--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিধানসভাৰ আজি চতুৰ্থটো দিন৷ বিৰোধী পক্ষই তীব্ৰ বাক্যবাণেৰে শাসকপক্ষক ভিন্ন প্ৰশ্নৰে থকা-সৰকা কৰিছে৷ বিৰোধীপক্ষই অসম চৰকাৰে অনিয়ন্ত্ৰিতভাৱে লোৱা ঋণ প্ৰসংগক লৈ বিধানসভা উত্তাল কৰি তোলে৷ কিন্তু ইয়াৰ বিপৰীতে ড০ হিমন্ত বিশ্ব শৰ্মা নিজে ‘মই বৰ’ স্থিতিত অটল আছে৷ কোনো বিৰোধী পক্ষৰ তিলমানো কথা শুনিব নিবিচাৰে শৰ্মাই৷ বিৰোধীৰ সকলো অভিযোগ নস্যাৎ কৰি বিধানসভাৰ দৰে পবিত্ৰ মঞ্চত তেওঁ কেৱল পুহাৰি চুপতি মৰাতহে তেওঁ ব্যস্ত৷ অসমখন এতিয়া ধাৰুৱা বুলি বিৰোধীয়ে উঠোৱা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, এতিয়াৰ পৰা মই আৰু গৌৰৱেৰে ঋণ ল’ম, বিধানসভাৰ অনুমতিমৰ্মেই মই ঋণ লৈছো, অসমৰ উন্নয়নৰ প্ৰক্ৰিয়া বিঘ্নিত কৰিবলৈ ইচ্ছাকৃতভাৱে এক ষড়যন্ত্ৰ চলিছে৷ বাওঁশাসিত কেৰালা ক উনুকৰণ কৰিহে আমি ঋণ লৈছোঁ, নিশ্চয়কৈ কেৰালা আমাৰ সকলোৰে বাবে অনুকৰণীয় ৰাজ্য তাত হয়তো কাৰোৱে দ্বিমত নাই৷


কিন্তু এই কথাত এতিয়া সকলো লোক সৰব হৈ পৰিছে, কিয়নো কেৰালা কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ বাবেই এখন অনুকৰণীয় ৰাজ্য৷ ৰাজ্যখনৰ আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্য ইত্যাদি সকলো ক্ষেত্ৰতে আগবঢ়া, কিন্তু কেৰালাৰ তুলনাত অসমে এতিয়ালৈকে তিলমানো উন্নতি নহ’ল বুলি সকলোৱে একেমুখে কৈছে৷ তেনেস্থলত ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ইমান বৃহৎ পৰিমাণত ঋণ লৈ কি কাম কৰিলে বুলি ৰাইজৰ মাজত এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে৷


৮২,৭৪১.০৭ কোটি ঋণৰ বোজাত ককবকাইছে অসমে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে চলিত বিত্তীয় বৰ্ষত সংশ্লিষ্ট সংস্থাবোৰক ৫, ১৯৯.১৮ সুত পৰিশোধ কৰিব লগা হৈছে। অসম চৰকাৰৰ ঋণৰ বোজা এই ছবিখন বিধানসভাৰ বিত্ত বিভাগে দাখিল কৰা তথ্যত প্ৰকাশ পাইছে৷ এই তথ্যত স্পষ্ট হয় যে, ২০১৫ৰ পৰা ২০২১লৈ অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰী লোৱা মুঠ ঋণৰ পৰিমাণ হ’ল ৯৩৬.৭৩ কোটি৷

ঋণৰ পৰিমাণ বৃদ্ধিৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰে পৰিশোধ কৰিব লগা সুতৰ পৰিমাণো ক্ৰমাৎ বাঢ়ি গৈছে৷ ২০১৫ৰ পৰা ২০২১লৈ অৰ্থাৎ ৬বছৰত অসম চৰকাৰে পৰিশোধ কৰিব লগা ঋণৰ পৰিমাণ হ’ল ২২,২৬৯.৯৪ কোটি টকা৷ ইয়াৰ পৰাই বুজা যায় যে, চৰকাৰী পক্ষই যিমানেই নস্যাৎ নকৰক কিয়, ঋণৰ বোজাত যে অসমে সঁচাকৈয়ে ককবকাইছে সেইটো নিশ্চিত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
হোজাইত চাঞ্চল্য; প্ৰেমিকৰ ব্লেকমেইলৰ বলি হৈ কীটনাশক দ্ৰব্য সেৱন কৰি কিশোৰীৰ আত্ম*হনন
২১ জুনৰ নীট-ইউ জিৰ প্ৰৱেশ-পত্ৰ জাৰি
জলবায়ুৰ পৰিৱৰ্তন; সংকটৰ গৰাহত হিমালয়ৰ পৰিৱেশতন্ত্র
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement