--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কংগ্ৰেছৰ দুৰ্গত বজ্ৰাঘাট! এটাৰ পাছত আনটো নেতিবাচক খবৰে কংগ্ৰেছৰ ভেটি দুৰ্বল কৰি তুলিছে ক্ৰমশঃ। দেশৰ সবাতোকৈ পুৰণি আৰু লেখত ল’বলগীয়া ৰাজনৈতিক দলটোৰ সামগ্ৰিক বিপৰ্যয়ে উদ্বিগ্ন কৰি তুলিছে দলীয় নেতৃ বৰ্গকো। অগণিত সমস্যাৰে জুৰুলা ৰাজনৈতিক দলটোৰ মাজতে দেখিবলৈ পোৱা গৈছে ছিঁৰাল ফাট! শেহতীয়াকৈ কংগ্ৰেছৰ সভানেত্ৰী ছোনীয়া গান্ধীলৈ দলৰে এগৰাকী বয়োজ্যেষ্ঠ নেতাই ‘ইচ্ছা মৃত্যু’ বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰা ঘটনাই এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। ‘ইচ্ছা মৃত্যু’ বিচাৰি ছোনীয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰা নেতাজন হৈছে ৰাজস্থানৰ ডাঃ শ্যামাপ্ৰসাদ শুক্লা।

উল্লেখ্য যে, শ্যামাপ্ৰসাদ শুক্লা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা মুখপাত্ৰ আছিল। ইয়াৰোপৰি দলৰ কেতবোৰ দায়িত্বতো আছিল শুক্লা। কিন্তু এগৰাকী ছাত্ৰীৰ আত্মহত্যাক হত্যাৰ ৰূপ দি ৰাহুল গান্ধী আৰু শচীন পাইলটে শুক্লাৰ পুত্ৰ আৰু বোৱাৰীক মিছা অপবাদেৰে কাৰাবন্দী কৰি ৰখাৰ অভিযোগ ৰাজস্থানৰ নেতাজনৰ। জানিবলৈ পোৱা মতে, ৰাজস্থানৰ নেতাজনে লিখা পত্ৰখনত কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু শচীন পাইলটৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ পুত্ৰ আৰু বোৱাৰীৰ বিৰুদ্ধে ভুৱা গোচৰ,মিছা অপবাদৰ ৰহন সানি জেললৈ প্ৰেৰণ কৰা বুলি ৰাহুল গান্ধী আৰু শচীন পাইলটৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে শুক্লাই।

সেয়েহে, অত্যাধিক মানসিক চাপৰ ফলত তেওঁ, তেওঁৰ পত্নী আৰু নাতিনীয়েকে ‘ইচ্ছা মৃত্যু’ বিচাৰিছে। পত্ৰযোগে ছোনীয়া গান্ধীৰ পৰা সেই ‘ইচ্ছা মৃত্য’ৰ বাবে অনুমতি বিচাৰিছে ৰাজস্থানৰ নেতাজনে। সেইবাবে ছোনীয়া গান্ধীৰ পৰা অতি শীঘ্ৰেই আশাপ্ৰদ সঁহাৰি লাভৰ পোষকতা কৰিছে নেতাজনে। ছোনীয়াৰ অনুমতি পালেহে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলেটে শুক্লাক ‘ইচ্ছা মৃত্যু’ৰ নিৰ্দেশ দিব পাৰিব। পুত্ৰ-বোৱাৰীৰ জামিন বিচাৰিও হাবাথুৰি খাইছে নেতাজনে। কিন্তু ৰাজনৈতিক অভিসন্ধিৰ বাবে জামিন প্ৰক্ৰিয়াতো বিলম্ব হোৱা বুলি সদৰী কৰে শুক্লাই। সেয়েহে অসহায় হৈ পৰিছে শুক্লা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক