--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হাৰিয়ানাত সুৰা সেৱনৰ বাবে নূন্যতম বয়স আছিল ২৫। হাৰিয়ানা চৰকাৰে ইয়াৰ আবকাৰী আইন সংশোধন কৰি সুৰা সেৱনৰ আইনী বয়স হ্ৰাস কৰাৰ সিদ্ধান্ত লয়। ৰাজ্যখনত ইয়াৰ ক্ৰয় বা বিক্ৰীৰ বাবে নূন্যতম বয়স বৰ্তমান ২৫ বছৰৰ পৰা ২১ বছৰলৈ হ্ৰাস কৰে। এই সন্দৰ্ভত, হাৰিয়ানা আবকাৰী (সংশোধনী) বিধেয়ক, ২০২১ ৰাজ্যিক বিধানসভাৰ দ্বাৰা গৃহীত হৈছিল। দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৱেও শেহতীয়াকৈ বয়সৰ সীমা ২১ বছৰলৈ হ্ৰাস কৰিছে।

আৰু পঢ়কঃ জিম নাযায়,ডায়েটিং নকৰে! অসমৰ জোঁৱাই মিলিন্দ সুমনৰ ফিটনেছৰ আঁৰৰ ৰহস্য কি?

তদুপৰি উপ মুখ্যমন্ত্ৰী দুষ্মন্ত চৌটালাই বিধানসভাত বিধেয়কখন উত্থাপন কৰি কয় যে ''আবকাৰী আইনত ওপৰোক্ত ব্যৱস্থাসমূহ অন্তৰ্ভুক্ত হোৱাৰ পিছত আজিৰ আৰ্থ-সামাজিক পৰিস্থিতি যথেষ্ট পৰিৱৰ্তন হৈছে। মানুহ এতিয়া অধিক শিক্ষিত হৈ পৰিছে আৰু দায়িত্বশীলভাৱে সুৰা সেৱনৰ ক্ষেত্ৰতো যুক্তিসঙ্গত সিদ্ধান্ত ল'ব পাৰে।''

বিধেয়কখনত এইটো উল্লেখ কৰা হৈছিল যে ২০২১-২২ বৰ্ষৰ বাবে আবকাৰী নীতি প্ৰস্তুত কৰাৰ সময়ত এইটো আলোচনা কৰা হৈছিল যে সুৰাপানৰ বয়স ২১ লৈ হ্ৰাস কৰা হ'ব কিয়নো দিল্লীকে ধৰি কেইবাখনো ৰাজ্যই শেহতীয়াকৈ বয়সৰ সীমা একে বয়সলৈ হ্ৰাস কৰিছে। সকলোতে যদি ২১য়েই হয় হাৰিয়ানাত ২৫ কৰি ৰখাৰ কোনো যুক্তি নাথাকে, গতিকে বহু ভাবি-চিন্তি এই সিদ্ধান্ত লোৱা হৈছে। উল্লেখ্য যে বুধবাৰে হাৰিয়ানা বিধানসভাত আবকাৰী সম্পৰ্কীয় বিধেয়ককে ধৰি ছয়খন বিধেয়ক গৃহীত হয়।

আৰু পঢ়কঃ আকৌ বাজিব কেৰ’ল,জ্বলিব মম! সুদীৰ্ঘ ৩০ বছৰৰ পাছত পুনৰ মুকলি ১২৫ বছৰ পুৰণি গীৰ্জা


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ