--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৫ বছৰৰ পাছত একেলগে কাম কৰিবলৈ সাজু হৈছে সংগীত সুৰকাৰ এ আৰ ৰহমান আৰু অভিনেতা আৰু নৃত্য পৰিচালক প্ৰভু দেৱা। ২২ মাৰ্চ শুকুৰবাৰে ছ’চিয়েল মিডিয়াত এ আৰ ৰহমান আৰু প্ৰভু দেৱাই তেওঁলোকৰ নতুন ছবিৰ কথা ঘোষণা কৰিছে।

এ আৰ ৰহমান আৰু প্ৰভু দেৱাই ছ’চিয়েল মিডিয়াত পোষ্টাৰখন শ্বেয়াৰ কৰি তেওঁলোকৰ আগন্তুক ছবিৰ কথা ঘোষণা কৰিছে। এ আৰ ৰহমান আৰু প্ৰভু দেৱাৰ আগন্তুক ছবিখনৰ নাম ARRPD6। প্ৰভু দেৱৰ আইকনিক ডান্স হুক ষ্টেপ এই পোষ্টাৰখনত দেখা গৈছে। এই খবৰটো শুনি অনুৰাগীসকল অতিশয় উৎফুল্লিত হৈ পৰিছে।

ARRPD6ত প্ৰভু দেৱা, যোগী বাবু আৰু মালয়ালম অভিনেতা আজু ভাৰ্গেছ আৰু অৰ্জুন অশোকন মত্ত ৰাজেন্দ্ৰন আৰু ৰাদিন কিংছলীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিব। মনোজ এন এছ, দিব্য মনোজ আৰু ড° প্ৰবীণ এলকে প্ৰযোজনা কৰা এই ছবিখন প্ৰস্তুত কৰিছে বিহাইণ্ডউডছে। 

ৰহমানে ছবিখনৰ সংগীত ৰচনা কৰাৰ বিপৰীতে আনুপ ভি শৈল্যই ছবিখনৰ চিনেমেট’গ্ৰাফীৰ দায়িত্ব লৈছে। তামিল, মালয়ালম, তেলেগু, কানাড়া, হিন্দীকে ধৰি বহু ভাষাত মুক্তি পাবলৈ গৈ আছে ছবিখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু