--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশত পুনৰ কালৰূপ ধৰি সংক্ৰমিত হৈছে কোভিড। যোৱা কিছুদিনৰ পৰা ভাৰতত কৰোনা সংক্ৰমণ বৃদ্ধি পাইছে। ইয়াৰ লগতে  কোভিড ৰোগীৰ মৃত্যুৰ হাৰো  বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত  দেশৰ আঠখন ৰাজ্যত ১১  জন লোকৰ কোভিডত  মৃত্যু হৈছে। যোৱা ২৪  ঘণ্টাত প্ৰায় ৮,০০০ লোক দেশত কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে।

 ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বহু কোভিড ৰোগীৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু বহুতৰে দেহত অমাইক্ৰন উপ-প্ৰকাৰৰ উপস্থিতি  পোৱা গৈছে।স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশখনত ৭,৮৩০ জন লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। এইটো ২২৩ দিনত দৈনিক সংক্ৰমণৰ সৰ্বাধিক সংখ্যা। ইয়াৰ আগতে ১ ছেপ্টেম্বৰত দেশত দৈনিক কৰোনা সংক্ৰমণৰ সংখ্যা আছিল ৭৪৯৬। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে দেশত মুঠ কৰোনা ৰোগীৰ সংখ্যা ৪০,০০০ৰ সীমা অতিক্ৰম কৰিছে। 

বুধবাৰে পুৱা লৈকে দেশত কৰোনা ৰোগীৰ সংখ্যা আছিল ৪০,২১৫ গৰাকী। মঙলবাৰে দেশত দৈনিক সংক্ৰমণৰ সংখ্যা আছিল ৫৬৭৬। পৰৱৰ্তী ২৪ ঘণ্টাত সংক্ৰমণ যথেষ্ট বৃদ্ধি হোৱাৰ বাবে ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।

বুধবাৰে লৈকে কেৰালাতে  সৰ্বাধিক সংখ্যক লোক কোভিডত আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত, কেৰালাত ১,৮৮১  জন লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। তাৰ পিছতে আছে  দিল্লী । দিল্লীত ৯৮০ গৰাকী লোক শেহতীয়াকৈ কোভিডত আক্ৰান্ত হৈছে।। এদিনতে মহাৰাষ্ট্ৰত ৯১৯  জন লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। পশ্চিম বংগত  এদিনত ৫৯ জন লোক সংক্ৰমিত হৈছে। 

দিল্লী, পঞ্জাৱ আৰু হিমাচল প্ৰদেশত দুজনকৈ লোকৰ কোভিডত মৃত্যু হৈছে। আনহাতে গুজৰাট, মহাৰাষ্ট্ৰ, তামিলনাডু, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত প্ৰতিটোত এজনকৈ লোকৰ কোভিডত  মৃত্যু হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা সংগ্ৰহ কৰা ২৩৪ জন ৰোগীৰ নমুনাত কোভিডৰ  উপ-প্ৰকাৰৰ উপস্থিতি  পোৱা গৈছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত