--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাৰ সন্তান জন্ম দিয়াৰ বয়সৰ সীমা ভাঙিবলৈ আৰম্ভ কৰিছে। অৱশ্যে এই ক্ষেত্ৰত হলিউডৰ তাৰকাসকল আগশাৰীত আছে। মডেল নাওমি কেম্পবেল, ব্রিজিট নিলছন, গায়িকা মেডোনা, অভিনেত্ৰী ডায়েন কিটন, টেনিছ তাৰকা ছেৰেনা উইলিয়ামছ—তালিকাখন দীঘলীয়া৷ 

হলিউডৰ আন এগৰাকী প্ৰথম শ্ৰেণীৰ অভিনেত্ৰী কেমেৰন ডায়েজৰ নাম এইবাৰ সেই তালিকাত অন্তৰ্ভুক্ত হৈছে। ‘ভেনিলা স্কাই’ৰ নায়িকাগৰাকীয়ে ৫১ বছৰ বয়সত সন্তান জন্ম দিয়ে। কেমেৰন আৰু তেওঁৰ স্বামী বেঞ্জি মেডেনে নিজৰ ছ’চিয়েল মিডিয়াত নিজৰ পুত্ৰ কাৰ্ডিনেলৰ জন্মৰ খবৰ ঘোষণা কৰে।

এই খবৰটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি আনন্দ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে দম্পতীহালে। শিশুটিৰ সুৰক্ষা আৰু গোপনীয়তাৰ বাবে কোনো ছবি পোষ্ট নকৰে বুলিও দম্পতীহালে উল্লেখ কৰে।

তেওঁলোকে লিখিছে, "আমাৰ পুত্ৰ কাৰ্ডিনেল মেডেনৰ জন্মৰ কথা ঘোষণা কৰি আমি ধন্য আৰু উৎসাহিত হৈছো। তেওঁ অসাধাৰণ আৰু আমি সকলোৱে ইমানেই সুখী যে তেওঁ ইয়াত আছে! ল'ৰা-ছোৱালীৰ সুৰক্ষা আৰু গোপনীয়তাৰ বাবে আমি কোনো ছবি পোষ্ট নকৰো। আমি বহুত ধন্য আৰু কৃতজ্ঞ অনুভৱ কৰিছো।’’

‘থেৰ’ছ ছামথিং এবাউট মেৰী’ আৰু ‘চাৰ্লিজ এঞ্জেলছ’ ছবিত অভিনয়ৰ বাবে পৰিচিত ডায়েজ আৰু গুড চাৰ্লট বেণ্ডৰ সদস্য মেডেনে ২০১৫ চনত বিবাহপাশত আবদ্ধ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু