান অসমৰ প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ
শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ বিশ্বৰ ব্যয়বহুল আর্থ ইমেজিং ছেটেলাইট
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা