--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা পাঁচ বছৰ ধৰি সফল দম্পতী হিচাবে সকলোৰে মাজত পৰিচিত।তেওঁলোকৰ সম্পৰ্ক দিনক দিনে শক্তিশালী হৈ উঠিছে। ইভেণ্ট পাৰ্টিৰ পৰা ৰেড কাৰ্পেটলৈকে সকলো বিৰাট-অনুষ্কাই  ইজনে সিজনৰ হাতত ধৰি খোজ দিছে। বিয়াৰ  পিছৰে পৰাঅনুষ্কাই  ছবিত অভিনয় কৰা কমাই দিছে।

এগৰাকী ভাল অভিনেত্ৰী হোৱাৰ উপৰি  অনুষ্কাৰ  আছে নৃত্যৰ  দক্ষতা।  অভিনেত্ৰীগৰাকীয়ে তেওঁৰ প্ৰথম ছবি 'ৰব নে বানা দি জোড়ী'ত তেওঁৰ নৃত্য প্ৰতিভাক উজাৰি দিবলৈ সক্ষম হৈছে।  নৃত্যৰ ক্ষেত্ৰত অনুষ্কা তেওঁৰ স্বামী বিৰাট কোহলীতকৈ ভাল।  কোহলীয়েও নাচিব পাৰে,   কিন্তু চৰ্তসাপেক্ষেহে। এটা কাম কৰিলেহে তেওঁ ভালদৰে নাচিব পাৰে। 

শেহতীয়াকৈ,বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাক এটা অনুষ্ঠানত দেখা গৈছিল। তেওঁক  স্বামী কোহলীৰ বিষয়ে সোধা হৈছিল। বিৰাট-অনুষ্কাই   ধেমেলীয়া সুৰত কৈছিল-বিৰাটে পেটত দুপেগ মদ পৰিলেহে নাচিব পাৰে। তেওঁলোকক সোধা হৈছিল নৃত্যত কোন অধিক দক্ষ? অনুষ্কাই বিৰাটক পোনপটীয়াকৈ দেখুৱা দি কৈছিল-বিৰাট। 

অনুষ্কাই কৈছিল, "বিৰাটে গোটেই মজিয়াখন জোকাৰিব দিব পাৰে। যদিহে পেটত দুপেগ মদ পৰে।’’ পত্নীৰ কথাক সম্পূৰ্ণ সমৰ্থন নকৰাকৈ তেওঁ ক'লে, "হয়, মই নাচিব পাৰো, কিন্তু দুপেগ  সুৰা পান কৰাৰ পিছত, তেতিয়া মই নাভাবো যে মোৰ  চাৰিওফালে কোন আছে।" , বিৰাটে লগতে কয় যে তেওঁ এতিয়া সুৰাপান সম্পূৰ্ণৰূপে এৰি দিছে।কোহলীয়ে বাৰে বাৰে স্বীকাৰ কৰি আহিছে  যে বিবাহৰ পিছৰে পৰা অনুষ্কাই তেওঁৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আনিছে। তেওঁ লগতে কয় যে অনুষ্কাৰ আগমনৰ পিছত তেওঁ পুনৰ নতুনকৈ  হাস্যৰসৰ অনুভূতি ঘূৰাই পাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়