--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঋষি কাপুৰ অভিনীত ছবি ‘কাৰ্জ’ৰ সৈতে নিশাটোৰ ভিতৰতে চেন্সেশন হৈ পৰিছিল অভিনেতা ৰাজ কিৰণ মাহতানী। চাঞ্চল্যজনকভাৱে বলিউডৰ এই অভিনতাজন বিগত ২৫ বছৰ ধৰি নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে।

হয়, সেইটো আপুনি ঠিকেই শুনিছে! কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, তেওঁৰ পৰিয়ালে এতিয়াও তেওঁক বিচাৰি আছে। কিন্তু তেওঁৰ বিষয়ে কোনো তথ্য পোৱা নাই। ছচিয়েল মিডিয়াত প্ৰতি বছৰে পিতৃৰ জন্মদিনৰ শুভেচ্ছা জনায় তেওঁৰ কন্যা সন্তান দুগৰাকীয়ে।



উল্লেখ্য যে বলিউডৰ ৮০ৰ দশকৰ জনপ্ৰিয় নায়ক ৰাজ কিৰণে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হোৱা ৰূপাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। অভিনেতাগৰাকীৰ দুগৰাকী কন্যাসন্তান আছে। তেওঁলোকৰ নাম- ঋষিকা মাহতানী আৰু মন্নত মাহতানী। পেছাত গহনা ডিজাইনাৰ ঋষিকাই পিতৃৰ জন্মদিনত প্ৰতি বছৰে ইনষ্টাগ্ৰাম নিৰুদ্দেশ হোৱা পিতৃৰ এখন ছবি শ্বেয়াৰ কৰে।

খবৰ অনুসৰি, ৰাজ কিৰণ মাহতানিয়ে উদ্যোগটোত নিজৰ কেৰিয়াৰ ডুব যোৱাৰ ডিপ্ৰেছনত ভোগে। বলিউডত বিফলতাই তেওঁৰ মানসিক স্বাস্থ্যৰ ওপৰতো ক্ষতিসাধন কৰিছিল। ফলস্বৰূপে তেওঁক মুম্বাইৰ বাইকুলা মানসিক আশ্ৰয় শিবিৰত ভৰ্তি কৰা হৈছিল।

১৯৭৫ চনত চলচ্চিত্ৰ নিৰ্মাতা বি আৰ ইছাৰাৰ ছবি ‘কাগাজ কি নাও’ ছৱিত জনপ্ৰিয় অভিনেত্ৰী সাৰিকাৰ সৈতে আত্মপ্ৰকাশ কৰিছিল ৰাজ কিৰণে। কাৰ্জ, আৰ্থ, ৰাজ তিলক, তেৰী মেহেৰবানিয়ান, এক নয়া ৰিষ্ঠা আদি জনপ্ৰিয় চিনেমাত তেওঁ অভিনয় কৰিছিল।

৯০ৰ দশকৰ শেষৰ ফালে ৰাজ কিৰণ বলিউডৰ পৰা আতৰি যায়। বলিউডত ঋষি কাপুৰ আৰু অভিনেত্ৰী দীপ্তি নভাল তেওঁৰ বন্ধু আছিল। ২০১১ চনত দীপ্তিয়ে ফেচবুকত এটা টোকা শ্বেয়াৰ কৰিছিল। তাত তেওঁ লিখিছিল, “চলচ্চিত্ৰ জগতৰ এজন বন্ধু ৰাজ কিৰণ। আমাৰ হাতত তেওঁৰ কোনো খবৰ নাই। শেষবাৰৰ বাবে শুনিছিলো তেওঁ এন ৱাই চহৰত কেব চলাই আছিল। যদি কাৰোবাৰ হাতত আছে কোনো খবৰ আছে, অনুগ্ৰহ কৰি কওক।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু