--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা পাঁচ বছৰ ধৰি সফল দম্পতী হিচাবে সকলোৰে মাজত পৰিচিত।তেওঁলোকৰ সম্পৰ্ক দিনক দিনে শক্তিশালী হৈ উঠিছে। ইভেণ্ট পাৰ্টিৰ পৰা ৰেড কাৰ্পেটলৈকে সকলো বিৰাট-অনুষ্কাই  ইজনে সিজনৰ হাতত ধৰি খোজ দিছে। বিয়াৰ  পিছৰে পৰাঅনুষ্কাই  ছবিত অভিনয় কৰা কমাই দিছে।

এগৰাকী ভাল অভিনেত্ৰী হোৱাৰ উপৰি  অনুষ্কাৰ  আছে নৃত্যৰ  দক্ষতা।  অভিনেত্ৰীগৰাকীয়ে তেওঁৰ প্ৰথম ছবি 'ৰব নে বানা দি জোড়ী'ত তেওঁৰ নৃত্য প্ৰতিভাক উজাৰি দিবলৈ সক্ষম হৈছে।  নৃত্যৰ ক্ষেত্ৰত অনুষ্কা তেওঁৰ স্বামী বিৰাট কোহলীতকৈ ভাল।  কোহলীয়েও নাচিব পাৰে,   কিন্তু চৰ্তসাপেক্ষেহে। এটা কাম কৰিলেহে তেওঁ ভালদৰে নাচিব পাৰে। 

শেহতীয়াকৈ,বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাক এটা অনুষ্ঠানত দেখা গৈছিল। তেওঁক  স্বামী কোহলীৰ বিষয়ে সোধা হৈছিল। বিৰাট-অনুষ্কাই   ধেমেলীয়া সুৰত কৈছিল-বিৰাটে পেটত দুপেগ মদ পৰিলেহে নাচিব পাৰে। তেওঁলোকক সোধা হৈছিল নৃত্যত কোন অধিক দক্ষ? অনুষ্কাই বিৰাটক পোনপটীয়াকৈ দেখুৱা দি কৈছিল-বিৰাট। 

অনুষ্কাই কৈছিল, "বিৰাটে গোটেই মজিয়াখন জোকাৰিব দিব পাৰে। যদিহে পেটত দুপেগ মদ পৰে।’’ পত্নীৰ কথাক সম্পূৰ্ণ সমৰ্থন নকৰাকৈ তেওঁ ক'লে, "হয়, মই নাচিব পাৰো, কিন্তু দুপেগ  সুৰা পান কৰাৰ পিছত, তেতিয়া মই নাভাবো যে মোৰ  চাৰিওফালে কোন আছে।" , বিৰাটে লগতে কয় যে তেওঁ এতিয়া সুৰাপান সম্পূৰ্ণৰূপে এৰি দিছে।কোহলীয়ে বাৰে বাৰে স্বীকাৰ কৰি আহিছে  যে বিবাহৰ পিছৰে পৰা অনুষ্কাই তেওঁৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আনিছে। তেওঁ লগতে কয় যে অনুষ্কাৰ আগমনৰ পিছত তেওঁ পুনৰ নতুনকৈ  হাস্যৰসৰ অনুভূতি ঘূৰাই পাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক