--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কংগ্ৰেছৰ দুৰ্গত বজ্ৰাঘাট! এটাৰ পাছত আনটো নেতিবাচক খবৰে কংগ্ৰেছৰ ভেটি দুৰ্বল কৰি তুলিছে ক্ৰমশঃ। দেশৰ সবাতোকৈ পুৰণি আৰু লেখত ল’বলগীয়া ৰাজনৈতিক দলটোৰ সামগ্ৰিক বিপৰ্যয়ে উদ্বিগ্ন কৰি তুলিছে দলীয় নেতৃ বৰ্গকো। অগণিত সমস্যাৰে জুৰুলা ৰাজনৈতিক দলটোৰ মাজতে দেখিবলৈ পোৱা গৈছে ছিঁৰাল ফাট! শেহতীয়াকৈ কংগ্ৰেছৰ সভানেত্ৰী ছোনীয়া গান্ধীলৈ দলৰে এগৰাকী বয়োজ্যেষ্ঠ নেতাই ‘ইচ্ছা মৃত্যু’ বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰা ঘটনাই এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। ‘ইচ্ছা মৃত্যু’ বিচাৰি ছোনীয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰা নেতাজন হৈছে ৰাজস্থানৰ ডাঃ শ্যামাপ্ৰসাদ শুক্লা।

উল্লেখ্য যে, শ্যামাপ্ৰসাদ শুক্লা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা মুখপাত্ৰ আছিল। ইয়াৰোপৰি দলৰ কেতবোৰ দায়িত্বতো আছিল শুক্লা। কিন্তু এগৰাকী ছাত্ৰীৰ আত্মহত্যাক হত্যাৰ ৰূপ দি ৰাহুল গান্ধী আৰু শচীন পাইলটে শুক্লাৰ পুত্ৰ আৰু বোৱাৰীক মিছা অপবাদেৰে কাৰাবন্দী কৰি ৰখাৰ অভিযোগ ৰাজস্থানৰ নেতাজনৰ। জানিবলৈ পোৱা মতে, ৰাজস্থানৰ নেতাজনে লিখা পত্ৰখনত কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু শচীন পাইলটৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ পুত্ৰ আৰু বোৱাৰীৰ বিৰুদ্ধে ভুৱা গোচৰ,মিছা অপবাদৰ ৰহন সানি জেললৈ প্ৰেৰণ কৰা বুলি ৰাহুল গান্ধী আৰু শচীন পাইলটৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে শুক্লাই।

সেয়েহে, অত্যাধিক মানসিক চাপৰ ফলত তেওঁ, তেওঁৰ পত্নী আৰু নাতিনীয়েকে ‘ইচ্ছা মৃত্যু’ বিচাৰিছে। পত্ৰযোগে ছোনীয়া গান্ধীৰ পৰা সেই ‘ইচ্ছা মৃত্য’ৰ বাবে অনুমতি বিচাৰিছে ৰাজস্থানৰ নেতাজনে। সেইবাবে ছোনীয়া গান্ধীৰ পৰা অতি শীঘ্ৰেই আশাপ্ৰদ সঁহাৰি লাভৰ পোষকতা কৰিছে নেতাজনে। ছোনীয়াৰ অনুমতি পালেহে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলেটে শুক্লাক ‘ইচ্ছা মৃত্যু’ৰ নিৰ্দেশ দিব পাৰিব। পুত্ৰ-বোৱাৰীৰ জামিন বিচাৰিও হাবাথুৰি খাইছে নেতাজনে। কিন্তু ৰাজনৈতিক অভিসন্ধিৰ বাবে জামিন প্ৰক্ৰিয়াতো বিলম্ব হোৱা বুলি সদৰী কৰে শুক্লাই। সেয়েহে অসহায় হৈ পৰিছে শুক্লা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ