--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰজুন খাৰ্গে নিৰ্বাচিত হৈছে দলটোৰ নতুন সভাপতি। প্ৰায় ২৪ বছৰৰ পাছত গান্ধী পৰিয়ালৰ বাহিৰৰ এজন নেতা দেশৰ আটাইতকৈ পুৰণি দলটোৰ সভাপতি নিৰ্বাচিত হয়। ১৭ অক্টোবৰত অনুষ্ঠিত হৈছিল কংগ্ৰেছ সভাপতি পদৰ বাবে ভোটদান। এইবাৰ প্ৰতিদ্বন্দ্বিতা হৈছিল দলৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গে আৰু শশী থাৰুৰৰ মাজত। যাৰ ভিতৰত শশী থাৰুৰক পৰাস্ত কৰাত সফল হৈছে মল্লিকাৰ্জুন খৰ্গে ।

মল্লিকাৰ্জুন খৰ্গে ৭৮৯৭টা ভোট লাভ কৰাৰ বিপৰীতে শশী থাৰুৰে লাভ কৰে ১০৭২টা ভোট।

এই সন্দৰ্ভত শশী থাৰুৰে কয়, ‘কংগ্ৰেছৰ সভাপতি হোৱাটো এক বৃহৎ সন্মানৰ বিষয়, মহান দায়িত্ব, মল্লীকাৰজুন খাৰ্গেৰ এই নিৰ্বাচনত সফলতাৰ বাবে মই অভিনন্দন জনাইছো। চূড়ান্ত ৰায় আছিল খৰ্গেৰ সপক্ষে, কংগ্ৰেছ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে তেওঁক আন্তৰিক অভিনন্দন জনাইছো।'

একে সময়তে তেওঁ কয়, ‘অতি জটিল পৰিস্থিতিত দলটোক নেতৃত্ব আৰু শক্তি প্ৰদান কৰাৰ বাবে আমি বিদায়ী কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ ওচৰত ঋণী। ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীক কংগ্ৰেছৰ সভাপতি পদৰ বাবে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাত আগবঢ়োৱা অৱদানৰ বাবে ধন্যবাদ জনাইছো।'

কংগ্ৰেছৰ প্ৰায় ৯৯০০ প্ৰতিনিধিয়ে দলৰ মুৰব্বী নিৰ্বাচনৰ বাবে ভোটদানৰ যোগ্য আছিল। কংগ্ৰেছৰ মুখ্য কাৰ্যালয়কে ধৰি প্ৰায় ৬৮টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰা হয়। কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী, কেইবাজনো জ্যেষ্ঠ নেতাকে ধৰি প্ৰায় ৯৫০০ প্ৰতিনিধিয়ে সোমবাৰে দলৰ নতুন সভাপতি নিৰ্বাচনৰ বাবে ভোটদান কৰে।

কংগ্ৰেছ দলৰ ১৩৭ বছৰীয়া ইতিহাসত ষষ্ঠবাৰৰ বাবে সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। দলৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ মতে, ১৯৩৯, ১৯৫০, ১৯৭৭, ১৯৯৭ আৰু ২০০০ চনত সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। ২২ বছৰৰ পাছত এইবাৰ সভাপতি পদৰ নিৰ্বাচন অনুষ্ঠিত হৈছে।

ইফালে, আনুষ্ঠানিক ঘোষণা কৰাৰ পূৰ্বেই ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতি পদতমল্লিকাৰ্জুন খৰ্গেৰ নাম ঘোষণা কৰিছিল। যেতিয়া ৰাহুল গান্ধীক দলত তেওঁৰ ভূমিকা সম্পৰ্কীয় এটা প্ৰশ্ন কৰা হৈছিল, তেতিয়া তেওঁ কৈছিল, "মোৰ ভূমিকা কংগ্ৰেছৰ সভাপতিয়ে সিদ্ধান্ত ল'ব... খৰ্গে জীক সুধিব।" দলত মোৰ ভূমিকা কি হ'ব সেয়া নতুন সভাপতিয়ে সিদ্ধান্ত ল’ব।

১৯৪২ চনৰ ২১ জুলাইত বিদাৰত জন্মগ্ৰহণ কৰা খৰ্গে ১৯৬৯ চনত কংগ্ৰেছত যোগদান কৰে। ২০২১ চনৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা তেওঁ কৰ্ণাটকৰ পৰা ৰাজ্যসভাৰ সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।২০২১ চনৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০২২ চনৰ ১ অক্টোবৰলৈকে খৰ্গে ৰাজ্য সভাৰ বিৰোধীৰ নেতা আছিল।

তদুপৰি তেওঁ মনমোহন সিং চৰকাৰৰ ৰে’ল মন্ত্রী আৰু শ্ৰম আৰু নিয়োগ মন্ত্রী আছিল৷ ২০১৪–২০১৯ বৰ্ষত তেওঁ লোকসভাত কংগ্ৰেছ দলৰ নেতাৰ পদত অধিষ্ঠিত হৈছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য