--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনক বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে গণ্য কৰা হৈ আহিছে যদিও চীনৰ সেই অভিলেখ এতিয়া ভাৰতে ভংগ কৰিবলৈ ওলাইছে।   আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ সংস্থা এছ'চিয়েটেড প্ৰেছে সদৰী কৰা তথ্য অনুসৰি যে ভাৰতে জনসংখ্যাৰ দিশৰ পৰা  ইয়াৰ চুবুৰীয়াক চীনক  অতিক্ৰম কৰাৰ পথত। 

ভাৰতে চলিত মাহতে  বা জুলাই মাহৰ ভিতৰত  চীনৰ জনসংখ্যাক অতিক্ৰম কৰিব পাৰে বুলি সংবাদ সংস্থাটোৱে প্ৰকাশ কৰিছে। সংস্থাটোৰ  প্ৰতিবেদনত কোৱা   হৈছে যে  ২০২২  চনত চীন ১,৪২৬ নিযুতৰ জনসংখ্যাৰ সৈতে বিশ্বৰ আটাইতকৈ জনবহুল দেশ হৈ আছে। ভাৰতৰ জনসংখ্যা ১,৪১২ নিযুত। ২০৫০  চনলৈ ভাৰতৰ জনসংখ্যা ১,৬৬৮ নিযুত হ'ব। চীনৰ জনসংখ্যা তেতিয়ালৈকে ১,৩১৭  নিযুতত যথেষ্ট পিছ পৰি থাকিব বুলি কোৱা হৈছে। প্ৰতিবেদন খনৰ মতে ২০৫০  চনৰ ভিতৰত পৃথিৱীত প্ৰায়  ৯.৭  বিলিয়ন মানুহ থাকিব। 

চীন আৰু ভাৰত দুয়ো খন দেশতে ১.৪ বিলিয়নতকৈও অধিক লোক আছে। সেয়ে এক কথাত ক’বলৈ গ’লে বিশ্বৰ  আটাইতকৈ জনবহুল দেশত পৰিণত হোৱাৰ দিশে ভাৰত৷ বছৰৰ পিছত বছৰ ধৰি চীনে অৰ্জন কৰি থকা এই অভিলেখ এতিয়া চীনে ভংগ কৰিলে৷ উল্লেখ্য বিগত ছয়  দশকত প্ৰথমবাৰৰ বাবে  চীনৰ  জনসংখ্যা হ্ৰাস হোৱা বুলি চীনৰ চৰকাৰে প্ৰকাশ কৰিছিল। ইয়াৰ লগে লগে  বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে চীনক অতিক্ৰম কৰি ভাৰত প্ৰথম স্থানত থাকিব বুলি সমীক্ষকসকলে প্ৰকাশ কৰিছে৷ 

চীনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা ব্যুৰোৱে  শেহতীয়াকৈ  ঘোষণা কৰিছে যে দেশ খনত সম্প্ৰতি  নথিভুক্ত কৰা  মৃত্যুৰ সংখ্যা ১০.৪১  নিযুত জন্মৰ সংখ্যা ৯.৫৬  নিযুততকৈ অধিক৷ ফলত ২০২২  চনত চীনৰ জনসংখ্যা ৮৫০,০০০হ্ৰাস হৈ ১.৪১১৭৫  বিলিয়নত উপনীত হৈছে।চীনত হৈ যোৱা  দুৰ্ভিক্ষৰ ফলত   লাখ লাখ লোকৰ মৃত্যু ঘটিছিল। ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলে যোৱা বছৰ ভৱিষ্যতবাণী কৰিছিল যে ভাৰতৰ জনসংখ্যা শীঘ্ৰে ১.৪১২ বিলিয়নত উপনীত হ'ব।

 কিন্তু ভাৰতে এতিয়াও  জনসংখ্যাৰ শেহতীয়া  তথ্য সংগ্ৰহ কৰিব পৰা নাই৷ কিয়নো কোভিডৰ বাবেই  ২০২১  চনত কৰিবলগীয়া  লোকপিয়ল  বিলম্বিত হৈছে৷  উইচকনচিন-মেডিচন বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিজ্ঞানী আৰু চীনৰ জন্ম নীতিৰ বিশিষ্ট সমালোচক য়ি ফুক্সিয়ানে চীনৰ জনসংখ্যাৰ বৃদ্ধিৰ হ্ৰাসক "আশা কৰাতকৈ  বহুত বেয়া" বুলি বৰ্ণনা কৰিছে। 

 ৰাষ্ট্ৰসংঘৰ অনুমানতকৈ ৯-১০  বছৰ আগৰে পৰাই চীনৰ জনসংখ্যা  হ্ৰাস হ'বলৈ আৰম্ভ কৰিছিল বুলি তেওঁ কয়৷  চীনৰ জনসংখ্যা কমাৰ আঁৰত  ত্ৰুটিপূৰ্ণ অৰ্থনৈতিক, সামাজিক, প্ৰতিৰক্ষা আৰু বৈদেশিক নীতিকো বহুতে দায়ী কৰিছে৷   

জনসংখ্যা হ্ৰাস হোৱাৰ বাবেই চীনে ২০১৬  চনত এক সন্তান নীতি প্ৰত্যাহাৰ কৰিছিল  আৰু জনসংখ্যা বৃদ্ধিৰ বাবে ২০২১ চনত পৰিয়ালৰ আকাৰৰ ওপৰত থকা সকলো প্ৰতিবন্ধকতা আঁতৰ কৰিছিল। চৰকাৰে প্ৰজননক উৎসাহিত কৰাৰ বাবে বহু উদগনিমূলক পদক্ষেপ গ্ৰহণ কৰিছে৷ সেইবোৰৰ ভিতৰত কৰ ৰেহাই দিয়া , দীঘলীয়া মাতৃত্বকালীন ছুটিৰ অধিকাৰ,  গৃহ সাহায্য আদি অন্যতম৷  অক্টোবৰত ৰাষ্ট্ৰপতি জি জিনপিঙে পৰামৰ্শ দিছিল যে অতি সোনকালে জনসংখ্যা বৃদ্ধিৰ বাবে অধিক কাৰ্যকৰী  নীতি গ্ৰহণ কৰা হ'ব। 

কিন্তু সকলো  পদক্ষেপেই  অসফল হৈছে। চীনৰ জন্মৰ হাৰ ২০২১ চনত  ৭.৫২ শতাংশৰ পৰা  ৬.৭৭ শতাংশৈ   হ্ৰাস পাইছে৷   লণ্ডনৰ স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজৰ (এছ.ও.এ.এছ.) চীন প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক ষ্টিভ চাঙে কয়, "চীনৰ চৰকাৰে জনসংখ্যা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা পদক্ষেপ ফলপ্ৰসূ হোৱা নাই "৷ চীনৰ যুৱক-যুৱতীসকলে এতিয়া নানান কাৰণত বিয়াৰ প্ৰতিও অনীহা প্ৰদৰ্শ কৰিছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চিলনী চোৰ মহিদুল ইছলামক গ্ৰেপ্তাৰ ধিং আৰক্ষীৰ
শাসক লেবাৰ পাৰ্টিৰ ৰাজনৈতিক বিপর্যয়, গাদী হেৰুৱাব পাৰে ব্রিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰ্মাৰে
ইন্ধনৰ সংকট অব্যাহত; সলনি হোৱা নাই চিলিণ্ডাৰ বুকিঙৰ নির্দেশনা
১ জুলাইৰ পৰা বলৱৎ হ’ব ‘ভি বি-জি ৰাম জি’
দেশ বচাও, ইন্ধন বচাও! মোদীৰ ‘হাফ কনভয় মডেল’ক লৈ দেশজুৰি চৰ্চা
ইৰানৰ শান্তি প্ৰস্তাৱ প্রত্যাখ্যান ড’নাল্ড ট্রাম্পৰ
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই