--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰজুন খাৰ্গে নিৰ্বাচিত হৈছে দলটোৰ নতুন সভাপতি। প্ৰায় ২৪ বছৰৰ পাছত গান্ধী পৰিয়ালৰ বাহিৰৰ এজন নেতা দেশৰ আটাইতকৈ পুৰণি দলটোৰ সভাপতি নিৰ্বাচিত হয়। ১৭ অক্টোবৰত অনুষ্ঠিত হৈছিল কংগ্ৰেছ সভাপতি পদৰ বাবে ভোটদান। এইবাৰ প্ৰতিদ্বন্দ্বিতা হৈছিল দলৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গে আৰু শশী থাৰুৰৰ মাজত। যাৰ ভিতৰত শশী থাৰুৰক পৰাস্ত কৰাত সফল হৈছে মল্লিকাৰ্জুন খৰ্গে ।

মল্লিকাৰ্জুন খৰ্গে ৭৮৯৭টা ভোট লাভ কৰাৰ বিপৰীতে শশী থাৰুৰে লাভ কৰে ১০৭২টা ভোট।

এই সন্দৰ্ভত শশী থাৰুৰে কয়, ‘কংগ্ৰেছৰ সভাপতি হোৱাটো এক বৃহৎ সন্মানৰ বিষয়, মহান দায়িত্ব, মল্লীকাৰজুন খাৰ্গেৰ এই নিৰ্বাচনত সফলতাৰ বাবে মই অভিনন্দন জনাইছো। চূড়ান্ত ৰায় আছিল খৰ্গেৰ সপক্ষে, কংগ্ৰেছ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে তেওঁক আন্তৰিক অভিনন্দন জনাইছো।'

একে সময়তে তেওঁ কয়, ‘অতি জটিল পৰিস্থিতিত দলটোক নেতৃত্ব আৰু শক্তি প্ৰদান কৰাৰ বাবে আমি বিদায়ী কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ ওচৰত ঋণী। ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীক কংগ্ৰেছৰ সভাপতি পদৰ বাবে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাত আগবঢ়োৱা অৱদানৰ বাবে ধন্যবাদ জনাইছো।'

কংগ্ৰেছৰ প্ৰায় ৯৯০০ প্ৰতিনিধিয়ে দলৰ মুৰব্বী নিৰ্বাচনৰ বাবে ভোটদানৰ যোগ্য আছিল। কংগ্ৰেছৰ মুখ্য কাৰ্যালয়কে ধৰি প্ৰায় ৬৮টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰা হয়। কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী, কেইবাজনো জ্যেষ্ঠ নেতাকে ধৰি প্ৰায় ৯৫০০ প্ৰতিনিধিয়ে সোমবাৰে দলৰ নতুন সভাপতি নিৰ্বাচনৰ বাবে ভোটদান কৰে।

কংগ্ৰেছ দলৰ ১৩৭ বছৰীয়া ইতিহাসত ষষ্ঠবাৰৰ বাবে সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। দলৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ মতে, ১৯৩৯, ১৯৫০, ১৯৭৭, ১৯৯৭ আৰু ২০০০ চনত সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। ২২ বছৰৰ পাছত এইবাৰ সভাপতি পদৰ নিৰ্বাচন অনুষ্ঠিত হৈছে।

ইফালে, আনুষ্ঠানিক ঘোষণা কৰাৰ পূৰ্বেই ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতি পদতমল্লিকাৰ্জুন খৰ্গেৰ নাম ঘোষণা কৰিছিল। যেতিয়া ৰাহুল গান্ধীক দলত তেওঁৰ ভূমিকা সম্পৰ্কীয় এটা প্ৰশ্ন কৰা হৈছিল, তেতিয়া তেওঁ কৈছিল, "মোৰ ভূমিকা কংগ্ৰেছৰ সভাপতিয়ে সিদ্ধান্ত ল'ব... খৰ্গে জীক সুধিব।" দলত মোৰ ভূমিকা কি হ'ব সেয়া নতুন সভাপতিয়ে সিদ্ধান্ত ল’ব।

১৯৪২ চনৰ ২১ জুলাইত বিদাৰত জন্মগ্ৰহণ কৰা খৰ্গে ১৯৬৯ চনত কংগ্ৰেছত যোগদান কৰে। ২০২১ চনৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা তেওঁ কৰ্ণাটকৰ পৰা ৰাজ্যসভাৰ সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।২০২১ চনৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০২২ চনৰ ১ অক্টোবৰলৈকে খৰ্গে ৰাজ্য সভাৰ বিৰোধীৰ নেতা আছিল।

তদুপৰি তেওঁ মনমোহন সিং চৰকাৰৰ ৰে’ল মন্ত্রী আৰু শ্ৰম আৰু নিয়োগ মন্ত্রী আছিল৷ ২০১৪–২০১৯ বৰ্ষত তেওঁ লোকসভাত কংগ্ৰেছ দলৰ নেতাৰ পদত অধিষ্ঠিত হৈছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement