--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৫ বছৰৰ পাছত একেলগে কাম কৰিবলৈ সাজু হৈছে সংগীত সুৰকাৰ এ আৰ ৰহমান আৰু অভিনেতা আৰু নৃত্য পৰিচালক প্ৰভু দেৱা। ২২ মাৰ্চ শুকুৰবাৰে ছ’চিয়েল মিডিয়াত এ আৰ ৰহমান আৰু প্ৰভু দেৱাই তেওঁলোকৰ নতুন ছবিৰ কথা ঘোষণা কৰিছে।

এ আৰ ৰহমান আৰু প্ৰভু দেৱাই ছ’চিয়েল মিডিয়াত পোষ্টাৰখন শ্বেয়াৰ কৰি তেওঁলোকৰ আগন্তুক ছবিৰ কথা ঘোষণা কৰিছে। এ আৰ ৰহমান আৰু প্ৰভু দেৱাৰ আগন্তুক ছবিখনৰ নাম ARRPD6। প্ৰভু দেৱৰ আইকনিক ডান্স হুক ষ্টেপ এই পোষ্টাৰখনত দেখা গৈছে। এই খবৰটো শুনি অনুৰাগীসকল অতিশয় উৎফুল্লিত হৈ পৰিছে।

ARRPD6ত প্ৰভু দেৱা, যোগী বাবু আৰু মালয়ালম অভিনেতা আজু ভাৰ্গেছ আৰু অৰ্জুন অশোকন মত্ত ৰাজেন্দ্ৰন আৰু ৰাদিন কিংছলীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিব। মনোজ এন এছ, দিব্য মনোজ আৰু ড° প্ৰবীণ এলকে প্ৰযোজনা কৰা এই ছবিখন প্ৰস্তুত কৰিছে বিহাইণ্ডউডছে। 

ৰহমানে ছবিখনৰ সংগীত ৰচনা কৰাৰ বিপৰীতে আনুপ ভি শৈল্যই ছবিখনৰ চিনেমেট’গ্ৰাফীৰ দায়িত্ব লৈছে। তামিল, মালয়ালম, তেলেগু, কানাড়া, হিন্দীকে ধৰি বহু ভাষাত মুক্তি পাবলৈ গৈ আছে ছবিখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ