--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিছুদিন পূৰ্বে বিজেপিৰ সংগ ত্যাগ কৰি লালু প্ৰসাদ যাদৱৰ আৰ জে ডি- ৰ সৈতে লগ হৈ বিহাৰত নতুন মিত্ৰজোঁট চৰকাৰ গঠন কৰা জেডিইউ মুৰব্বী নীতিশ কুমাৰে এতিয়াও বিজেপিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছে! কেৱল সিমানেই নহয়, যিকোনো মুহূৰ্ততে বিজেপিৰে পুনৰ মিত্ৰতাও গঢ়ি তুলিব পাৰে নীতিশ কুমাৰে! প্ৰবীণ নেতাগৰাকীৰ সন্দৰ্ভত এই বিস্ফোৰক দাবী কৰিছে ৰাজনৈতিক ৰণনীতিবিদ প্ৰশান্ত কিশোৰে। 

বিহাৰত বৰ্তমান পদযাত্ৰাত ব্যস্ত থকা প্ৰশান্ত কিশোৰৰ দাবী অনুসৰি নীতিশ কুমাৰে দলীয় সাংসদ তথা ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশৰ জৰিয়তে বিজেপিৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছে আৰু পৰিস্থিতিয়ে দাবী কৰিলে তেওঁ পুনৰ বিজেপিৰ সৈতে মিত্ৰতা কৰিব পাৰে। 

কিশোৰে কয় যে নীতিশ কুমাৰে বিজেপিৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ত সক্ৰিয়ভাৱে বিৰোধী ঐক্য গঢ়ি তুলিছে বুলি ভবা লোকসকল এই কথাত আচৰিত হ'ব পাৰে। কিন্তু জেডিইউ- এ বিজেপিৰ সৈতে সম্পৰ্ক ছিন্ন কৰিছে যদিও হৰিবংশক এই কাৰণেই ৰাজ্যসভাৰ পদৰ পৰা পদত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া নাই। যেতিয়াই এনে কোনো পৰিস্থিতিৰ উদ্ভৱ হ’ব, নীতিশ কুমাৰ পুনৰ বিজেপিৰ কাষলৈ ঘূৰি যাব পাৰে আৰু বিজেপিৰ সৈতে কাম কৰিব পাৰে বুলি দাবী কৰে কিশোৰে।

অৱশ্যে জেডিইউ- এ প্ৰশান্ত কিশোৰৰ এই দাবী অস্বীকাৰ কৰি বিভ্ৰান্তি বিয়পোৱাৰ লক্ষ্যৰে এই ভুৱা বাৰ্তা প্ৰচাৰ কৰা হৈছে বুলি অভিযোগ কৰিছে। নীতিশ কুমাৰে পুনৰ কেতিয়াও বিজেপিৰ সৈতে হাত মিলাব নোৱাৰে বুলিও দৃঢ়তাৰে দোহাৰিছে দলটোৱে। প্ৰশান্ত কিশোৰক তীব্ৰ সমালোচনা কৰি জনতা দল (ইউনাইটেড)— ৰ মুখপাত্ৰ কেচি ত্যাগীয়ে ৰাজহুৱাকৈ কুমাৰে জীৱনত পুনৰ কেতিয়াও বিজেপিৰ সৈতে মিত্ৰতা নকৰে বুলি ঘোষণা কৰে।

ত্যাগীয়ে কয়, "আমি প্ৰশান্ত কিশোৰৰ দাবীক দৃঢ়ভাৱে খণ্ডন কৰিছো। নীতিশ কুমাৰ ৫০ বছৰতকৈও অধিক সময় সক্ৰিয় ৰাজনীতিত আছে। কিন্তু প্ৰশান্ত কিশোৰ ছয় মাহৰ বাবেহে ৰাজনীতিত আছে। কিশোৰে বিভ্ৰান্তি বিয়পাবলৈ এনে ধৰণৰ বিভ্ৰান্তিকৰ মন্তব্য কৰিছে।"

উল্লেখ্য যে বিগত কিছুদিন ধৰি প্ৰশান্ত কিশোৰে নীতিশ কুমাৰক ধাৰাবাহিকভাৱে সমালোচনা কৰি আহিছে। এসময়ত জেডিইউ- ৰ সদস্য কিশোৰে ২০২০ চনত নাগৰিকত্ব (সংশোধনী) আইনৰ দৰে বিতৰ্কিত পদক্ষেপত বিজেপিক সমৰ্থন কৰাৰ বাবে নীতিশ কুমাৰক তীব্ৰ সমালোচনা কৰি দলৰ পৰা বহিষ্কৃত হৈছিল। সেই সময়ত নীতিশ কুমাৰৰ জেডিইউ বিজেপি নেতৃত্বাধীন এন ডি এ— ৰ অন্যতম সহযোগী দল আছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক