--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ‘গল্ডেন বয়’ নীৰজ চোপ্ৰাৰ জন্মদিন। দুখন ডাইমণ্ড লীগ, অলিম্পিকত স্বৰ্ণ পদক আৰু বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদককে ধৰি ২৫খন আন্তঃৰাষ্ট্ৰীয় খেলত ইতিহাস সৃষ্টি কৰা নীৰজ চোপ্ৰাই আজি অৰ্থাৎ ২৪ ডিচেম্বৰত ২৫ বছৰত ভৰি দিলে। দেশবাসীয়ে নীৰজক জনাইছে জন্মদিনৰ আন্তৰিক শুভকামনা। 
Olympic javelin champion Neeraj Chopra eyes 2022 World Athletics  Championships
২০১৩ চনত নীৰজে প্ৰথমবাৰৰ বাবে বিশ্ব জুনিয়ৰ এথলেটিকছৰ সৈতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। ইয়াৰ পিছত ২০১৫ চনত নীৰজে ৮২ মিটাৰ জেভেলিন নিক্ষেপ কৰি দক্ষিণ এছিয়ান গেমছত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰে। টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক জয় কৰাৰ পাছৰে পৰা বহু যুৱতীৰ নয়নৰ মণি হৈ পৰিছে নীৰজ চোপ্ৰা। বহু যুৱতীয়ে নিজৰ সপোন কোঁৱৰ বুলি অভিহিত কৰে নীৰজক।

অলিম্পিকৰ সফলতাৰ লগে লগে নীৰজৰ ছ’চিয়েল মিডিয়াতো ফ’ল’ৱাৰ দ্রুতগতিত বৃদ্ধি পালে৷ এই পদক লাভ কৰাৰ পিছৰে পৰা এতিয়ালৈকে তেওঁৰ ফেন ফ’ল’ৱাৰ ৬০ লাখৰো অধিক বৃদ্ধি পাইছে। ইনষ্টাগ্ৰামতো তেওঁ সৰ্বাধিক চৰ্চিত এথলীট।
Neeraj Chopra shatters own national record in first competition after Tokyo  Olympics gold | More sports News - Times of India
স্বৰ্ণ পদক বিজয়ী হোৱাৰ লগে লগে বিশেষকৈ মহিলা অনুৰাগীৰ মাজত নীৰজ চোপ্ৰাক লৈ যথেষ্ট উন্মাদনাৰ সৃষ্টি হৈছে। স্বৰ্ণ পদক লাভ কৰাৰ পাছতে হট ট্ৰেণ্ডত পৰিণত হ’ল নীৰজ। তেওঁক নেচনেল ক্ৰাছ বুলি কোৱা হয়। মহিলা অনুৰাগীসকল নীৰজৰ সকলো কথা জানিবলৈ আগ্ৰহী। তেওঁৰ কেৰিয়াৰ, খোৱা-বোৱা, পৰিয়াল আৰু বিশেষকৈ প্ৰেমৰ জীৱন। গুগলত তেওঁৰ প্ৰেমিকাৰ নামো সৰ্বাধিক ছাৰ্চ কৰে অনুৰাগীয়ে। কিন্তু নীৰজ চোপ্ৰাৰ প্ৰেমৰ বিষয়ে একো নাজানি হতাশ হয় অনুৰাগীসকল। 

এটা সাক্ষাৎকাৰৰ সময়ত যেতিয়া নীৰজ চোপ্ৰাক তেওঁৰ প্ৰেমিকাক লৈ অহৰহ প্ৰশ্ন কৰা হৈছিল, তেতিয়া নীৰজক বিচলিত আৰু অস্বস্তিকৰ বোধ কৰা যেন লাগিছিল। 
Neeraj Chopra Reveals He Has No Girlfriend, Says 'Focus is on My Game'
নীৰজক যেতিয়া সোধা হৈছিল যে ‘‘দেশৰ ছোৱালীবোৰ আপোনাৰ প্ৰেমত পৰিছে, সেই কথা জানি আপোনাৰ কেনে লাগিছে?’’  ইয়াৰ উত্তৰত লাজুকীয়া হাঁহি এটা মাৰি স্বৰ্ণ পদক বিজয়ীগৰাকীয়ে মাথোঁ কৈছিল, ‘‘মানুহে মানুহক ভাল পোৱাটো ভাল কথা, কিন্তু এই মুহূৰ্তত মোৰ মনোযোগ সম্পূৰ্ণৰূপে খেলৰ ওপৰত। মোৰ প্ৰেম এতিয়া মাথোঁ খেলৰ লগত।’’ 
Olympic gold medalist Neeraj Chopra admitted to Panipat hospital, under  high fever
‘বিবাহক লৈ ঘৰৰ পৰা হেঁচা আছে নেকি’ বুলিও সোধা হৈছিল নীৰজ চোপ্ৰাক? এই প্ৰশ্নৰ উত্তৰত নীৰজে কয়, ‘‘নাই, এই মুহূৰ্তত মোৰ সমগ্ৰ মনোযোগ খেলৰ ওপৰত। এইবোৰ হৈ থাকিব কিন্তু এতিয়া মই মাত্ৰ মোৰ খেলত মনোনিৱেশ কৰিব বিচাৰো।’’











FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু