--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ বিভিন্ন এন জি অ’ৰ বিদেশী অৱদান নিয়ন্ত্ৰণ আইনৰ অনুজ্ঞাপত্ৰ বাতিলৰ তালিকাত তামিলনাডু সমাজ সেৱা সমিতিৰ নাম সংযোজন কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৩ ফেব্ৰুৱাৰীত এই পদক্ষেপ গ্ৰহণ কৰিছে।

টিএনএছঅ’এছএছ নামেৰে সংক্ষিপ্ত ৰূপত এই ছ’চাইটিখন তামিলনাডু কেথলিক বিছপ সন্মিলনৰ তত্বাৱধানত থকা খ্ৰীষ্টান বেচৰকাৰী সংস্থা। কেন্দ্ৰীয় চৰকাৰে সংগঠনটোৱে এফ চি আৰ এৰ নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

গৃহ মন্ত্ৰালয়ৰ এক নিৰ্দেশ অনুসৰি এই বেচৰকাৰী সংস্থাটোৱে এতিয়া বিদেশী অনুদান লাভৰ যোগ্যতা অৰ্জন কৰা নাই আৰু এই নীতি ‘উলংঘা’ৰ বাবে অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে বুলি দ্য হিন্দুৱে বাতৰি প্ৰকাশ কৰিছে।

এই এন জি অ’টো ‘সামাজিক’ সংগঠন হিচাপে পঞ্জীয়ন কৰা হৈছে। পঞ্জীয়নভুক্ত সংস্থাসমূহে সামাজিক, শৈক্ষিক, ধৰ্মীয়, অৰ্থনৈতিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰ বাবে বিদেশী অৱদান লাভ কৰিব পাৰে। বিদেশী পুঁজি লাভ কৰিবলৈ এফচিআৰএৰ অনুজ্ঞাপত্ৰ বাধ্যতামূলক।

তামিলনাডুত ভিত্তি কৰি এইটোৱেই দ্বিতীয়টো খ্ৰীষ্টান সংগঠন, যাৰ এফচিআৰএ অনুজ্ঞাপত্ৰ ২০২৪ চনত বাতিল কৰা হৈছে। আন এটা সংস্থা ‘ৱৰ্ল্ড ভিজন ইণ্ডিয়া’ৰ অনুজ্ঞাপত্ৰ ২০ জানুৱাৰীত বাতিল কৰা হৈছিল।১০০ খনতকৈও অধিক দেশত উপস্থিত থকা খ্ৰীষ্টান স্বেচ্ছাসেৱী গোটসমূহৰ ভিতৰত এই সংগঠনটোও অন্যতম। এই সংস্থাটোৱে বিগত ৭০ বছৰ ধৰি ভাৰতত কাম কৰি আহিছে।

কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে নতুন দিল্লীস্থিত থিংক টেংক চেণ্টাৰ ফৰ পলিচি ৰিচাৰ্চ (চিপিআৰ)ৰ অনুজ্ঞাপত্ৰও বাতিল কৰিছিল। তাৰ পিছত সংগঠনটোৰ সভানেত্ৰী যামিনী আয়াৰে এই সিদ্ধান্তৰ ভিত্তি ‘অসামঞ্জস্যপূৰ্ণ’ বুলি অভিহিত কৰিছিল।এফচিআৰএৰ ধাৰাবাহিক সংশোধনীৰ জৰিয়তে একেৰাহে চৰকাৰে বহু বেচৰকাৰী সংস্থাৰ কাৰ্যকলাপৰ ওপৰত বাধা আৰোপ কৰিছিল, যাৰ ফলত তেওঁলোকে চাকৰি হেৰুৱাকে ধৰি বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল।

উল্লেখ্য যে, মন্ত্ৰালয়ে এফ চি আৰ এৰ জৰিয়তে বিদেশী অনুদান নিয়ন্ত্ৰণ কৰে যাতে এনেধৰণৰ ধনেৰে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাত বিৰূপ প্ৰভাৱ নপৰে।দ্য হিন্দুৱে প্ৰকাশ কৰা অনুসৰি ২০১৫ চনৰ পৰা ১৬ হাজাৰৰো অধিক এন জি অ’ৰ এফ চি আৰ এ অনুজ্ঞাপত্ৰ ‘উলংঘা’ৰ বাবে বাতিল কৰা হৈছে। ৩ ফেব্ৰুৱাৰীলৈকে দেশত ১৭,০১৯টা এফ চি আৰ এ পঞ্জীয়নভুক্ত এন জি অ’ সক্ৰিয় হৈ আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ