--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাৰ সন্তান জন্ম দিয়াৰ বয়সৰ সীমা ভাঙিবলৈ আৰম্ভ কৰিছে। অৱশ্যে এই ক্ষেত্ৰত হলিউডৰ তাৰকাসকল আগশাৰীত আছে। মডেল নাওমি কেম্পবেল, ব্রিজিট নিলছন, গায়িকা মেডোনা, অভিনেত্ৰী ডায়েন কিটন, টেনিছ তাৰকা ছেৰেনা উইলিয়ামছ—তালিকাখন দীঘলীয়া৷ 

হলিউডৰ আন এগৰাকী প্ৰথম শ্ৰেণীৰ অভিনেত্ৰী কেমেৰন ডায়েজৰ নাম এইবাৰ সেই তালিকাত অন্তৰ্ভুক্ত হৈছে। ‘ভেনিলা স্কাই’ৰ নায়িকাগৰাকীয়ে ৫১ বছৰ বয়সত সন্তান জন্ম দিয়ে। কেমেৰন আৰু তেওঁৰ স্বামী বেঞ্জি মেডেনে নিজৰ ছ’চিয়েল মিডিয়াত নিজৰ পুত্ৰ কাৰ্ডিনেলৰ জন্মৰ খবৰ ঘোষণা কৰে।

এই খবৰটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি আনন্দ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে দম্পতীহালে। শিশুটিৰ সুৰক্ষা আৰু গোপনীয়তাৰ বাবে কোনো ছবি পোষ্ট নকৰে বুলিও দম্পতীহালে উল্লেখ কৰে।

তেওঁলোকে লিখিছে, "আমাৰ পুত্ৰ কাৰ্ডিনেল মেডেনৰ জন্মৰ কথা ঘোষণা কৰি আমি ধন্য আৰু উৎসাহিত হৈছো। তেওঁ অসাধাৰণ আৰু আমি সকলোৱে ইমানেই সুখী যে তেওঁ ইয়াত আছে! ল'ৰা-ছোৱালীৰ সুৰক্ষা আৰু গোপনীয়তাৰ বাবে আমি কোনো ছবি পোষ্ট নকৰো। আমি বহুত ধন্য আৰু কৃতজ্ঞ অনুভৱ কৰিছো।’’

‘থেৰ’ছ ছামথিং এবাউট মেৰী’ আৰু ‘চাৰ্লিজ এঞ্জেলছ’ ছবিত অভিনয়ৰ বাবে পৰিচিত ডায়েজ আৰু গুড চাৰ্লট বেণ্ডৰ সদস্য মেডেনে ২০১৫ চনত বিবাহপাশত আবদ্ধ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ