--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ‘গল্ডেন বয়’ নীৰজ চোপ্ৰাৰ জন্মদিন। দুখন ডাইমণ্ড লীগ, অলিম্পিকত স্বৰ্ণ পদক আৰু বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদককে ধৰি ২৫খন আন্তঃৰাষ্ট্ৰীয় খেলত ইতিহাস সৃষ্টি কৰা নীৰজ চোপ্ৰাই আজি অৰ্থাৎ ২৪ ডিচেম্বৰত ২৫ বছৰত ভৰি দিলে। দেশবাসীয়ে নীৰজক জনাইছে জন্মদিনৰ আন্তৰিক শুভকামনা। 
Olympic javelin champion Neeraj Chopra eyes 2022 World Athletics  Championships
২০১৩ চনত নীৰজে প্ৰথমবাৰৰ বাবে বিশ্ব জুনিয়ৰ এথলেটিকছৰ সৈতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। ইয়াৰ পিছত ২০১৫ চনত নীৰজে ৮২ মিটাৰ জেভেলিন নিক্ষেপ কৰি দক্ষিণ এছিয়ান গেমছত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰে। টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক জয় কৰাৰ পাছৰে পৰা বহু যুৱতীৰ নয়নৰ মণি হৈ পৰিছে নীৰজ চোপ্ৰা। বহু যুৱতীয়ে নিজৰ সপোন কোঁৱৰ বুলি অভিহিত কৰে নীৰজক।

অলিম্পিকৰ সফলতাৰ লগে লগে নীৰজৰ ছ’চিয়েল মিডিয়াতো ফ’ল’ৱাৰ দ্রুতগতিত বৃদ্ধি পালে৷ এই পদক লাভ কৰাৰ পিছৰে পৰা এতিয়ালৈকে তেওঁৰ ফেন ফ’ল’ৱাৰ ৬০ লাখৰো অধিক বৃদ্ধি পাইছে। ইনষ্টাগ্ৰামতো তেওঁ সৰ্বাধিক চৰ্চিত এথলীট।
Neeraj Chopra shatters own national record in first competition after Tokyo  Olympics gold | More sports News - Times of India
স্বৰ্ণ পদক বিজয়ী হোৱাৰ লগে লগে বিশেষকৈ মহিলা অনুৰাগীৰ মাজত নীৰজ চোপ্ৰাক লৈ যথেষ্ট উন্মাদনাৰ সৃষ্টি হৈছে। স্বৰ্ণ পদক লাভ কৰাৰ পাছতে হট ট্ৰেণ্ডত পৰিণত হ’ল নীৰজ। তেওঁক নেচনেল ক্ৰাছ বুলি কোৱা হয়। মহিলা অনুৰাগীসকল নীৰজৰ সকলো কথা জানিবলৈ আগ্ৰহী। তেওঁৰ কেৰিয়াৰ, খোৱা-বোৱা, পৰিয়াল আৰু বিশেষকৈ প্ৰেমৰ জীৱন। গুগলত তেওঁৰ প্ৰেমিকাৰ নামো সৰ্বাধিক ছাৰ্চ কৰে অনুৰাগীয়ে। কিন্তু নীৰজ চোপ্ৰাৰ প্ৰেমৰ বিষয়ে একো নাজানি হতাশ হয় অনুৰাগীসকল। 

এটা সাক্ষাৎকাৰৰ সময়ত যেতিয়া নীৰজ চোপ্ৰাক তেওঁৰ প্ৰেমিকাক লৈ অহৰহ প্ৰশ্ন কৰা হৈছিল, তেতিয়া নীৰজক বিচলিত আৰু অস্বস্তিকৰ বোধ কৰা যেন লাগিছিল। 
Neeraj Chopra Reveals He Has No Girlfriend, Says 'Focus is on My Game'
নীৰজক যেতিয়া সোধা হৈছিল যে ‘‘দেশৰ ছোৱালীবোৰ আপোনাৰ প্ৰেমত পৰিছে, সেই কথা জানি আপোনাৰ কেনে লাগিছে?’’  ইয়াৰ উত্তৰত লাজুকীয়া হাঁহি এটা মাৰি স্বৰ্ণ পদক বিজয়ীগৰাকীয়ে মাথোঁ কৈছিল, ‘‘মানুহে মানুহক ভাল পোৱাটো ভাল কথা, কিন্তু এই মুহূৰ্তত মোৰ মনোযোগ সম্পূৰ্ণৰূপে খেলৰ ওপৰত। মোৰ প্ৰেম এতিয়া মাথোঁ খেলৰ লগত।’’ 
Olympic gold medalist Neeraj Chopra admitted to Panipat hospital, under  high fever
‘বিবাহক লৈ ঘৰৰ পৰা হেঁচা আছে নেকি’ বুলিও সোধা হৈছিল নীৰজ চোপ্ৰাক? এই প্ৰশ্নৰ উত্তৰত নীৰজে কয়, ‘‘নাই, এই মুহূৰ্তত মোৰ সমগ্ৰ মনোযোগ খেলৰ ওপৰত। এইবোৰ হৈ থাকিব কিন্তু এতিয়া মই মাত্ৰ মোৰ খেলত মনোনিৱেশ কৰিব বিচাৰো।’’











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক