--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ ৫ ফেব্ৰুৱাৰীৰ দিনা   গুজৰাটৰ আহমেদাবাদৰ ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয় (আৰআৰইউ) আৰু অসম ৰাইফলছৰ মাজত এখন  বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । আৰআৰইউৰ হৈ প্ৰতিষ্ঠানটোৰ  উপাচাৰ্য ড০ বিমল এন পেটেল  আৰু  অসম ৰাইফলছৰ হৈ বাহিনীটোৰ সঞ্চালক প্ৰধান  লেফটেনেণ্ট জেনেৰেল পিচি নায়াৰ, পিভিএছএম, এভিএছএম, ৱাইএছএম, পিএইচডি-এ এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। 

আজি স্বাক্ষৰিত  বুজাবুজিৰ চুক্তিয়ে অসম ৰাইফলছৰ শৈক্ষিক আৰু প্ৰশিক্ষণ কাৰ্যসূচীক স্বীকৃতি প্ৰদান কৰিব আৰু বিভিন্ন পাঠ্যক্ৰমৰ বাবে প্ৰমাণপত্ৰ প্ৰদানৰ সুবিধা প্ৰদান  কৰিব। ইয়াৰ ফলত বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা অনুসৰি অধ্যয়ন, শৈক্ষিক প্ৰৱন্ধ যুগুতকৰণ , ডক্টৰেটৰ বাবে কৰা  গৱেষণা আদি বিষয়ত প্ৰশিক্ষণ সহজ কৰি তুলিব । বুজাবুজিৰ চুক্তি খনে  যুটীয়া গৱেষণা , অনুষদৰ বিনিময় আৰু সহযোগিতামূলক প্ৰকল্পসমূহক উৎসাহিত কৰিব। ফলত  দুয়োটা সংস্থাই লাভাৱান্বিত হ’ব।

 বুজাবুজিৰ চুক্তি স্বাক্ষৰ  অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি অসম ৰাইফলছৰ  সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল পিচি নায়াৰে কয় - আমাৰ বাহিনীটোৰ ব্যৱহাৰিক অভিজ্ঞতা আৰু আৰআৰইউৰ শৈক্ষিক সহযোগিতাৰ সমন্বয়ে এক সামগ্ৰিক শিক্ষণৰ পৰিৱেশ গঢ়ি তুলিব।  যি কথাই দক্ষতা বৃদ্ধিত সহায়ক হৈ উঠিব। বিগত বছৰবোৰত অসম ৰাইফলছে প্ৰশিক্ষণৰ ক্ষেত্ৰত উল্লেখনীয় সাফল্য অৰ্জন কৰিছে। বাহিনীটোৱে এই ক্ষেত্ৰত  অটল নিষ্ঠা আৰু স্থিতিস্থাপকতা প্ৰদৰ্শন কৰিছে। বাহিনীটোৰ সফলতাৰ আঁৰত   কেৱল বাহিনীটোৰ কৰ্মীসকলৰ বীৰত্বই   নহয়, তেওঁলোকে লাভ কৰা শিক্ষা আৰু প্ৰশিক্ষণৰ মানৰ কথাও  নিহিত হৈ  আছে। আমি কঠোৰ প্ৰশিক্ষণ কাৰ্যসূচীকলৈ  গৌৰৱ কৰো,  যিয়ে অনুশাসনৰ স্থিতিস্থাপকতা আৰু কৰ্তব্যবোধৰ ভাবৰ উদ্ৰেক ঘটায়।

ইয়াৰ পূৰ্বে আৰআৰইউৰ উপাচাৰ্য ড০ বিমল পেটেলে কয় যে আৰআৰইউয়ে উত্তৰ-পূৰ্বাঞ্চলত কেইবা দশক ধৰি অসম ৰাইফলছে হাতত লোৱা দীঘলীয়া কাৰ্যকৰী অভিজ্ঞতা আৰু জনকেন্দ্ৰিক উন্নয়নমূলক কাৰ্যসূচীৰ পৰা শিকিবলৈ আগ্ৰহী । তেনে অভিজ্ঞতাসমূহক বিশ্ববিদ্যালয়ত   অধ্যয়নৰ বিষয় হিচাবে গ্ৰহণ কৰা হ'ব। ফলত  বিশ্ববিদ্যালয়ৰ একাধিক অনুষদৰ অধ্যয়নৰ ক্ষেত্ৰতো সেইবোৰ সহায়ক হৈ উঠিব। 

ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয় হৈছে গৃহ মন্ত্ৰালয়ৰ অধীনত থকা এক  ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান; ই ভাৰতৰ এখন  অগ্ৰণী ৰাষ্ট্ৰীয় সুৰক্ষা আৰু আৰক্ষী বিশ্ববিদ্যালয়। অসম ৰাইফলছ হৈছে এক কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনী আৰু বাহিনীটো গৃহ মন্ত্ৰালয়ৰ অধীনস্থ। অসম ৰাইফলছ ইণ্ডো-ম্যানমাৰ সীমান্তত সীমান্তৰ সুৰক্ষা আৰু বিদ্ৰোহী কাৰ্য-কলাপ দমনৰ  ক্ষেত্ৰত দায়বদ্ধতাৰে নিয়োজিত হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ