--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশত পুনৰ কালৰূপ ধৰি সংক্ৰমিত হৈছে কোভিড। যোৱা কিছুদিনৰ পৰা ভাৰতত কৰোনা সংক্ৰমণ বৃদ্ধি পাইছে। ইয়াৰ লগতে  কোভিড ৰোগীৰ মৃত্যুৰ হাৰো  বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত  দেশৰ আঠখন ৰাজ্যত ১১  জন লোকৰ কোভিডত  মৃত্যু হৈছে। যোৱা ২৪  ঘণ্টাত প্ৰায় ৮,০০০ লোক দেশত কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে।

 ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বহু কোভিড ৰোগীৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু বহুতৰে দেহত অমাইক্ৰন উপ-প্ৰকাৰৰ উপস্থিতি  পোৱা গৈছে।স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশখনত ৭,৮৩০ জন লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। এইটো ২২৩ দিনত দৈনিক সংক্ৰমণৰ সৰ্বাধিক সংখ্যা। ইয়াৰ আগতে ১ ছেপ্টেম্বৰত দেশত দৈনিক কৰোনা সংক্ৰমণৰ সংখ্যা আছিল ৭৪৯৬। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে দেশত মুঠ কৰোনা ৰোগীৰ সংখ্যা ৪০,০০০ৰ সীমা অতিক্ৰম কৰিছে। 

বুধবাৰে পুৱা লৈকে দেশত কৰোনা ৰোগীৰ সংখ্যা আছিল ৪০,২১৫ গৰাকী। মঙলবাৰে দেশত দৈনিক সংক্ৰমণৰ সংখ্যা আছিল ৫৬৭৬। পৰৱৰ্তী ২৪ ঘণ্টাত সংক্ৰমণ যথেষ্ট বৃদ্ধি হোৱাৰ বাবে ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।

বুধবাৰে লৈকে কেৰালাতে  সৰ্বাধিক সংখ্যক লোক কোভিডত আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত, কেৰালাত ১,৮৮১  জন লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। তাৰ পিছতে আছে  দিল্লী । দিল্লীত ৯৮০ গৰাকী লোক শেহতীয়াকৈ কোভিডত আক্ৰান্ত হৈছে।। এদিনতে মহাৰাষ্ট্ৰত ৯১৯  জন লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। পশ্চিম বংগত  এদিনত ৫৯ জন লোক সংক্ৰমিত হৈছে। 

দিল্লী, পঞ্জাৱ আৰু হিমাচল প্ৰদেশত দুজনকৈ লোকৰ কোভিডত মৃত্যু হৈছে। আনহাতে গুজৰাট, মহাৰাষ্ট্ৰ, তামিলনাডু, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত প্ৰতিটোত এজনকৈ লোকৰ কোভিডত  মৃত্যু হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা সংগ্ৰহ কৰা ২৩৪ জন ৰোগীৰ নমুনাত কোভিডৰ  উপ-প্ৰকাৰৰ উপস্থিতি  পোৱা গৈছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে