--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনক বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে গণ্য কৰা হৈ আহিছে যদিও চীনৰ সেই অভিলেখ এতিয়া ভাৰতে ভংগ কৰিবলৈ ওলাইছে।   আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ সংস্থা এছ'চিয়েটেড প্ৰেছে সদৰী কৰা তথ্য অনুসৰি যে ভাৰতে জনসংখ্যাৰ দিশৰ পৰা  ইয়াৰ চুবুৰীয়াক চীনক  অতিক্ৰম কৰাৰ পথত। 

ভাৰতে চলিত মাহতে  বা জুলাই মাহৰ ভিতৰত  চীনৰ জনসংখ্যাক অতিক্ৰম কৰিব পাৰে বুলি সংবাদ সংস্থাটোৱে প্ৰকাশ কৰিছে। সংস্থাটোৰ  প্ৰতিবেদনত কোৱা   হৈছে যে  ২০২২  চনত চীন ১,৪২৬ নিযুতৰ জনসংখ্যাৰ সৈতে বিশ্বৰ আটাইতকৈ জনবহুল দেশ হৈ আছে। ভাৰতৰ জনসংখ্যা ১,৪১২ নিযুত। ২০৫০  চনলৈ ভাৰতৰ জনসংখ্যা ১,৬৬৮ নিযুত হ'ব। চীনৰ জনসংখ্যা তেতিয়ালৈকে ১,৩১৭  নিযুতত যথেষ্ট পিছ পৰি থাকিব বুলি কোৱা হৈছে। প্ৰতিবেদন খনৰ মতে ২০৫০  চনৰ ভিতৰত পৃথিৱীত প্ৰায়  ৯.৭  বিলিয়ন মানুহ থাকিব। 

চীন আৰু ভাৰত দুয়ো খন দেশতে ১.৪ বিলিয়নতকৈও অধিক লোক আছে। সেয়ে এক কথাত ক’বলৈ গ’লে বিশ্বৰ  আটাইতকৈ জনবহুল দেশত পৰিণত হোৱাৰ দিশে ভাৰত৷ বছৰৰ পিছত বছৰ ধৰি চীনে অৰ্জন কৰি থকা এই অভিলেখ এতিয়া চীনে ভংগ কৰিলে৷ উল্লেখ্য বিগত ছয়  দশকত প্ৰথমবাৰৰ বাবে  চীনৰ  জনসংখ্যা হ্ৰাস হোৱা বুলি চীনৰ চৰকাৰে প্ৰকাশ কৰিছিল। ইয়াৰ লগে লগে  বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে চীনক অতিক্ৰম কৰি ভাৰত প্ৰথম স্থানত থাকিব বুলি সমীক্ষকসকলে প্ৰকাশ কৰিছে৷ 

চীনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা ব্যুৰোৱে  শেহতীয়াকৈ  ঘোষণা কৰিছে যে দেশ খনত সম্প্ৰতি  নথিভুক্ত কৰা  মৃত্যুৰ সংখ্যা ১০.৪১  নিযুত জন্মৰ সংখ্যা ৯.৫৬  নিযুততকৈ অধিক৷ ফলত ২০২২  চনত চীনৰ জনসংখ্যা ৮৫০,০০০হ্ৰাস হৈ ১.৪১১৭৫  বিলিয়নত উপনীত হৈছে।চীনত হৈ যোৱা  দুৰ্ভিক্ষৰ ফলত   লাখ লাখ লোকৰ মৃত্যু ঘটিছিল। ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলে যোৱা বছৰ ভৱিষ্যতবাণী কৰিছিল যে ভাৰতৰ জনসংখ্যা শীঘ্ৰে ১.৪১২ বিলিয়নত উপনীত হ'ব।

 কিন্তু ভাৰতে এতিয়াও  জনসংখ্যাৰ শেহতীয়া  তথ্য সংগ্ৰহ কৰিব পৰা নাই৷ কিয়নো কোভিডৰ বাবেই  ২০২১  চনত কৰিবলগীয়া  লোকপিয়ল  বিলম্বিত হৈছে৷  উইচকনচিন-মেডিচন বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিজ্ঞানী আৰু চীনৰ জন্ম নীতিৰ বিশিষ্ট সমালোচক য়ি ফুক্সিয়ানে চীনৰ জনসংখ্যাৰ বৃদ্ধিৰ হ্ৰাসক "আশা কৰাতকৈ  বহুত বেয়া" বুলি বৰ্ণনা কৰিছে। 

 ৰাষ্ট্ৰসংঘৰ অনুমানতকৈ ৯-১০  বছৰ আগৰে পৰাই চীনৰ জনসংখ্যা  হ্ৰাস হ'বলৈ আৰম্ভ কৰিছিল বুলি তেওঁ কয়৷  চীনৰ জনসংখ্যা কমাৰ আঁৰত  ত্ৰুটিপূৰ্ণ অৰ্থনৈতিক, সামাজিক, প্ৰতিৰক্ষা আৰু বৈদেশিক নীতিকো বহুতে দায়ী কৰিছে৷   

জনসংখ্যা হ্ৰাস হোৱাৰ বাবেই চীনে ২০১৬  চনত এক সন্তান নীতি প্ৰত্যাহাৰ কৰিছিল  আৰু জনসংখ্যা বৃদ্ধিৰ বাবে ২০২১ চনত পৰিয়ালৰ আকাৰৰ ওপৰত থকা সকলো প্ৰতিবন্ধকতা আঁতৰ কৰিছিল। চৰকাৰে প্ৰজননক উৎসাহিত কৰাৰ বাবে বহু উদগনিমূলক পদক্ষেপ গ্ৰহণ কৰিছে৷ সেইবোৰৰ ভিতৰত কৰ ৰেহাই দিয়া , দীঘলীয়া মাতৃত্বকালীন ছুটিৰ অধিকাৰ,  গৃহ সাহায্য আদি অন্যতম৷  অক্টোবৰত ৰাষ্ট্ৰপতি জি জিনপিঙে পৰামৰ্শ দিছিল যে অতি সোনকালে জনসংখ্যা বৃদ্ধিৰ বাবে অধিক কাৰ্যকৰী  নীতি গ্ৰহণ কৰা হ'ব। 

কিন্তু সকলো  পদক্ষেপেই  অসফল হৈছে। চীনৰ জন্মৰ হাৰ ২০২১ চনত  ৭.৫২ শতাংশৰ পৰা  ৬.৭৭ শতাংশৈ   হ্ৰাস পাইছে৷   লণ্ডনৰ স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজৰ (এছ.ও.এ.এছ.) চীন প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক ষ্টিভ চাঙে কয়, "চীনৰ চৰকাৰে জনসংখ্যা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা পদক্ষেপ ফলপ্ৰসূ হোৱা নাই "৷ চীনৰ যুৱক-যুৱতীসকলে এতিয়া নানান কাৰণত বিয়াৰ প্ৰতিও অনীহা প্ৰদৰ্শ কৰিছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন