--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঋষি কাপুৰ অভিনীত ছবি ‘কাৰ্জ’ৰ সৈতে নিশাটোৰ ভিতৰতে চেন্সেশন হৈ পৰিছিল অভিনেতা ৰাজ কিৰণ মাহতানী। চাঞ্চল্যজনকভাৱে বলিউডৰ এই অভিনতাজন বিগত ২৫ বছৰ ধৰি নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে।

হয়, সেইটো আপুনি ঠিকেই শুনিছে! কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, তেওঁৰ পৰিয়ালে এতিয়াও তেওঁক বিচাৰি আছে। কিন্তু তেওঁৰ বিষয়ে কোনো তথ্য পোৱা নাই। ছচিয়েল মিডিয়াত প্ৰতি বছৰে পিতৃৰ জন্মদিনৰ শুভেচ্ছা জনায় তেওঁৰ কন্যা সন্তান দুগৰাকীয়ে।



উল্লেখ্য যে বলিউডৰ ৮০ৰ দশকৰ জনপ্ৰিয় নায়ক ৰাজ কিৰণে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হোৱা ৰূপাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। অভিনেতাগৰাকীৰ দুগৰাকী কন্যাসন্তান আছে। তেওঁলোকৰ নাম- ঋষিকা মাহতানী আৰু মন্নত মাহতানী। পেছাত গহনা ডিজাইনাৰ ঋষিকাই পিতৃৰ জন্মদিনত প্ৰতি বছৰে ইনষ্টাগ্ৰাম নিৰুদ্দেশ হোৱা পিতৃৰ এখন ছবি শ্বেয়াৰ কৰে।

খবৰ অনুসৰি, ৰাজ কিৰণ মাহতানিয়ে উদ্যোগটোত নিজৰ কেৰিয়াৰ ডুব যোৱাৰ ডিপ্ৰেছনত ভোগে। বলিউডত বিফলতাই তেওঁৰ মানসিক স্বাস্থ্যৰ ওপৰতো ক্ষতিসাধন কৰিছিল। ফলস্বৰূপে তেওঁক মুম্বাইৰ বাইকুলা মানসিক আশ্ৰয় শিবিৰত ভৰ্তি কৰা হৈছিল।

১৯৭৫ চনত চলচ্চিত্ৰ নিৰ্মাতা বি আৰ ইছাৰাৰ ছবি ‘কাগাজ কি নাও’ ছৱিত জনপ্ৰিয় অভিনেত্ৰী সাৰিকাৰ সৈতে আত্মপ্ৰকাশ কৰিছিল ৰাজ কিৰণে। কাৰ্জ, আৰ্থ, ৰাজ তিলক, তেৰী মেহেৰবানিয়ান, এক নয়া ৰিষ্ঠা আদি জনপ্ৰিয় চিনেমাত তেওঁ অভিনয় কৰিছিল।

৯০ৰ দশকৰ শেষৰ ফালে ৰাজ কিৰণ বলিউডৰ পৰা আতৰি যায়। বলিউডত ঋষি কাপুৰ আৰু অভিনেত্ৰী দীপ্তি নভাল তেওঁৰ বন্ধু আছিল। ২০১১ চনত দীপ্তিয়ে ফেচবুকত এটা টোকা শ্বেয়াৰ কৰিছিল। তাত তেওঁ লিখিছিল, “চলচ্চিত্ৰ জগতৰ এজন বন্ধু ৰাজ কিৰণ। আমাৰ হাতত তেওঁৰ কোনো খবৰ নাই। শেষবাৰৰ বাবে শুনিছিলো তেওঁ এন ৱাই চহৰত কেব চলাই আছিল। যদি কাৰোবাৰ হাতত আছে কোনো খবৰ আছে, অনুগ্ৰহ কৰি কওক।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইন্ধনৰ সংকট অব্যাহত; সলনি হোৱা নাই চিলিণ্ডাৰ বুকিঙৰ নির্দেশনা
১ জুলাইৰ পৰা বলৱৎ হ’ব ‘ভি বি-জি ৰাম জি’
দেশ বচাও, ইন্ধন বচাও! মোদীৰ ‘হাফ কনভয় মডেল’ক লৈ দেশজুৰি চৰ্চা
ইৰানৰ শান্তি প্ৰস্তাৱ প্রত্যাখ্যান ড’নাল্ড ট্রাম্পৰ
গণিত অলিম্পিয়াডত দেশৰ ভিতৰত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই