--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হাৰিয়ানাত সুৰা সেৱনৰ বাবে নূন্যতম বয়স আছিল ২৫। হাৰিয়ানা চৰকাৰে ইয়াৰ আবকাৰী আইন সংশোধন কৰি সুৰা সেৱনৰ আইনী বয়স হ্ৰাস কৰাৰ সিদ্ধান্ত লয়। ৰাজ্যখনত ইয়াৰ ক্ৰয় বা বিক্ৰীৰ বাবে নূন্যতম বয়স বৰ্তমান ২৫ বছৰৰ পৰা ২১ বছৰলৈ হ্ৰাস কৰে। এই সন্দৰ্ভত, হাৰিয়ানা আবকাৰী (সংশোধনী) বিধেয়ক, ২০২১ ৰাজ্যিক বিধানসভাৰ দ্বাৰা গৃহীত হৈছিল। দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৱেও শেহতীয়াকৈ বয়সৰ সীমা ২১ বছৰলৈ হ্ৰাস কৰিছে।

আৰু পঢ়কঃ জিম নাযায়,ডায়েটিং নকৰে! অসমৰ জোঁৱাই মিলিন্দ সুমনৰ ফিটনেছৰ আঁৰৰ ৰহস্য কি?

তদুপৰি উপ মুখ্যমন্ত্ৰী দুষ্মন্ত চৌটালাই বিধানসভাত বিধেয়কখন উত্থাপন কৰি কয় যে ''আবকাৰী আইনত ওপৰোক্ত ব্যৱস্থাসমূহ অন্তৰ্ভুক্ত হোৱাৰ পিছত আজিৰ আৰ্থ-সামাজিক পৰিস্থিতি যথেষ্ট পৰিৱৰ্তন হৈছে। মানুহ এতিয়া অধিক শিক্ষিত হৈ পৰিছে আৰু দায়িত্বশীলভাৱে সুৰা সেৱনৰ ক্ষেত্ৰতো যুক্তিসঙ্গত সিদ্ধান্ত ল'ব পাৰে।''

বিধেয়কখনত এইটো উল্লেখ কৰা হৈছিল যে ২০২১-২২ বৰ্ষৰ বাবে আবকাৰী নীতি প্ৰস্তুত কৰাৰ সময়ত এইটো আলোচনা কৰা হৈছিল যে সুৰাপানৰ বয়স ২১ লৈ হ্ৰাস কৰা হ'ব কিয়নো দিল্লীকে ধৰি কেইবাখনো ৰাজ্যই শেহতীয়াকৈ বয়সৰ সীমা একে বয়সলৈ হ্ৰাস কৰিছে। সকলোতে যদি ২১য়েই হয় হাৰিয়ানাত ২৫ কৰি ৰখাৰ কোনো যুক্তি নাথাকে, গতিকে বহু ভাবি-চিন্তি এই সিদ্ধান্ত লোৱা হৈছে। উল্লেখ্য যে বুধবাৰে হাৰিয়ানা বিধানসভাত আবকাৰী সম্পৰ্কীয় বিধেয়ককে ধৰি ছয়খন বিধেয়ক গৃহীত হয়।

আৰু পঢ়কঃ আকৌ বাজিব কেৰ’ল,জ্বলিব মম! সুদীৰ্ঘ ৩০ বছৰৰ পাছত পুনৰ মুকলি ১২৫ বছৰ পুৰণি গীৰ্জা


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক